এইবাৰ গুৱাহাটী মহানগৰীত শ্ৰদ্ধা কাণ্ডৰ অনুৰূপ ঘটনা, স্বামী আৰু শাহুক হত্যা পৰকীয়া প্ৰেমৰ বাবে

এইবাৰ গুৱাহাটী মহানগৰীত শ্ৰদ্ধা কাণ্ডৰ অনুৰূপ ঘটনা, স্বামী আৰু শাহুক হত্যা পৰকীয়া প্ৰেমৰ বাবে

ডিজিটেল ডেস্ক : সমগ্ৰ ৰাষ্ট্ৰ কপাই তোলা শ্ৰদ্ধা কাণ্ডৰ অনুৰূপ ঘটনা সংঘটিত হ'ল গুৱাহাটী মহানগৰীত । গুৱাহাটীৰ নুনমাটিস্থিত বন্দনা কলিতাই শীতল মস্তিষ্কৰে প্ৰেমিকৰ সৈতে মিলিত হৈ হত্যা কৰিলে স্বামী আৰু শাহুক । স্বামী অমৰজ্যোতি দে' আৰু শাহু শংকৰী দে'ক অতি জঘণ্যভাৱে হত্যা কৰি মৃতদেহ দুটা খণ্ড বিখণ্ড কৰি ফ্ৰীজত ভৰাই ৰাখিছিল তিনিদিনলৈ । তাৰ পাছত মেঘালয়ৰ ডাউকি অঞ্চলত পেলাই দিছিল নিশাৰ অন্ধকাৰৰ সুযোগ লৈ ।

উল্লেখ্য যে, ২০২২ চনৰ আগষ্ট মাহৰ পৰাই নিৰুদ্দেশ হৈ আছিল স্বামী আৰু শাহু । ওচৰ চুবুৰীয়াৰ ভাষ্য অনুসৰি, ১৭ আগষ্টতেই শেষ বাৰলৈ প্ৰত্যক্ষ কৰিছিল অমৰজ্যোতি দে'ক । অৰ্থাৎ সেই সময়ছোৱাৰ ভিতৰতেই সম্ভৱত হত্যা কৰা হৈছিল দুয়োগৰাকীক ।

আনহাতে, ঘটনা সন্দৰ্ভত বন্দনা কলিতাক গ্ৰেপ্তাৰ কৰাৰ পাছতহে পোহৰলৈ আহে সম্পূৰ্ণ ঘটনা । প্ৰেমিক তথা প্ৰেমিকৰ বন্ধুৰ সহায়ত সংঘটিত কৰিছিল এই হত্যাকাণ্ড । অভিযুক্ত দুগৰাকীৰ নাম অৰূপ কলিতা আৰু ধনজিৎ ডেকা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in