/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/564cbabb-87e6-4aa3-81e9-34c6511ab733/dhubri_21.jpg)
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, ধুবুৰী চৌহদত বিশ্ব মাতৃভাষা দিৱস উদযাপন...
ডিজিটেল সংবাদ ধুবুৰী: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী গোটত আজি অতি বৰ্ণাধ্য কাৰ্যসূচীৰে বিশ্ব মাতৃভাষা দিৱস উদযাপন কৰা হয়। 'চিৰ চেনেহী মোৰ ভাষা জননী' শীৰ্ষক গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানভাগৰ আঁত ধৰে বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক স্বৰ্ণালী মণ্ডল আৰু ৰিম্পা খাতুনে।
অনুষ্ঠানত গোটৰ সমন্বয়ক ড° চন্দ্ৰকমল চেতিয়াই আৰম্ভণিতেই মাতৃভাষাৰ গুৰুত্ব সম্পৰ্কে এক আলোচনা দাঙি ধৰে। উক্ত অনুষ্ঠানভাগৰ সৈতে সংগতি ৰাখি বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° শিখামণি শৰ্মা আৰু ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড° তাপসী মজুমদাৰে মাতৃভাষাৰ প্ৰয়োজনীয়তা আৰু ধুবুৰী অঞ্চলৰ ভাষিক বৈচিত্ৰ সম্পৰ্কে এক বক্তৃতা আগবঢ়াই।
তদুপৰি উক্ত অনুষ্ঠানতে বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহাকৰী অধ্যাপক হিৰণ্য কুমাৰ বৰাই 'সাম্প্ৰতিক প্ৰেক্ষাপটত আঞ্চলিক ভাষিক ৰূপৰ সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ গুৰুত্ব' সম্পৰ্কে এক মনোজ্ঞ ভাষণ আগবঢ়ায়। লগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে টুটুমণি মণ্ডল, হাচিনা খাতুন আৰু নাজিমুল ইছলামে ধুবুৰী অঞ্চলৰ ধ্বনিতাত্ত্বিক বৈচিত্ৰ সম্পৰ্কে এক তথ্যসমৃদ্ধ আলোচনা দাঙি ধৰাৰ লগতে কাৰ্যালয় সহায়ক কৃষ্ণকান্ত ৰায় আৰু পৰমেশ্বৰ ভকতে ধুবুৰী অঞ্চলৰ লোকভাষাত প্ৰচলিত ফকৰা-যোজনা সম্পৰ্কে তথ্যসমৃদ্ধ ভাষণ দাঙি ধৰে।
ছাত্ৰ-ছাত্ৰীসকলৰ গীত-মাতেৰে জীপাল হৈ উঠা অনুষ্ঠানটি সহকাৰী অধ্যাপক ড° শিখামণি শৰ্মাৰ দ্বাৰা পৰিচালিত 'সমাৰ্থক' শীৰ্ষক এক নাটকেৰে সামৰণি পৰে ৷