অপেক্ষাতে থাকিল বিজেপি কৰ্মী, নগ'ল গৃহমন্ত্ৰীঃ মেঘালয়ত নিৰ্বাচনী প্ৰচাৰত বতৰে বাধা দিলে অমিত শ্বাহক...

অপেক্ষাতে থাকিল বিজেপি কৰ্মী, নগ'ল গৃহমন্ত্ৰীঃ মেঘালয়ত নিৰ্বাচনী প্ৰচাৰত বতৰে বাধা দিলে অমিত শ্বাহক...
অপেক্ষাতে থাকিল বিজেপি কৰ্মী, নগ'ল গৃহমন্ত্ৰীঃ মেঘালয়ত নিৰ্বাচনী প্ৰচাৰত বতৰে বাধা দিলে অমিত শ্বাহক...

ডিজিটেল সংবাদ শ্বিলংঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বাতিল কৰিলে শ্বিলঙত অনুষ্ঠিত হ'বলগীয়া তেওঁৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। প্ৰতিকূল বতৰৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব নোৱাৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে, আজি শ্বিলঙত দুখনকৈ নিৰ্বাচনী সভাত অংশলোৱাৰ কথা আছিল কেন্দ্ৰিয় গৃহমন্ত্ৰীগৰাকীৰ। ইয়াৰ পূৰ্বে তেওঁ নিৰ্ধাৰিত সূচী অনুসৰিয়েই নাগালেণ্ডত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছিল।

তাৰ পৰাই তেওঁ চিধাই শ্বিলঙলৈ যোৱাৰ কথা আছিল। কিন্তু প্ৰতিকূল বতৰৰ বাবে গুৱাহাটীত তেওঁৰ হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰাৰ বাবে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অৱশ্যে তেওঁ ফোনৰ জৰিয়তেই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱা জনসাধাৰণক তেওঁ উপস্থিত হ'ব নোৱাৰাৰ কাৰণ ব্যাখ্যা কৰে। তাৰ মাজতেই তেওঁ দুৰ্নীতিমুক্ত চৰকাৰ নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰে।

উল্লেখ্য যে শ্বিলঙৰ কাষৰীয়া গোৰ্খা ফিল্ডত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনী সভাখনৰ বাবে নিৰ্ধাৰিত সময় আছিল বিয়লি ৪ বজাত। যাৰ বাবে বিজেপি সমৰ্থকসকলে নিৰ্বাচনী প্ৰচাৰ সভাস্থলিত পূৰ্বৰে পৰা ভিৰ কৰিছিলহি।

তেওঁলোকে গৃহমন্ত্ৰীগৰাকীলৈ অপেক্ষা কৰি থকাৰ মাজতে নিৰ্ধাৰিত সময়তকৈ ১ ঘণ্টা ৪৫ মিনিট পাছত খবৰ আহে অমিত শ্বাহে নিৰ্বাচনী সভাত অংশ ল'ব নোৱাৰাৰ বিষয়ে। একেদৰে সন্ধিয়া ৬ বজাত পিন্থোৰুমখ্ৰাহৰ গল্প লিংকছৰ আন এক স্থানতো তেওঁ জনসভা সম্বোধন কৰাৰ কথা আছিল।

সেই সভাও বাতিল কৰিবলগীয়া হয়। ইফালে মেঘালয়ত প্ৰধানমন্ত্ৰী মোডীৰ সভাৰ বাবে অনুমতি নিদিয়াক লৈ সৃষ্টি হৈছে বিতৰ্ক। বিজেপিয়ে কনৰাড চাংমাই আক্ৰোশমূলক ভাৱে মোডীক ৰেলী বাহিৰ কৰাত বাধা দিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰিছে।

এই সন্দৰ্ভত কনৰাড চাংমাই স্পষ্ট কৰি কয় যে, তুৰাৰ পি এ চাংমা ক্ৰীড়া কমপ্লেক্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী জনসভাৰ অনুমতি নিদিয়াত এন পি পিৰ কোনো ভূমিকা নাই। ক্ৰীড়া বিভাগে পশ্চিম গাৰো পাহাৰ জিলা কৰ্তৃপক্ষক জনাইছে যে প্ৰধানমন্ত্ৰীৰ ৰেলীৰ বাবে অনুমতি দিব নোৱাৰি। কিয়নো ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ ধ্বংসাৱশেষে সুৰক্ষাৰ দিশটোক চিন্তনীয় কৰি তুলিব পাৰে।

অপেক্ষাতে থাকিল বিজেপি কৰ্মী, নগ'ল গৃহমন্ত্ৰীঃ মেঘালয়ত নিৰ্বাচনী প্ৰচাৰত বতৰে বাধা দিলে অমিত শ্বাহক...
বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আটক কৰিলে দুটা চাউল চোৰঃ আৰক্ষীৰ জিম্মাৰ পৰা পলাল দুয়োটা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in