/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/d205721b-1e44-499d-9293-4a25c1378d44/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিৰ চৌখাম গাঁৱত সংঘটিত হোৱা এটা চুৰি ঘটনাৰ পম খেদি ধেমাজি আৰক্ষীয়ে বৃহস্পতিবাৰে বিয়লি উদালগুৰি দলগাঁৱৰ পৰা দুজন গভাইত চোৰক গ্ৰেপ্তাৰ কৰিছে। চোৰ দুজনৰ পৰা বহু সামগ্ৰীও জব্দ কৰে আৰক্ষীয়ে। বিগত কেইমাহমানৰ পৰা ধেমাজি নগৰত সঘনাই হৈ থকা চুৰি কাৰ্যৰ মাজতে ধেমাজি আৰক্ষীয়ে তদন্ত কৰি দলগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুই চোৰক ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/9cc5ac58-e0d7-486b-96cf-678edc8798f4/ed74aa3f_59e5_4f1b_bbb7_986713114cb4.jpg)
আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি চোৰ দুটাৰ নাম হৈছে জাহাৰুল ইছলাম আৰু মহিবুল ইছলাম ৷ দুয়োজনৰে ঘৰ ৰৌতা থানাৰ অন্তৰ্গত আমিনপাৰাত। ধেমাজিৰ পৰা গৈ দলগাঁৱত গ্ৰেপ্তাৰ কৰা চোৰ দুটাৰ পৰা আৰক্ষীয়ে বহু আ-অলংকাৰ, বিদেশী টকাৰ লগতে ২১ হাজাৰ নগদ ভাৰতীয় টকা, এটা বাইন'কুলাৰ, ৯ টাকৈ মোবাইল ফোন, ১৭০টা ৰূপৰ মুদ্ৰা জব্দ কৰে। আৰক্ষীয়ে সন্দেহ কৰা মতে ধেমাজিত সংঘটিত হোৱা বহুকেইটা চুৰি কাণ্ডৰ লগত এই চোৰ দুটা জড়িত আছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/5b2b667f-d778-4a2d-ab9c-e76450ab6a8c/c4ae9300_d412_446a_9455_7a788cc4d501.jpg)
Also Read: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবদ ছেবাৰ মাচুল সংগ্ৰহ সিদ্ধান্তৰ বিৰোধিতা ‘আপ’ৰ