হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবদ ছেবাৰ মাচুল সংগ্ৰহ সিদ্ধান্তৰ বিৰোধিতা ‘আপ’ৰ

ছেবাৰ অধ্যক্ষক স্মাৰক পত্ৰ প্ৰদানেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবদ ছেবাৰ মাচুল সংগ্ৰহ সিদ্ধান্তৰ বিৰোধিতা ‘আপ’ৰ...
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবদ ছেবাৰ মাচুল সংগ্ৰহ সিদ্ধান্তৰ বিৰোধিতা ‘আপ’ৰ

ডিজিটেল ডেস্কঃ অসমৰ প্ৰায় ৪ লাখ ছাত্র-ছাত্রীয়ে অৱতীৰ্ণ হ'ব লগা ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নামত পৰীক্ষাৰ্থীৰ পৰা ২২০০ টকাকৈ সংগ্ৰহ কৰা সিদ্ধান্তক বিৰোধিতা কৰিছে আম আদমি পার্টীয়ে। দলটোৱে এই নির্দেশনা বাতিলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগৰ ওচৰত দাবী উত্থাপন কৰে।

শুকুৰবাৰে দলটোৰ প্ৰচাৰ সম্পাদক বিদ্যুৎ ৰঞ্জন দাসৰ নেতৃত্বত এটি সজাতি দলে বামুণীমৈদামস্থিত ছেবাৰ কাৰ্যালয়ত অধ্যক্ষৰ অনুপস্থিতিত সম্পাদক নৰ নাৰায়ণ নাথক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰৰ প্ৰদান কৰি সমূহ শিক্ষার্থীক বিনামূলীয়াকৈ অৱতীৰ্ণ হোৱাৰ সুযোগ দিবলৈ দাবী জনায়। “আপ”ৰ প্ৰতিনিধি দলটোৱে সংবাদ মাধ্যমৰ আগত ছেবাই বর্তমান গ্ৰহণ কৰা মাচুল বৃদ্ধিৰ সিদ্ধান্ত অনীতিমূলক আৰু এনে সিদ্ধান্তই ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব বুলি উল্লেখ কৰে।

নিৰ্বাচনৰ সময়ত বিনামূলীয়া আৰু উন্নত মানৰ শিক্ষাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰখনৰ শোচনীয় বিত্তীয় অৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ওপৰত বোজা জাপি দিবলৈ ওলোৱাটোক আম আদমি পাৰ্টীয়ে ধিক্কাৰ জনাইছে। 'আপ'ৰ প্রতিনিধি দলটোত যুব শক্তিৰ সভাপতি ৰুদ্রাংকুৰ হাজৰিকা, মিতালী, ইনজা আলী উপস্থিত আছিল।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবদ ছেবাৰ মাচুল সংগ্ৰহ সিদ্ধান্তৰ বিৰোধিতা ‘আপ’ৰ
মহানগৰীত মঙলদৈ আৰক্ষীৰ জালত ৭ চাইবাৰ অপৰাধী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in