কেবিনেট বৈঠকত কিয় হ’ল উত্তপ্ত পৰিস্থিতি…

কেবিনেট বৈঠকত কিয় হ’ল উত্তপ্ত পৰিস্থিতি…

author-image
asomiyapratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ লকডাউনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সোমবাৰে আয়োজন কৰা কেবিনেট বৈঠকত বহু কেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ৰাজ্যৰ বিত্তীয় শৃংখলাৰ সন্দৰ্ভত এলানী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

Advertisment

মুলতঃ অৰ্থনৈতিক সংকট জোৰা মাৰিবলৈ কৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। এক সূত্ৰই সদৰী কৰা মতে, সুৰাৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰিবলৈ সাজু হৈছে চৰকাৰ। ২০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰা হ'ব পাৰে সুৰাৰ মূল্য।

ইয়াৰ লগতে বিভিন্ন বিভাগৰ ব্যয় কৰ্তন কৰিবলৈও চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। মঙলবাৰে বিত্তীয় শৃংখলা সন্দৰ্ভত ৰাজ্য চৰকাৰে এলানী ঘোষণা কৰিব। ইফালে, এই কেবিনেট বৈঠকত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়।

মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই মৰিগাঁৱত লকডাউনৰ সময়ত ভ্ৰমণ কৰি শিশুগৃহত খাদ্য সামগ্ৰী আৰু অন্যান্য দিশ চোৱাচিতা কৰিছিল। মুখ্যমন্ত্ৰীয়েও বিচাৰিছিল এই সময়চোৱাত সক্ৰিয় হওঁক প্ৰতিগৰাকী মন্ত্ৰী। এক সূত্ৰই জানিবলৈ দিয়া মতে, মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই মৰিগাৱলৈ যোৱাক লৈ কেবিনেটত প্ৰতিবাদ কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই।

নিষিদ্ধ এলেকাত সমাজ কল্যাণ মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগক খবৰ নিদিয়াকৈ কেনেকৈ গ'ল বুলি কেবিনেটত বিষয়টো উত্থাপন কৰোতে প্ৰমীলা ৰাণী ব্ৰহ্ময়ো এগৰাকী মন্ত্ৰী হিচাপে তেওঁ দায়িত্ব পালন কৰিবলৈ যোৱা কথা উল্লেখ কৰে। ইয়াকে লৈ দুয়োৰে মাজত কথা কটা-কটিও হয়।

ইফালে, বিটিএডিত সময়সীমা বৃদ্ধি নকৰি কি কাৰণত তাত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰা হ'ব বুলিও কেবিনেট বৈঠকত বিপিএফৰ মন্ত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিলে। এই বিষয়টোক কেন্দ্ৰ কৰিও এক প্ৰকাৰৰ উত্তপ্ত হয় সোমবাৰৰ কেবিনেট বৈঠক।

কেবিনেট বৈঠকৰ অন্তত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱসমূহ সদৰী কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ৰেড জনত এগৰাকী মন্ত্ৰীৰ প্ৰৱেশক লৈ হোৱা বাকবিতণ্ডাৰ মাজতে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসকলক সতৰ্ক হ'বলৈও নিৰ্দেশ দিয়ে।

আন এক সূত্ৰই মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম কোৱাৰেন্টাইনত যাব লগা হ'ব পাৰে বুলিও সম্ভাৱনা ব্যক্ত কৰিছে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ সৈতে যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও, তেওঁ এই বিষয়ে কোনো কথা ক'বলৈ অস্বীকাৰ কৰে।