/asomiyapratidin/media/media_files/2025/05/30/7ubjgHFV98NquooaVYwM.jpg)
সৰ্বকালৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে ভাৰতৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন
ডিজিটেল ডেস্কঃ ভাৰতৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন ২৫ বিত্তীয় বৰ্ষত হৈছেগৈ ১.৪৬ ট্ৰিলিয়ন। এই পৰিসংখ্যাই সৰ্বকালৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে সদৰি কৰে এই তথ্য। উল্লেখযোগ্য যে, ২৪ বিত্তীয় বৰ্ষত ইয়াৰ উৎপাদন আছিল ১.২৭ ট্ৰিলিয়ন। এই বিত্তীয় বৰ্ষত বিগত বৰ্ষৰ তুলনাত ১৪ শতাংশ বৃদ্ধি পাইছে।
আনহাতে, ৰাজনাথ সিঙে ব্যক্তিগত খণ্ডৰ অৱদানৰ ওপৰতো আলোকপাত কৰে। লগতে উদ্যোগ খণ্ডৰ নেতাসকলক সম্বোধন কৰি উল্লেখ কৰে যে, "মঙলবাৰে অনুমোদিত এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট (এএমচিএ) প্ৰগ্ৰেম এক্সিকিউশ্যন মডেলৰ অধীনত প্ৰথমবাৰৰ বাবে ব্যক্তিগত খণ্ডই ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহৰ সৈতে এটা বৃহৎ প্ৰতিৰক্ষা প্ৰকল্পত অংশগ্ৰহণ কৰাৰ সুযোগ পাব।" ‘এএমচিএ প্ৰকল্পৰ অধীনত পাঁচটা প্ৰ’ট’টাইপ প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰা হৈছে, যাৰ পিছত ছিৰিজ প্ৰডাকচন হ’ব বুলিও তেওঁ লগতে সদৰি কৰে।
ইফালে ভাৰতৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে উত্থান অতি গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। দেশৰ বৃদ্ধিৰ ক্ষেত্ৰত প্ৰতিৰক্ষা খণ্ডৰ উল্লেখযোগ্য ভূমিকাকো আলোকপাত কৰে ৰাজনাথ সিঙে। তেওঁ লগতে কয়, "দহ-এঘাৰ বছৰৰ আগতে আমাৰ প্ৰতিৰক্ষা উৎপাদন আছিল প্ৰায় ৪৩,০০০ কোটি। আজি ই ১.৪৬ ট্ৰিলিয়নৰ অভিলেখ পৰিসংখ্যা অতিক্ৰম কৰিছে, যত ব্যক্তিগত খণ্ডৰ অৱদান ৩২,০০০ কোটিতকৈ অধিক।' আমাৰ অস্ত্ৰ-শস্ত্ৰ, ব্যৱস্থা, উপ-ব্যৱস্থা, উপাদান, আৰু সেৱাসমূহ আজি প্ৰায় ১০০খন দেশত উপনীত হৈছে।”