গৰু চোৰক জামিনত মুকলি কৰি দিয়াক লৈ ৰৌমাৰী আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি..

গৰু চোৰক জামিনত মুকলি কৰি দিয়াক লৈ ৰৌমাৰী আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি..

author-image
Asomiya Pratidin
New Update
গৰু চোৰক জামিনত মুকলি কৰি দিয়াক লৈ ৰৌমাৰী আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি..

গৰু চোৰক জামিনত মুকলি কৰি দিয়াক লৈ ৰৌমাৰী আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি..

ডিজিটেল সংবাদ চিৰাংঃ তিনি গভাইত গৰু চোৰক প্ৰথমে গ্ৰেপ্তাৰ আৰু তাৰ পাছত জামিনত এৰি দিয়াক কেন্দ্ৰ চিৰাঙৰ কাজলগাঁও থানাৰ ৰৌমাৰী আৰক্ষী চকীত আজি বিয়লিৰ ভাগত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰু এই বিষয়টো লৈ একাংশ গৰু চুৰি হোৱা গৃহস্থই আৰক্ষীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হোৱা পৰিলক্ষিত হয় ।

Advertisment

অভিযোগ অনুসৰি কাজলগাঁও থানাৰ ৰৌমাৰী আৰক্ষী চকীৰ অন্তৰ্গত কেইবাখনো গাঁৱত দীৰ্ঘদিনৰ পৰা গৰু চুৰি হোৱাৰ ঘটনা সংঘটিত হৈ আছিল। ভুক্তভোগী ৰাইজে এই সংক্ৰান্তত ৰৌমাৰী আৰক্ষী চকীত অভিযোগ দাখিল কৰিছিল ।

বৃহস্পতিবাৰ নিশা ৰৌমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অমৰ কুণ্ডুয়ে ওচমান গণি (৪০), শ্বাহ আলম (২৮) আৰু মইনাল হুছেইন নামৰ তিনি গৰু চোৰক আটক কৰিছিল আৰু আজি দুপৰীয়াৰ ভাগত চোৰ কেইজনক জামিনত মুকলি কৰি দিয়ে। এই খবৰ লাভ কৰাত বিয়লিৰ ভাগত ভুক্তভোগী লোকসকলে ৰৌমাৰী আৰক্ষী চকীৰ সন্মুখত আহি ভিৰ কৰে।

ভুক্তভোগী লোকসকলে কি কাৰণত গৰু চোৰ কেইজনক জে'ললৈ প্ৰেৰণ কৰা পৰিৱৰ্তে জামিনত এৰি দিলে বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক প্ৰশ্ন কৰে । ইয়াকে লৈ আৰক্ষী বিষয়া আৰু ৰাইজৰ মাজত তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হয় ।

খবৰ লাভ কৰি সংবাদ মাধ্যমৰ লোক আৰক্ষী চকীত উপস্থিত হোৱাত ভুক্তভোগী ৰাইজে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে যে, গৰু চোৰ কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত জে'ললৈ প্ৰেৰণ কৰাৰ পৰিৱৰ্তে জামিনত মুকলি কৰি দিলে। ইয়াৰ আঁৰত কিবা ৰহস্য লুকাই আছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে?

এই সন্দৰ্ভত ৰৌমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰ কুণ্ডুয়ে কয়, এই চোৰ কেইজনক কালি আটক কৰাৰ পিছত তেওঁলোকৰ বিৰুদ্ধে কাজলগাঁও থানাত ৫৬/২৩ নং গোচৰ ৰুজু কৰি ৩৭৯/৪১১ ধাৰাত গ্ৰেপ্তাৰ কৰি আজি কাজলগাঁও ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হৈছিল। কিন্তু আদালতে জামিনযোগ্য ধাৰা হোৱা হেতুকে অভিযুক্ত কেইজনক থানাৰ পৰাই জামিন দিবলৈ নিৰ্দেশ দিয়ে ।

সেইমতে কাজলগাঁও থানাৰ পৰা আৰক্ষীয়ে অভিযুক্ত কেইজনক জামিনত মুকলি কৰি দিয়ে বুলি আৰক্ষী ফালৰ পৰা সদৰি কৰে । কিন্ত ৰাইজে আৰক্ষীৰ এই ভাষ্য সহজভাৱে মানি ল'ব পৰা নাই ।

Also Read: বাক্সাত অভাৰল'ডিং ডাম্পাৰৰ বিৰুদ্ধে অভিযান: ২৪ লাখৰো অধিক জৰিমণা সংগ্ৰহ...

বাক্সা অসম আৰক্ষী