বাক্সাত অভাৰল'ডিং ডাম্পাৰৰ বিৰুদ্ধে অভিযান: ২৪ লাখৰো অধিক জৰিমণা সংগ্ৰহ...

বাক্সাত অভাৰল'ডিং ডাম্পাৰৰ বিৰুদ্ধে অভিযান: ২৪ লাখৰো অধিক জৰিমণা সংগ্ৰহ...

author-image
Asomiya Pratidin
New Update
বাক্সাত অভাৰল'ডিং ডাম্পাৰৰ বিৰুদ্ধে অভিযান: ২৪ লাখৰো অধিক জৰিমণা সংগ্ৰহ...

বাক্সাত অ'ভাৰল'ডিং ডাম্পাৰৰ বিৰুদ্ধে অভিযান: ২৪ লাখৰো অধিক জৰিমণা সংগ্ৰহ...

ডিজিটেল সংবাদ মুছলপুৰঃ বাক্সা জিলা পৰিবহণ বিভাগে বিগত সময়ত চলোৱা অভিযানত লাভ কৰিছে যথেষ্ট সাফলতা। বাক্সা জিলা পৰিবহণ বিভাগে বিগত সময়ত জিলাখনৰ মুছলপুৰ, তামুলপুৰ, গোৰেশ্বৰ, শালবাৰী আদি ঠাইত অভাৰল'ডিং ডাম্পাৰৰ বিৰুদ্ধে অভিযান চলায় ৷

উক্ত অভিযানত ১৭০ খন অভাৰল'ডিং ডাম্পাৰ জব্দ কৰাৰ লগতে এইসমূহ ডাম্পাৰৰ পৰা ২৪,৬৬,০০০ টকা জৰিমনা সংগ্ৰহ কৰা বুলি জিলা পৰিবহণ বিষয়া আছিফ আহমেদে জানিবলৈ দিয়ে ৷ নতুন বিত্তীয় বৰ্ষৰ এপ্ৰিল মাহত ১৬ খন অভাৰলডিং ডাম্পাৰৰ বিৰুদ্ধে অভিযান চলায় আৰু এইসমূহ ডাম্পাৰৰ পৰা ৭,৫৬,০০০ টকা জৰিমনা সংগ্ৰহ কৰে ৷

এতিয়া এনেদৰেই অভাৰল'ডিং ডাম্পাৰৰ জৰিমনা সংগ্ৰহ কৰিবলৈ ককালত টঙালি বান্ধিছে বাক্সা জিলা পৰিবহণ বিভাগে

Also Read: তুলনীয়া কন্যাক নিৰ্যাতনঃ চিকিৎসক দম্পত্তি ডাঃ সংগীতা দত্ত আৰু ৱালিউল ইছলামক আটক...

পৰিবহন বিভাগ বাক্সা