অসম

এদিন পূৰ্বে সংবাদ মেলত মুখ্যমন্ত্ৰীক বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হ'বলৈ আহ্বান, দ্বিতীয় দিনা গ্ৰেপ্তাৰ সংগঠনৰ ছাত্ৰনেতা

Asomiya Pratidin

ডিজিটেল ডেস্ক : অসম দেশৰ বিষম কাহিনী । এদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাল্য বিবাহৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনায় আৰু কঠোৰ হ'বলৈ আহ্বান জনাইছিল আমছুৱে । সংগঠনটিৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতিয়ে ২০১৭ চনৰ পৰাই বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈও বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই অহা বুলিও জনাই এক সাক্ষাৎকাৰত ।

এই ক্ষেত্ৰত বহু বাধা লাভ কৰাৰ পাছতো স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগিতাত এতিয়ালৈ তিনি সহস্ৰাধিকৰো অধিক বাল্য বিবাহ ৰোধ কৰা বুলিও জানিবলৈ দিছিল এটি সংবাদ মাধ্যমক ।  সংগঠনটিৰ এই পদক্ষেপ আছিল সচাকৈয়ে প্ৰশংসনীয় । কিন্তু শনিবাৰে বিয়লি অহা এক বাতৰিয়ে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যতেই ।

সংগঠনটিৰ এক শীৰ্ষ নেতাক আটক কৰা হ'ল বাল্য বিবাহৰ বাবেই । ১৬ বছৰীয়া কিশোৰীক বিয়া পতাৰ বাবে আৰক্ষীয়ে লখিমপুৰৰ পৰা আটক কৰে শীৰ্ষ নেতা গৰাকীক । এই নেতা গৰাকী হৈছে আমছুৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি আনাৰুল ইছলাম ।

এতিয়া প্ৰশ্ন হয়, সংগঠনটিৰ সদস্যসকলে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই অহাৰ পাছতো কিদৰে দলটিৰেই কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতিৰ এই অপৰাধ আওকান কৰিব পাৰে সংগঠনটিয়ে ! সংগঠনটিৰ সদস্য সকলকেই বাল্য বিবাহৰ বিৰুদ্ধে সচেতন নকৰালৈকে কিদৰে সমাজত ৰোধ কৰিব পৰা যাব এই কুপ্ৰথা ?