/asomiyapratidin/media/media_files/2024/12/21/lwk5hiK8OxZ53LFvvwrY.jpeg)
ডিজিটেল ডেস্ক: এই বিষয়ে সকলো জ্ঞাত যে আমলখি আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী। আমলখিয়ে ছাল আৰু চুলি স্বাস্থ্যৱান কৰি ৰখাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। আমলখিক প্ৰকৃততে শীতকালৰ ছুপাৰফুড বুলি বিবেচনা কৰা হয়। ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ এইবিধ ফল আমাৰ শৰীৰৰ বাবে বিভিন্ন ধৰণে উপকাৰী।
আমলখিৰ উপকাৰিতা
ছালৰ বাবে সৰ্বশ্ৰেষ্ঠ
আমলখি হৈছে ভিটামিন চি-ৰ এক উৎকৃষ্ট উৎস, যিয়ে এক শক্তিশালী এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে। ই ছালৰ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো মুক্ত ৰেডিকেলৰ পৰা সুৰক্ষিত কৰি লেহেম কৰে। ছাল টান আৰু উজ্জ্বল কৰা কোলাজেন উৎপাদনত আমলখিয়ে সহায় কৰে। ই কোঁচ খোৱা ছালৰ সমস্যা হ্ৰাস কৰাৰ লগতে ছালৰ স্থিতিস্থাপকতাও বজাই ৰাখে। শীতকালত আমলখিয়ে ছালৰ আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে আৰু শুষ্কতা হ্ৰাস কৰে। নিয়মীয়াকৈ আমলখি খালে মুখৰ ডাঠ দাগ, শালমইনা আৰু ছালৰ অন্যান্য দাগ নাইকিয়া হয়।
চুলিৰ যত্নত সহায়ক
আমলখি চুলিৰ বাবে আশীৰ্বাদতকৈ কম নহয়। শীতকালত ঠাণ্ডা আৰু শুষ্কতাৰ বাবে চুলি দুৰ্বল হৈ ফাটিবলৈ আৰু ছিঙিবলৈ আৰম্ভ কৰে। কিন্তু আমলখিয়ে চুলিৰ গুৰিত পুষ্টি প্ৰদান কৰি শক্তিশালী কৰে। ইয়াত থকা এণ্টিঅক্সিডেণ্টবোৰে চুলিক ক্ষতি কৰা মুক্ত ৰেডিকেলৰ পৰা সুৰক্ষিত কৰে।আমলখিৰ ৰসে মূৰৰ ছাল হাইড্ৰেটেড ৰাখে, যিয়ে উফিৰ সমস্যা হ্ৰাস কৰে। ইয়াৰ ব্যৱহাৰে চুলি শক্তিশালী আৰু ডাঠ কৰাৰ লগতে চুলিক এক প্ৰাকৃতিক উজ্জ্বলতাও প্ৰদান কৰে।তদুপৰি, আমলখিয়ে চুলিৰ বিকাশ ত্বৰান্বিত কৰি চুলিক স্বাস্থ্যৱান কৰি ৰাখে।
হজম-ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে উপকাৰী
শীতকালত ঠাণ্ডাই আমাৰ পাচন তন্ত্ৰকো প্ৰভাৱিত কৰে।এই সময়ছোৱাত তুলনামূলকভাৱে আমাৰ হজম শক্তি হ্ৰাস কৰে। আমলখিয়ে এই সমস্যা দূৰ কৰাত আপোনাক সহায় কৰিব পাৰে। কিয়নো ইয়াত থকা আঁহে হজম স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰে। ই বদহজম এচিডিটি আৰু পেট সম্পৰ্কীয় অন্যান্য সমস্যাও সমাধান কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাতো আমলখি অত্যন্ত লাভজনক। ই ভিটামিন চি সমৃদ্ধ, যিয়ে শৰীৰক চৰ্দি, কাহ আৰু ফ্লুৰ দৰে সাধাৰণ ৰোগৰ সৈতে যুঁজ দিয়াত সহায় কৰে। নিয়মীয়াকৈ আমলখি খালে শৰীৰক বিষমুক্ত কৰে আৰু শক্তিৰ স্তৰ বজাই ৰাখে। ই শীতকালত শৰীৰটো ভিতৰৰ পৰা গৰম কৰি ৰখাতো সহায় কৰে।
সেয়েহে, আমলখিক আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰক আৰু ইয়াৰ লাভালাভ উপভোগ কৰক। নিয়মীয়া আমলখি খোৱাটোছাল আৰু চুলিৰ বাবে অলৌকিক বুলি প্ৰমাণিত হ'ব পাৰে।
Also Read: ৰ’দ লোৱাৰ সঠিক সময় কি জানেনে ?