কোষ্ঠকাঠিন্যকে ধৰি বহু স্বাস্থ্য সমস্যাৰ সমাধান দিয়ে আমলখিয়ে

আমলখি স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম, আইৰণ আৰু ভিটামিন-চি থাকে।যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে ছাল-চুলিৰ সমস্যাও সমাধান কৰে।আমলখিয়ে ঋতুগত শাৰীৰিক সমস্যাবোৰো দূৰ কৰে। যাৰ বাবে শীতকালত আমলখি খোৱাটো শৰীৰৰ বাবে খুব দৰকাৰী বুলি গণ্য কৰা হয়।

author-image
Asomiya Pratidin
New Update
কোষ্ঠকাঠিন্যকে ধৰি বহু স্বাস্থ্য সমস্যাৰ সমাধান দিয়ে আমলখিয়ে

ডিজিটেল ডেস্ক: আমলখি স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম, আইৰণ আৰু ভিটামিন-চি থাকে।যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে ছাল-চুলিৰ সমস্যাও সমাধান কৰে।আমলখিয়ে ঋতুগত শাৰীৰিক সমস্যাবোৰো দূৰ কৰে। যাৰ বাবে শীতকালত আমলখি খোৱাটো শৰীৰৰ বাবে খুব দৰকাৰী বুলি গণ্য কৰা হয়। আজি আমলখি খোৱাৰ লাভালাভবোৰৰ বিষয়ে জানো আহক-

Advertisment

কোষ্ঠকাঠিন্য দূৰ কৰে

আমলখি খালে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয়।সেয়েহে, কোষ্ঠকাঠিন্যৰ পৰা বাচি থাকিবলৈ  আপুনি আপোনাৰ আহাৰত আমলখি অন্তৰ্ভুক্ত কৰিব পাৰে। ই আপোনাৰ পাচন তন্ত্ৰক দীৰ্ঘসময়ৰ বাবে স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।

শৰীৰটো ডিটক্স কৰে 

আমলখি খোৱাটোৱে শৰীৰক বিষমুক্ত কৰাত সহায় কৰে। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত আৰু শৰীৰটো স্বাস্থ্যৱান ৰখাত সহায় কৰে। নিয়মীয়াকৈ আমলখি খোৱাটোৱে চৰ্দি আৰু কাহৰ পৰাও সকাহ দিয়ে।

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে 

আপুনি শীতকালত ঋতুগত ৰোগৰ আশংকা  দূৰ কৰিবলৈ আমলখি খাব পাৰে। ইয়াত ভিটামিন-চি পোৱা যায়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। আমলখি খোৱাৰ ফলত শৰীৰত সোনকালে ঠাণ্ডা নালাগে।

ভাইৰেল ৰোগৰ পৰা সুৰক্ষা দিয়ে 

আমলখিত যথেষ্ট পৰিমাণৰ ভিটামিন-চি থাকে। সেয়েহে, আপুনি ভাইৰেল ৰোগ প্ৰতিৰোধ কৰিবলৈ আমলখি খাব পাৰে। শীতকালত ভাইৰেল ৰোগৰ আশংকা যথেষ্ট বৃদ্ধি হয়। এনে পৰিস্থিতিত আমলখি খোৱাৰ ফলত শৰীৰৰ বিপাক বৃদ্ধি হয় আৰু বেক্টেৰিয়াজনিত ৰোগৰ পৰা শৰীৰক সুৰক্ষিত কৰি ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

ছাল-চুলিৰ বাবে উপকাৰী 

শীতকালত আমলখি খোৱাটো স্বাস্থ্যৰ লগতে ছাল আৰু চুলিৰ বাবে আশীৰ্বাদতকৈ কম নহয়। শীতকালত, ছাল-চুলি স্বাভাৱিকভাৱেই শুকান হৈ পৰে। এনে পৰিস্থিতিত, আপুনি আমলখি খাই চুলি শক্তিশালী কৰাৰ লগতে উফিৰ সমস্যা আঁতৰ কৰিব পাৰে। নিয়মীয়াকৈ আমলখি  খোৱাটোৱে ছালত পৰা বয়স বৃদ্ধিৰ চিহ্নবোৰো আঁতৰ কৰে। 

Also Read: অগনন স্বাস্থ্য সমস্যাৰ সমাধান দিয়ে পুষ্টিৰে ভৰপুৰ ধনিয়া পাতে