আমলখি সকলোৰে স্বাস্থ্যৰ বাবে উপযোগী নহয়

আমলখি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।এইবিধ ফল ভিটামিন চি-ৰ এক উৎকৃষ্ট উৎস।যিয়ে আমাৰ চুলিৰ পৰা ছাললৈকে পুষ্টি যোগান ধৰে।কিন্তু সকলো লোকে আমলখি খাব নোৱাৰে।

author-image
Asomiya Pratidin
New Update
আমলখি সকলোৰে স্বাস্থ্যৰ বাবে উপযোগী নহয়

who should not eat gooseberry

ডিজিটেল ডেস্ক: আমলখি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।এইবিধ ফল ভিটামিন চি-ৰ এক উৎকৃষ্ট উৎস।যিয়ে আমাৰ চুলিৰ পৰা ছাললৈকে পুষ্টি যোগান ধৰে।কিন্তু আপুনি জানি হয়তো আচৰিত হ'ব যে সকলো লোকে আমলখি খাব নোৱাৰে। কিয়নো আমলখি তেওঁলোকৰ বাবে উপকাৰী নহয়।হয়, কিছুমান লোকে কেৱল  চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে আমলখি খাব পাৰে।কোন ব্যক্তিৰ বাবে আমলখি উপকাৰী নহয়, আজি জানো আহক-

Advertisment

পেটৰ সমস্যা থকা লোক

যদি আপুনি পাকস্থলীৰ গেছ, এচিডিটি, পেটৰ বিষত আক্ৰান্ত, তেন্তে আমলখি বা আমলখিৰ ৰস আপোনাৰ শৰীৰৰ বাবে উপযুক্ত নহয়।আমলখিত থকা এচিডে আপোনাৰ পেটৰ সমস্যা অধিক বৃদ্ধি কৰিব পাৰে।সেয়েহে, এনে লোকসকলে চিকিৎসকৰ পৰামৰ্শ লৈহে আমলখি খাব।

ৰক্ত শৰ্কৰাৰ স্তৰৰ সমস্যা

ডায়েবেটিক ৰোগীৰ বাবে আমলখি বা আমলখিৰ ৰস এক প্ৰাকৃতিক প্ৰতিকাৰ হ'ব পাৰে, কিন্তু ইয়াৰ অত্যাধিক খোৱাৰ ফলত ৰক্ত শৰ্কৰাৰ স্তৰ হঠাতে সলনি হ'ব পাৰে।সেয়েহে, ডায়েবেটিচ ৰোগত আক্ৰান্ত লোকসকলে চিকিৎসকৰ পৰামৰ্শ লৈ সীমিত পৰিমাণতহে আমলখি খাব লাগে। 

গৰ্ভৱতী মহিলা

গৰ্ভাৱস্থাৰ সময়ত আমলখি খোৱাৰ আগতে এবাৰ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।আমলখিত কিছুমান উপাদান থাকিব পাৰে, যিয়ে গৰ্ভধাৰণত অপ্ৰয়োজনীয় প্ৰভাৱ পেলাব পাৰে। 

তেজ পাতল হোৱাৰ ঔষধ খোৱাসকল

যদি আপুনি তেজ পাতল হ'বলৈ ঔষধ গ্ৰহণ কৰি আছে, তেন্তে আমলখি আপোনাৰ বাবে উপযোগী নহয়। আমলখিত কিছুমান গুণা-গুণ আছে, যিয়ে তেজ পাতল কৰিব পাৰে আৰু ইয়াৰ ফলত ৰক্তক্ষৰণৰ সমস্যা হ'ব পাৰে।

আয়’ডিনৰ অভাৱ থকা লোক

আমলখিয়ে আয়’ডিন শোষণত প্ৰভাৱিত কৰিব পাৰে। যদি আপোনাৰ আয়’ডিনৰ অভাৱ হৈছে বা থাইৰইডৰ সমস্যাৰ সন্মুখীন হৈছে, আমলখিৰ ৰস খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

এলাৰ্জিৰ দ্বাৰা প্ৰভাৱিত লোক

কিছুমান লোকৰ আমলখিৰ প্ৰতি এলাৰ্জি থাকে।যদি আপোনাৰো আমলখিৰ সৈতে সম্পৰ্কিত কোনো এলাৰ্জিক প্ৰতিক্ৰিয়া আছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।

Also Read: ব্যায়াম কৰাৰ আগতে ভুলতো নাখাব এই খাদ্য