নাৰী মুক্তিৰ কথাৰে কাৰাগাৰৰ বাসিন্দা হোৱা যুৱতীলৈ ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল...

নাৰী মুক্তিৰ কথাৰে কাৰাগাৰৰ বাসিন্দা হোৱা যুৱতীলৈ ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল...

author-image
Asomiya Pratidin
New Update
নাৰী মুক্তিৰ কথাৰে কাৰাগাৰৰ বাসিন্দা হোৱা যুৱতীলৈ ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল...

নাৰী মুক্তিৰ কথাৰে কাৰাগাৰৰ বাসিন্দা হোৱা যুৱতীলৈ ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল...

ডিজিটেল ডেস্কঃ নাৰী স্বাধীনতাৰ হকে যুঁজ দি, মানৱতা আৰু ব্যক্তি স্বাধীনতাৰ হকে মাত মাতি কাৰাগাৰৰ বাসিন্দা হোৱা যুৱতীলৈ আহিল স্বীকৃতি। কাৰাগাৰত থকাৰ সময়তে তেওঁৰ নাম ঘোষণা কৰা হ’ল শান্তিৰ নোবেল বঁটাৰ বাবে।  

Advertisment

আজি ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা। এইবাৰ এই বঁটা আগবঢ়োৱা হৈছে ইৰাণৰ যুৱতী সমাজকৰ্মী নাৰ্গেছ মহম্মদিলৈ। শুকুৰবাৰে এই বিষয়ে ঘোষণা কৰিলে আন্তঃৰাষ্ট্ৰীয় নোবেল কমিটিয়ে।

উল্লেখ্য যে, নিজ দেশৰ মহিলাৰ ওপৰত চলা নিৰ্যাতনৰ বাবে তেওঁ যুঁজি আহিছিল। মানৱ অধিকাৰ আৰু ব্যক্তি স্বাধীনতাৰ বিৰুদ্ধে তেওঁ মাত মাতি আহিছে।

এই সন্দৰ্ভত এক্সৰ জৰিয়তে নোবেল কমিটীয়ে উল্লেখ কৰিছে, মানুহৰ স্বাৰ্থৰ বাবে এই সাহসী যুঁজত তেওঁ অনেক মূল্য পৰিশোধ কৰিবলগীয়া হৈছে। নাৰী স্বাধীনতাৰ বাবে যুঁজ কৰাৰ বাবে ইৰাণ চৰকাৰে নাৰ্গেছক ১৩ বাৰকৈ গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ৫ বাৰ দোষী সাব্যস্ত কৰা হৈছে। তেওঁক ৩১ বছৰৰ শাস্তি বিহিছে ইৰাণ চৰকাৰে। বৰ্তমান তেওঁ কাৰাগাৰত আছে।

Also Read: ঘোষণা হ'ল ২০২৩ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা

Also Read: আমেৰিকা, জাৰ্মানী আৰু চুইডেনৰ ৩ বিজ্ঞানীলৈ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা...

Also Read: জন ফ'জেলৈ ২০২৩ চনৰ সাহিত্যৰ ন'বেল বঁটা...

শান্তিৰ নোবেল