
ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা। ৩গৰাকী প্ৰসিদ্ধ বিজ্ঞানীলৈ যৌথভাৱে আগবঢ়োৱা হৈছে এই সন্মান। বিজ্ঞানী ৩গৰাকী হ'ল ক্ৰমে- মউংগি জি বাৱেন্দি, লুই ই ব্রুছ আৰু এলেক্সি আই একিমভ। কোৱাণ্টাম ডট্ছৰ উদ্ভাৱন আৰু সংশ্লেষণৰ বাবে এইবাৰৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হয় আটাইকেইজনক।
উল্লেখ্য যে, মঙলবাৰৰ দিনা ঘোষণা কৰা হৈছিল চলিত বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ীৰ নাম। পদাৰ্থ বিজ্ঞানতো মুঠ ৩গৰাকী বিজ্ঞানীক ইলেক্ট্ৰন ডাইনেমিক্সৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে নোবেল বঁটা প্ৰদানৰ ঘোষণা কৰা হয়। পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী কেইজনৰ নাম হ'ল ক্ৰমে- পিয়েৰ এগোষ্টিনি, ফেৰেংক ক্ৰাউছ আৰু এনি ল'অইলিয়াৰ।