/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1327eea1-e073-4073-9303-aa0955d5d526/nobel_03.jpg)
আমেৰিকা, জাৰ্মানী আৰু চুইডেনৰ ৩ বিজ্ঞানীলৈ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা...
ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ'ল চলিত বৰ্ষৰ পদাৰ্থবিজ্ঞানৰ নোবল বিজয়ীৰ নাম। মুঠ ৩ জন বিজ্ঞানীক এইবাৰ ইলেক্ট্ৰন ডাইনেমিক্সৰ ক্ষেত্ৰত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে আগবঢ়োৱা হৈছে নোবেল বঁটা।
তেওঁলোক ক্ৰমে পিয়েৰ এগোষ্টিনি, ফেৰেংক ক্ৰাউছ আৰু এনি ল'অইলিয়াৰ। ইয়াৰে পিয়েৰ এগোষ্টিনি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক। ফেৰেংক ক্ৰাউছ জাৰ্মানীৰ আৰু এনি ল'অইলিয়াৰ চুইডেনৰ নাগৰিক।
এই বিজ্ঞানী কেইজনক আগবঢ়োৱা পদাৰ্থৰ নোবেল বঁটাৰ সৈতে ভাৰতীয় টকাৰ হিচাপত প্ৰায় ৮৩ কোটি টকা প্ৰদান কৰিব। উল্লেখ্য যে, সোমবাৰৰ পৰা নোবেল কমিটীয়ে চলিত বৰ্ষৰ নোবেল বঁটাসমূহ ঘোষণা কৰিবলৈ আৰম্ভ কৰিছে।
সোমবাৰে চিকিৎসাশাস্ত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এইবাৰৰ চিকিৎসা বিজ্ঞানৰ নোবোল বঁটা আগবঢ়োৱা হৈছে মাৰ্কিন বিজ্ঞানী কাটলিন কাৰিকো আৰু ড্ৰু ৱেইছমেনলৈ। ক'ভিড মহামাৰীৰ সময়ত মানৱদেহত প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাৰ বাবে তেওঁলোকে যি প্ৰতিষেধক তৈয়াৰ কৰিছিল সেই প্ৰতিষেধকৰ বাবে তেওঁলোকলৈ আগবঢ়োৱা হৈছে এই বঁটা।
Also Read: কি কি অপৰাধ কৰিছিল শিৰোনাম অসম আৰু বৰ্ণালী অসমে?- আলফাই দিলে বিবৃতি...