জন ফ'জেলৈ ২০২৩ চনৰ সাহিত্যৰ ন'বেল বঁটা...

জন ফ'জেলৈ ২০২৩ চনৰ সাহিত্যৰ ন'বেল বঁটা...

ডিজিটেল ডেস্কঃ নৰৱেৰ নাট্যকাৰ, ঔপন্যাসিক আৰু কবি জন ফ'জেলৈ ২০২৩ চনৰ সাহিত্যিকৰ নবেল বঁটা। চুইডিছ একাডেমীৰ নবেল সমিতিয়ে বৃহস্পতিবাৰে এই নৱেল বঁটা ঘোষণা কৰে। জন ফ'জে তেওঁৰ নাটক আৰু গদ্যৰ বাবে এই বঁটা লাভ কৰে। তেওঁ লিখনিৰ জৰিয়তে সমাজৰ হৈ মাত মাতি আহিছে।

যিসকলে লোকে তেওঁলোকৰ গৱেষণা, সেৱা বা সাহিত্যৰ জৰিয়তে মানৱজাতিক উপকৃত কৰিছে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়। সাহিত্যৰ উপৰিও এই বঁটা ঔষধ, ৰসায়ন বিজ্ঞান, শান্তি, অৰ্থনীতি আৰু পদাৰ্থ বিজ্ঞান ৰ শ্ৰেণীত প্ৰদান কৰা হয়।

নাট্যকাৰ হিচাপে জন ফছে ১৯৯৯ চনত তেওঁৰ নাটক 'নকন কেজেম টিল এ কাম' ৰে সফলতা লাভ কৰিছিল। পৃথিৱীত বেছি প্ৰদৰ্শিত নাট্যকাৰসকলৰ ভিতৰত তেওঁ এজন। তেওঁৰ সংকলনত নাটক, উপন্যাস, কবিতা, প্ৰবন্ধ, শিশু কিতাপ আৰু অনুবাদ অন্তৰ্ভুক্ত আছে। জন ফ'জেৰ জন্ম নৰৱেৰ হাউগেচুণ্ডত হৈছিল।

ফ'জে বিশেষকৈ তেওঁৰ স্বকীয় লিখনশৈলীৰ বাবে জনা যায়। য'ত গীতিমূলক ভাষা, মানৱ সম্পৰ্ক, আৱেগ, অস্তিত্বৰ ওপৰত গুৰুত্ব দিয়া হয়।

জন ফ'জেলৈ ২০২৩ চনৰ সাহিত্যৰ ন'বেল বঁটা...
বিদ্যুৎ মাচুল বৃদ্ধি: তিনিচুকীয়া জিলা কংগ্ৰেছৰ বিক্ষোভ প্ৰদৰ্শন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in