world radio day
এটা ৰেডিঅ’ আৰু এটা চুবুৰী
আজিকালি সকলো বস্তুৱে ‘মই’ কেন্দ্ৰিক হৈ গৈছে। আজিকালি একো বস্তুৱেই ‘আমাৰ’ হৈ থকা নাই। মোক লাগে, এইটো মোৰ, মই অমুক কৰিলো আদি সকলো ক্ষেত্ৰতে ‘মোৰ আৰু মোক’ কেন্দ্ৰিক ভাবনাত লোপ পাই গৈছে ‘আমাৰ’ আৰু ‘আমাক’ নামৰ দুয়োটা শব্দ। যাৰ বাবে দিনে দিনে আমি গতি কৰিছো একাকিকত্বৰ দিশে।