চিনাতলীত বিশ্ব ৰেডিঅ' দিৱস পালন

চিনাতলীত বিশ্ব ৰেডিঅ' দিৱস পালন

author-image
Asomiya Pratidin
New Update
চিনাতলীত বিশ্ব ৰেডিঅ' দিৱস পালন

ডিজিটেল সংবাদ,গোলাঘাট : আজি বিশ্ব ৰেডিঅ' দিৱস। এই উপলক্ষে গোলাঘাট জিলাৰ চিনাতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকলে পালন কৰিলে বিশ্ব ৰেডিঅ' দিৱস।

উক্ত অনুষ্ঠানৰ জড়িয়তে শিক্ষক-শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক ৰেডিঅ' সম্পৰ্কে ধাৰণা দিয়াৰ প্ৰয়াস কৰে। জানিবলৈ দিয়ামতে চিনাতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষকে ঘৰত এতিয়াও ৰেডিঅ' শুনে। অনুষ্ঠানত ৰেডিঅ'ৰ মিমিক্ৰি কৰিও দেখুৱালে এগৰাকী শিক্ষকে। ৰেডিঅ' দিৱস পালন কৰাত আনন্দিত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল ।

Also Read: যোৰহাট 'বি' ডিভিজন ক্ৰিকেট লীগ সম্পন্ন : দিগন্ত ক্লাৱ চেম্পিয়ন

radio world radio day Chinatoli