/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/2aad77cf-26a0-4e2c-a5c3-df7be46c8c79/kaziranga_radio.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : আজি বিশ্ব ৰেডিঅ দিৱস ৷২০১১ চনৰ ৩ নবেম্বৰত ১৩ ফেব্ৰুৱাৰী দিনটো বিশ্ব ৰেডিঅ' দিৱস হিচাবে পালন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে ইউনেস্কই ৷ ডিজিটেল ক্ষেত্ৰৰ উত্তৰণৰ ফলত বৰ্তমান বিলুপ্তিৰ দিশত এসময়ৰ যোগাযোগ বা মনোৰঞ্জনৰ একমাত্ৰ বেতাঁৰ আহিলা ৰেডিঅ' ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/da2aca48-f6f8-4430-9e1e-205f75a96c33/WhatsApp_Image_2023_02_13_at_8_27_42_AM__1_.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/d2dc71b6-3ffb-42e6-95b1-559059165dca/WhatsApp_Image_2023_02_13_at_8_27_41_AM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/df447200-3570-40ad-a762-1ee8522f15e1/WhatsApp_Image_2023_02_13_at_8_27_42_AM.jpeg)
ইয়াৰ মাজতো কিন্তু কোনো কোনোৱে এৰিব এৰিব পৰা নাই ৰেডিঅ'ৰ মোহ ৷ ইণ্টাৰনেট ব্যৱস্থাই ঢুকি নোপোৱা বহু স্থানত এতিয়াও একমাত্ৰ যোগাযোগৰ মাধ্যম হিচাবে স্থান পাই আহিছে ৰেডিঅ'ই ৷ তাৰ অন্যতম উদাহৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গভীৰ অৰণ্য ৷ বৰ্তমান এনড্ৰইড মোবাইল যুগতো ৰাষ্ট্ৰীয় উদ্যানখনৰ একাংশ বন শিবিৰত উপলব্ধ ৰেডিঅ' ৷
কাৰণ গভীৰ অৰণ্যৰ মাজত কোনো কোনো এলেকাত ডিজিটেল নেটৱৰ্কিং শূন্য ৷ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে কিছু দিনৰ পূৰ্বে দিয়া ছেটেলাইট ফোনৰ ব্যৱস্থাও নাই প্ৰতিটো বনশিবিৰত ৷ যাৰ বাবে কৰ্তব্যৰ খাতিৰত পৰিয়াল তথা জনসমাগমৰ পৰা বহু নিলগত দিনে নিশাই কৰ্তব্য পালন কৰি অহা একাংশ বনকৰ্মীয়ে দেশৰ খা-খবৰ বা মনৰ অৱসাদ দূৰ কৰিবলৈ সযতনে ৰাখিছে ৰেডিঅ'টো ৷ ৰেডিঅ'টোৰ মাজতে তেওঁলোকে বিচাৰি পাই মনৰ উদ্যম তথা মানসিক প্ৰশান্তি ৷
আৰু পঢ়ক : ঢকুৱাখনাত নিদ্ৰাত মগ্ন কৃষি বিভাগ, পোকে নষ্ট কৰিলে হাজাৰ বিজাৰ হেক্টৰ খেতি