/asomiyapratidin/media/media_files/2025/02/13/IlkZPwnmNFsubldWa1kt.jpg)
World Radio Da
আজিকালি সকলো বস্তুৱে ‘মই’ কেন্দ্ৰিক হৈ গৈছে। আজিকালি একো বস্তুৱেই ‘আমাৰ’ হৈ থকা নাই। মোক লাগে, এইটো মোৰ, মই অমুক কৰিলো আদি সকলো ক্ষেত্ৰতে ‘মোৰ আৰু মোক’ কেন্দ্ৰিক ভাবনাত লোপ পাই গৈছে ‘আমাৰ’ আৰু ‘আমাক’ নামৰ দুয়োটা শব্দ। যাৰ বাবে দিনে দিনে আমি গতি কৰিছো একাকিকত্বৰ দিশে। আজিকালি সকলো থাকিও আপুনি- মই কোনোবাখিনিত অকলশৰীয়া অনুভৱ কৰো। তেন্তে আহকচোন এনে এক দুঃসহ সময়ত উভতি যাও অতীতলৈ। য’ত এখন গাঁৱত আছিল এটা ৰেডিঅ’, জুম বান্ধিছিল এটা চুবুৰীৰ মানুহ। আজি বিশ্ব ৰেডিঅ’ দিৱস। সেই উপলক্ষে ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন...
এটা ৰেডিঅ’। সেয়া ধৰক আজিৰ পৰা প্ৰায় ২০-২৫ বছৰ আগৰ কথা। অৰ্থাৎ ১৯৯৯চনৰ শেষ আৰু ২০০০ৰ আৰম্ভণিৰ সময়ছোৱাৰ কথা। সময়ৰ জোখেৰে বৰ বেছি পুৰণি কথা নহয়, হাতৰমুঠিত লৈ ফুৰিব পৰা সময়খিনিতে সাংঘাটিক ধৰণে পৰিৱৰ্তন হৈছে সময়ৰ। সেই সময়খিনি আছিল সোণালী সময়।
উক্ত সময়ছোৱাত অসমৰ প্ৰায়বোৰ মানুহৰ ঘৰত আছিল এটা ৰেডিঅ’। চুবুৰী এটাৰ সকলো মানুহে একেলগে নিৰ্দিষ্ট এঘৰ মানুহৰ ঘৰত ৰেডিঅ’ৰ অনুষ্ঠানবোৰ শুনিছিল। সময়বোৰ এনেকৈ ভাগ কৰি লৈছিল লোকসকলে।
ৰেডিঅ’ শুনাৰ উপৰি সন্ধিয়াৰ সেই সময়খিনিতে ইজনে- সিজনৰ সুখ- দুখবোৰ ভগাই লৈছিল। তাৰ মাজতে এজনে লাহেকৈ উপদেশবাণীও দিছিল। কথা শুনক বা নুশুনক নিৰ্দিষ্ট এজনে তেওঁৰ বক্তব্য সাৱস্ত কৰিছিল। এনেকৈ পাৰ কৰিছিল অনেক সোণাৱালী সময়।
কিয়নো সেই সময়ত মনোৰঞ্জনৰ আহিলা আছিল একমাত্ৰ ৰেডিঅ’। এঘৰ মানুহৰ ৰেডিঅ’ এটা থকা মানেই গোটেই চুবুৰীটোৰে কামত আহে। ৰেডিঅ'ৰ অনুষ্ঠাবোৰৰ সময়ে ঘড়ী চোৱাৰ প্ৰয়োজন হ্ৰাস কৰিছিল। সকলোৰে মুখত আখৈ ফুটি দি ফুটিছিল গীতিমালিকা, কল্পতৰু, চিত্ৰগীত, নাটক আদি অনুষ্ঠানৰ সময়। সেই সময়ৰ মানুহখিনিৰ দৃষ্টিভংগীবোৰো আছিল আহল- বহল। কোনো কথাই খামোচ মাৰি ধৰি থকা নাছিল। মানুহৰ মানুহৰ প্ৰতি আছিল আন্তৰিকতা আৰু সহানুভূতি।
উল্লেখযোগ্য যে আপাত দৃষ্টিত ৰেডিঅ’ অথবা টেলিভিশ্বন থকা মানুহবোৰক ধনী মানুহৰ শাৰীত ৰখা হৈছিল। চাকৰি- বাকৰি কৰক বা নকৰক এই মানুহখিনি কিন্তু কৃষিকৰ্মৰে বেছ চহা আছিল। গতিকে তেওঁলোকৰ ঘৰত ৰেডিঅ’ৰ নাটক, গীত, কৃষিকথা আদি অনুষ্ঠানবোৰ শুনিবলৈ চুবুৰীৰ মানুহে সন্ধিয়া সময়ত ভিৰ কৰিছিল। ৰেডিঅ' থকা মানুহ ঘৰেও বিৰক্তি অনুভৱ কৰা নাছিল। বৰং আপোন মনে সকলোকে আদৰিহে নিছিল। নাছিল ধনী- দুখীয়াৰ ভেদাভেদ।
সন্ধিয়াটো এনেদৰে উপভোগ কৰাৰ উপৰি একগোট হৈ সকলোৱে প্ৰতিটো কথা বিশ্লেষণ কৰিছিল। কাৰো প্ৰতি কাৰো ভেদভাৱ নাছিল, কথাৰ উচ্চ বাচ্য হ’লেও সমিলমিলে তাক সকলোৱে আদৰি লৈছিল। সন্ধিয়াৰ ফিকাচাহ কাপ সকলোৱে একেলহে গ্ৰহণ কৰিছিল।
আন্তৰিকতাৰে পাৰ কৰিছিল এটি এটি সন্ধিয়া। পথাৰত কাম কৰি কৰি ভাগৰি পৰা দেহাটোৰ ভাগৰ মাৰিবলৈ এই সময়খিনিয়েই হৈ পৰিছিল মহৌষধ ! মানুহৰ মাজত মানৱতা আছিল। দিনৰ ভাগত হায়- কাজিয়া লাগিলেও ৰেডিঅ’ শুনাৰ সময়ত সন্ধিয়া সেই হায়- কাজিয়াই স্থান পোৱাৰ বিপৰীতে আত্মিকতাই বেছি প্ৰাধন্য লাভ কৰিছিল। হাতীৰ ঘাৰ নিচিনা সন্ধিয়াতে শুকাই গৈছিল দিনটোৰ বাদ-বিবাদ।
কিন্তু আজিকালি সেই দিনবোৰ নাই। আজিকালি প্ৰতিটো বস্তুৱে নিজৰ নিজৰ, একান্ত আৰু ব্যক্তিগত। এটা পৰিয়ালত গাইপতি মোবাইল, টিভি, লেপটপ আদি। কাৰো প্ৰতি কোনোৱে নকৰে ভৰসা। সন্মানৰ পৰিৱৰ্তে যুক্তিৰে সকলো সমাধা কৰিব বিচৰা মানসিকতাই গ্ৰাস কৰিছে সৰু সৰু মনবোৰ।
আজিও আছে ৰেডিঅ’, কিন্তু নাই শ্ৰোতা। ৰেডিঅ’ৰ অনুষ্ঠান শুনা মানুহৰ সংখ্যা এপাচি শাকত এটা জালুকৰ লেখিয়া। মোবাইলতে আজিকালি সকলো উপলব্ধ। গতিকে কোনোৱে কাকো খাতিৰ কৰা প্ৰশ্নই নুঠে।
এনেদৰে ক্ষীপ্ৰ গতিত দৌৰি আছে সময়। তাৰ সমান্তৰালকৈ আমিও ৰণুৱা ঘোঁৰাৰ দৰে দৌৰিছো আৰু দৌৰিছো। হয়তো এই দৌৰত কাৰোবাৰ ভাগিছে ভৰি, কাৰোবাৰ হাত। তথাপি লাজত পৰো বুলি এই কথা কাকো নজনোৱাকৈ আমি দৌৰিবলৈ এৰা নাই।
সকলো বস্তু হাতৰমুঠিত পোৱাৰ বাসনাত ভাগৰি নাভাগৰাৰ দৰে দৌৰিছো। সময়ে কি শিকাইছে, তাৰ প্ৰতি গুৰুত্ব নিদি সময়ে দিয়া বস্তুবোৰৰ পাছত দিছো মাৰাথান দৌৰ...।