ডিব্ৰুগড় বিশ্ববিদ্যালয়

ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমৰ পূব প্ৰান্তত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বিশ্ববিদ্যালয়। ১৯৬৫ চনত অসম বিধান সভাত প্ৰস্তাৱিত এক বিধেয়কৰদ্বাৰা এই বিশ্ববিদ্যালয় স্থাপিত হয়। অসমৰ উচ্চশিক্ষাৰ অন্যতম কেন্দ্ৰৰূপে পৰিচিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কলা, বিজ্ঞান, বাণিজ্য আৰু প্ৰযুক্তিবিদ্যা বিষয়ক শিক্ষাদানৰ বাবে বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰৰ উপৰিও এখন "অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান" আছে। বৰ্তমান এই বিশ্ববিদ্যালয়ৰদ্বাৰা অনুমোদিত মুঠ মহাবিদ্যালয়ৰ সংখ্যা ১৬০। ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদৰ মুঠ মাটিকালি হ'ল ২০৩ হেক্টৰ; ইয়াৰে ৭৪.৩ হেক্টৰৰ এটা এলেকাত চাহখেতি কৰা হয়। এই বিশ্ববিদ্যালয়খন ডিব্ৰুগড় নগৰৰ কেন্দ্ৰবিন্দু "নতুন বজাৰ" ৰ পৰা প্ৰায় ৫ কি: মি: দক্ষিণে "ৰজাভেটা" অঞ্চলত অৱস্থিত। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো বিশ্ববিদ্যালয় চৌহদৰ মাজেৰে পাৰ হৈ গৈছে।  অসম বিধানসভাত প্ৰস্তাৱিত "ডিব্ৰুগড় বিশ্ববিদ্যালয় বিধেয়ক, ১৯৬৫" অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় স্থাপিত হৈছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল ড॰ বি. আৰ. শেঠ।