/asomiyapratidin/media/media_files/2025/12/21/gjhtgdtgfghfjhghj-2025-12-21-16-58-26.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ পূৰ্বাঞ্চলিক মহাবিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত: মহাবিদ্যালয় ভলীবল প্ৰতিযোগিতা ১৮,১৯ আৰু ২০ ডিচেম্বৰত তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৰুষ আৰু মহিলা দুয়োটা শাখাতে অনুষ্ঠিত প্ৰতিযোগিতাখনত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ৰ ৩৩টা দলে যোগদান কৰে।
প্ৰথম দিনাৰ ৰেজিষ্ট্ৰেচন, শ্ৰদ্ধাঞ্জলি, স্মৃতি তৰ্পণ, শিবিৰ উন্মোচন আৰু সাংস্কৃতিক অনুষ্ঠানেৰে শুভাৰম্ভ কৰা হয়। ড০ ভূপেন হাজৰিকা, জুবিন গাৰ্গ, প্ৰতিষ্ঠাক সম্পাদক দ্ৰোণকান্ত শইকীয়াৰ লগতে মহাবিদ্যালয়ৰ লগত জড়িত মহান ব্যক্তিসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
১৯ তাৰিখে পুৱা ৯বজাত বিভিন্ন মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰা হয়, মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড০হৰেন হাজৰিকাই আৰু বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰে সভাপতি পৰেশ গগৈয়ে জাতীয় সংগীত পৰিবেশন আৰু মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ কোৰাচ পৰিবেশনৰ পাছতে মূল প্ৰতিযোগিতা আৰম্ভ হয়। খেল উদ্বোধন কৰে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভঁৰালীয়ে। তেখেতক সহযোগ কৰে উপস্থিত আমন্ত্ৰিত বিশিষ্ট অতিথিসকলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/capturegftftgfgffff-2025-12-21-16-59-01.jpg)
উদ্বোধন অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত গোলাঘাট জিলা ক্ৰীড়া বিষয়া বিমল গগৈ, জিলা ক্ৰীড়া সন্থাৰ ভলীবল সম্পাদক, সদৌ অসম ৰেফাৰী সন্থাৰ সম্পাদক ধনজিৎ দাস আদি ক্ৰীড়াৰ লগত জড়িত ব্যক্তি সকল উপস্থিত থাকে। মহাবিদ্যালয়ৰ তৰফৰ পৰা বিশিষ্ট ব্যক্তিসকল আৰু বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা কৰ্মকৰ্তা সকল, স্থানীয় সন্মানীয় ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়।
প্ৰথম দিনা দ্বিতীয় ৰাউণ্ডলৈকে খেলসমূহ সমাপ্ত হয় আৰু ১৯ তাৰিখে কোৱাৰ্টাৰ, চেমিফাইনেল আৰু ফাইনেল খেলসমূহ অনুষ্ঠিত হয়। বঁটা বিতৰণী সভাত মহাবিদ্যালয়ৰ আলোচনী "পূৰ্বাঞ্চল " উন্মোচন কৰা হয়। উন্মোচন কৰে ডিচিবি কলেজৰ অধ্যক্ষ ড০ ধীৰেণ তামুলীয়ে।
ছোৱালীৰ চেম্পিয়ন হয় নিতাই পুখুৰী হেমচন্দ্ৰদেৱ গোস্বামী মহাবিদ্যালয় আৰু ৰাণাৰ্চ আপ হয় লখিমপুৰ ছোৱালী মহাবিদ্যালয়। পুৰুষৰ চেম্পিয়ন হয় ড০ নবীন বৰদলৈ কলেজ আৰু ৰাণাৰ্চ আপ হয় দুলিয়াজান কলেজ। ছোৱালীৰ তৃতীয় স্থান লাভ কৰে মৰিঢল কলেজ আৰু পুৰুষৰ তৃতীয় স্থান লাভ কৰে ডিব্ৰুগড় (কানৈ) ডি এইচ এচ কে কলেজে । বিশ্ববিদ্যালয়ৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে বিচিত্ৰ গগৈ, ড০ পংকজ জ্যোতি হাজৰিকা, অধ্যক্ষ বীৰ লাচিত বৰফুকন কলেজ, ড০দিগন্ত ফুকন,ড০নবীন বৰদলৈ মহাবিদ্যালয়ৰ অধ্যক্ষ । তেওঁলোকক সহযোগ আগবঢ়া ড০ সীমান্ত বৰা, অধ্যাপক, বীৰ লাচিত বৰফুকন কলেজ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/capturert44-2025-12-21-16-59-26.jpg)
বঁটা বিতৰণী সভাত নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শুভাংসু দত্ত, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নৃপেন বৰুৱা, গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৈ, অনিল শৰ্মা, সমাজ কৰ্মী আকাশ ফুকন, অসম অলিম্পিক সন্থাৰ বিষয়বীয়া, কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নৃপন দত্ত আদি বিভিন্ন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
স্থানীয় ৰাইজ তথা দৰ্শকৰ বিপুল সহাঁৰিয়ে প্ৰতিযোগিতাখন উজ্জীৱিত কৰি তোলে। আনুষ্ঠানটোৰ আঁত ধৰে স্থানীয় সমাজকৰ্মী প্ৰবীণ দাসে। প্ৰতিযোগিতা খনৰ সফল সমাপ্তিৰ বাবে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা উদযাপন সমিতিৰ সভাপতি পৰেশ গগৈ, অধ্যক্ষ তথা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ড০ হৰেন হাজৰিকা আৰু সম্পাদক, ৰিংকুমণি গগৈ, প্ৰাঞ্জল শইকীয়া, কমল দাস আৰু মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গই সমূহ খেলুৱৈ, কৰ্মকৰ্তা অতিথিবৃন্দ আৰু স্থানীয় ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us