'আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱ ২০২৬'ত যুৱ কবি অভিজিত গগৈৰ অংশগ্ৰহণ

ছিকিমৰ তাশি চোপেলৰ সঞ্চালনাত অনুষ্ঠিত এই কবিতা সন্ধ্যাত বিভিন্ন দেশ আৰু ৰাজ্যৰ খ্যাতনামা কবিসকলে অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
RGRFGFGRF

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উদ্যোগত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱ ২০২৬ৰ অন্তৰ্গত “Verses sans Frontiers: Poetry from Around the World” শীৰ্ষক বিশেষ কবিতা অনুষ্ঠানত যুৱ প্ৰজন্মৰ কবি অভিজিত গগৈয়ে অসম আৰু অসমীয়া ভাষাক গৌৰৱেৰে প্ৰতিনিধিত্ব কৰে।

ছিকিমৰ তাশি চোপেলৰ সঞ্চালনাত অনুষ্ঠিত এই কবিতা সন্ধ্যাত বিভিন্ন দেশ আৰু ৰাজ্যৰ খ্যাতনামা কবিসকলে অংশগ্ৰহণ কৰে। ইউক্ৰেইনৰ ইউলিয়া মুছাকোভস্কা, স্পেইনৰ উক্সুৱে আলবাৰ্ডি, ইৰাকৰ ৰিম কাইছ কুব্বা, পৰ্তুগালৰ জিচেলা কেচিমিৰো, অৰুণাচল প্ৰদেশৰ মামাং দাইi, কেৰালাৰ বাবিথা জাষ্টিন আৰু দিল্লীৰ মিনু বাক্ষী আদি বিশিষ্ট সাহিত্যিকে নিজ নিজ সৃষ্টিৰে অনুষ্ঠান সমৃদ্ধ কৰে।

এই অনুষ্ঠানৰ জৰিয়তে বিশ্বৰ বিভিন্ন ভাষা-সংস্কৃতিৰ কবিসকলৰ মাজত ভাব-বিনিময়ৰ এক সুন্দৰ পৰিৱেশ গঢ়ি উঠে। অসমীয়া ভাষা আৰু সাহিত্যক আন্তঃৰাষ্ট্ৰীয় মঞ্চত উপস্থাপন কৰাৰ ক্ষেত্ৰত কবি অভিজিত গগৈৰ অংশগ্ৰহণে এক উল্লেখযোগ্য দৃষ্টান্ত স্থাপন কৰিছে বুলি একাংশই মন্তব্য কৰে।

ডিব্ৰুগড় বিশ্ববিদ্যালয় ডিব্ৰুগড়