কাৰ্গিলত বিস্ফোৰণঃ ৩ জনৰ মৃত্যু ১০ জন আহত...

কাৰ্গিলত  বিস্ফোৰণঃ ৩ জনৰ মৃত্যু ১০ জন আহত...
কাৰ্গিলত বিস্ফোৰণঃ ৩ জনৰ মৃত্যু ১০ জন আহত...

ডিজিটেল ডেস্কঃ লাডাখৰ কাৰ্গিল জিলাত সংঘটিত হৈছে এক ৰহস্যজনক বিস্ফোৰণ। এই বিস্ফোৰণত ৩ জন লোক নিহত হোৱাৰ উপৰিও প্ৰায় ১০ জন লোক আহত হৈছে।

উল্লেখ্য যে, শুকুৰবাৰে বিয়লিৰ ভাগত এখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰা স্ক্ৰেপ নমাই থকাৰ সয়মতে এখন স্ক্ৰেপৰ দোকানত এই বিস্ফোৰণ সংঘটিত হয়। এই সন্দৰ্ভত এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে, এই ঘটনাত ৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০ জনকৈ লোক আহত হৈছে। আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক।

আৰু পঢ়ক

কাৰ্গিলত  বিস্ফোৰণঃ ৩ জনৰ মৃত্যু ১০ জন আহত...
সমালোচনাৰ অগনিত সোণ হৈ জিলিকিল যশপ্ৰীত বুমৰাহ...

আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে। এই গচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰা হৈছে। ইতিমধ্যে সংগ্ৰহ কৰা হৈছে যাৱতীয় প্ৰমাণ-পত্ৰও।

ইফালে আহতসকলৰ স্বাস্থ্যৰ বুজ ল'বলৈ হাস্পতালত উপস্থিত হয়গৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰীকান্ত বালাছাহেব। তেওঁ হাস্পতালত উপস্থিত হৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয়।

আৰু পঢ়ক

কাৰ্গিলত  বিস্ফোৰণঃ ৩ জনৰ মৃত্যু ১০ জন আহত...
'বিৰাট যুগ'ৰ ১৫ টা বছৰ : প্ৰমাণ কৰি দিলে 'কিং কোহলি'য়েই শ্ৰেষ্ঠ....

ইয়াৰ পাছতে তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে,সকলো আহতকে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয়, বিস্ফোৰণৰ সময়ত ২ জন লোকৰ থিতাতে মৃত্যু হৈছিল যদিও পৰৱৰ্তী সময়ত গুৰুতৰ ভাৱে আহত এজনৰ হাস্পতালত মৃত্যু হয়। আহত বাকী ১০ জনৰ ভিতৰত ২ জনৰ অৱস্থা সংকটজনত।

আৰু পঢ়ক

কাৰ্গিলত  বিস্ফোৰণঃ ৩ জনৰ মৃত্যু ১০ জন আহত...
জাগীৰোডত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ মৃতদেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in