সমালোচনাৰ অগনিত সোণ হৈ জিলিকিল যশপ্ৰীত বুমৰাহ...

সমালোচনাৰ অগণিত সোণ হৈ জিলিকিল যশপ্ৰীত বুমৰাহ...
সমালোচনাৰ অগণিত সোণ হৈ জিলিকিল যশপ্ৰীত বুমৰাহ...

ডিজিটেল ডেস্কঃ প্ৰত্যাৱৰ্তন মেচত উজলি উঠিল যশপ্ৰীত বুমৰাহ। আয়াৰলেণ্ড ভ্ৰমণলৈ যোৱা ভাৰতীয় যুৱ ক্ৰিকেটাৰেৰে গঠিত দলটোৰ ওপৰত ওপৰত দৃষ্টি আছিল সকলোৰে। বিশেষকৈ এই দলটোক নেতৃত্ব দিয়া বেগী বলাৰ যশপ্ৰীত বুমৰাহ আছিল সকলোৰে নজৰত।

আঘাতৰ বাবে প্ৰায় ১১ মাহ ধৰি খেলপথাৰৰ পৰা বাহিৰত থকা বুমৰাহৰ এয়া আছিল প্ৰত্যাৱৰ্তন মেচ। আৰু এই প্ৰত্যাৱৰ্তন মেচতেই তেওঁৰ হাতত আছিল গুৰু দায়িত্ব। অধিনায়ক হিচাপেও আত্মপ্ৰকাশ কৰিছিল বুমৰাহে।

আৰু এই মেচখনতেই বুমৰাহে যিদৰে আত্মপ্ৰকাশ কৰিলে সেয়া প্ৰত্যক্ষ কৰি এতিয়া সমালোচকে কবলৈ বাধ্য হৈছে সমালোচনাত জ্বলি সোণ হৈ জিলিকিছে বুমৰাহ। মেচখনৰ প্ৰথমটো অভাৰতে তেওঁ লাভ কৰিলে দুটাকৈ উইকেট।

অধিনায়ক হিচাপেও বুমৰাহে দিলে দক্ষতাৰ পৰিচয়। বৰ্ষাবিঘ্নিত মেচখনত বুমৰাহৰ নেতৃত্বত ডি এল এছ পদ্ধতিৰে আয়াৰলেণ্ডক পৰাস্ত কৰিবলৈ সক্ষম হল ভাৰত।

মেচখনত প্ৰথমে টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লয় বুমৰাহে। এই মেচতেই ভাৰতৰ হৈ আত্মপ্ৰকাশ কৰে আই পি এলত ধুমুহা আনিবলৈ সক্ষম হোৱা ৰিংকু সিং আৰু প্ৰসিদ্ধ কৃষ্ণই। মেচখনৰ বাবে খেলপথাৰত নামিয়েই প্ৰথম অভাৰৰ কৰিবলৈ বল নিজেৰ হাতত তুলি লয় বুমৰাহে।

তেওঁ প্ৰথম অভাৰৰ প্ৰথমটো বলতেই এটা বাউণ্ডেৰী কোবাই আয়াৰলেণ্ডৰ বালবিৰ্নিয়ে। অৱশ্যে সেয়া আছিল এক প্ৰকাৰৰ পৰীক্ষা। বুমৰাহে বুজি লৈছিল আয়াৰলেণ্ডৰ অপেনাৰগৰাকীৰ দক্ষতা।

ইয়াৰ পাছৰ বলতেই বুমৰাহে ব'ল্ড কৰে তেওঁক। সেই একেটা অভাৰতে আন এটা উইকেটো দখল কৰে বুমৰাহে। অৱশ্যে বুমৰাহৰ এই প্ৰথমটো অভাৰত নাছিল পূৰ্বৰ দৰে গতিবেগ। কিন্তু সঠিক আছিল লেণ্ঠ আৰু লাইন।

প্ৰথমটো স্পেলত ২ অভাৰ বল কৰা বুমৰাহক দেখি সম্পূৰ্ণ ফিট হৈ উঠা বুলি অনুভৱ কৰিব পাৰি। তেওঁৰ শৰীৰত নাছিল কোনো সমস্যাৰ লক্ষ্যণ। কেৱল সেয়াই নহয়, বুমৰাহে প্ৰয়োজনত খেলপথাৰত দৌৰিছিল, ড্ৰাইভো কৰিছিল। মেচখনত বুমৰাহে মুঠ ৪ অভাৰ বল কৰি ২৪ ৰাণ ব্যয় কৰে আৰু ২ টা উইকেট দখল কৰে।

আৰু পঢ়ক

সমালোচনাৰ অগণিত সোণ হৈ জিলিকিল যশপ্ৰীত বুমৰাহ...
জাগীৰোডত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ মৃতদেহ...

বুমৰাহৰ দৰেই প্ৰসিদ্ধ কৃষ্ণও আঘাতৰ পৰা মুক্ত হৈছে। টি-২০ ৰ অভিষেক মেচৰ প্ৰথমটো অভাৰতে উইকেট দখল কৰিলে এইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে। ভাৰতীয় দলটোৰ দমনীয় প্ৰদৰ্শনত দিশহাৰা হোৱা আয়াৰলেণ্ড দলটোৱে মাত্ৰ ৭ অভাৰতে হেৰুৱাই দলটোৰ আধা উইকেট।

মেচখনত প্ৰথমে এনে লাগিছিল যেন ১০০ ৰাণো কৰিব নোৱাৰিব দলটোৱে। তাৰ পাছতো অৱশ্যে দলটোৱে ১৩৯ ৰাণ কৰিবলৈ সক্ষম হয়। দ্বিতীয়াৰ্ধত ১৪০ ৰাণৰ লক্ষ্য লৈ ভাৰতীয় দলটো খেলপথাৰত নামে।

যশস্বী জয়ছোৱাল আৰু ঋতুৰাজ গাইকোৱাডে সুন্দৰ আৰম্ভি কৰে। এটাও উইকেট নেহেৰুৱাকৈ পাৰ কৰে পাৱাৰ প্লে'। পাৱাৰ প্লে'ৰ পাছতে ২৪ ৰাণত আউত হয় জয়ছোৱাল। ব্যৰ্থ হয় তিলক বাৰ্মা।

মেচখনৰ ৬.৫ অভাৰত বৰষুণপ বাবে খেল বন্ধ কৰিবলৈ বাধ্য হয়। সেই সময়ত ভাৰতৰ স্ক'ৰ আছিল ২ টা উইকেটত ৪৭ ৰাণ। বৰষুণৰ বাবে মেচখনৰ ফলাফল ডি এল এছ পদ্ধতিত নিৰ্ধাৰণ কৰাত ভাৰতীয় দলটোৱে জয়লাভ কৰে।

আৰু পঢ়ক

সমালোচনাৰ অগণিত সোণ হৈ জিলিকিল যশপ্ৰীত বুমৰাহ...
'বিৰাট যুগ'ৰ ১৫ টা বছৰ : প্ৰমাণ কৰি দিলে 'কিং কোহলি'য়েই শ্ৰেষ্ঠ....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in