/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/d73cb029-0f36-4ea4-a8a2-5be1dcbf0d6b/kohli_18.jpg)
'বিৰাট যুগ'ৰ ১৫ টা বছৰ : প্ৰমাণ কৰি দিলে 'কিং কোহলি'য়েই শ্ৰেষ্ঠ....
ডিজিটেল ডেস্কঃ ২০০৮ চনৰ ১৮ আগষ্ট। শ্ৰীলংকাৰ বিৰুদ্ধে ডাম্বুলাত অনুষ্ঠিত এই এদিনীয়া মেচখনত ভাৰতৰ হৈ অপেনিং কৰিবলৈ আহিছে আগ্ৰাসী বেটছমেন হিচাপে পৰিচিত গৌতম গম্ভীৰ। গম্ভীৰৰ সৈতে এজন নতুন ল’ৰা।
এই মেচখনতেই আত্মপ্ৰকাশ তেওঁৰ। অনূৰ্ধ্ব-১৯ বিশ্বকাপ জয় কৰাৰ পিছত তেওঁক স্থান দিয়া হৈছে ভাৰতীয় মূল একাদশত। হয়তো সেই দিনা কোনেও অনুভৱ কৰা নাছিল, এই যুৱ ক্ৰিকেটাৰজনেই এসময়ত ক্ৰিকেট জগতৰ সম্ৰাট হৈ পৰিব।
ভাৰতীয় ক্ৰিকেটত নিজা এটা যুগৰ সৃষ্টি কৰিব পাৰিব। যিগৰাকী গৌতম গম্ভীৰৰ সৈতে এই যুৱ খেলুৱৈজনে মেচ অপেনিং কৰিবলৈ আহিছিল, সেইগৰাকী গৌতম গম্ভীৰৰ সৈতে এতিয়া তেওঁৰ জুই-পানীৰ সম্পৰ্ক বুলিলেও হয়তো ভুল কোৱা নহ'ব।
সেই যুৱ ক্ৰিকেটাৰগৰাকীয়েই বিৰাট কোহলি। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি তেওঁ সম্পূৰ্ণ কৰিলে ১৫ টা বছৰ। ভাৰতীয় ক্ৰিকেটত সৃষ্টি কৰিলে নিজা এটা যুগ। এই বিৰাট যুগৰ ১৫ টা বছৰ অতিক্ৰম হ'ল আজি।
২০০৮ ত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা সেই এদিনীয়া শৃংখলাত বিৰাটৰ বেটৰ পৰা আহিছিল এটা অৰ্ধশতক। আত্মপ্ৰকাশকৰ সেই শৃংখলাতে বিৰাটে দেখুৱাইছিল নিজৰ আগ্ৰাসী মনোভাৱ। তেওঁৰ দেহত প্ৰকাশ পাইছিল সেই মনোভাৱৰ স্পষ্ট ভংগী।
যাক লৈ সমালোচিত হৈছিল যুৱ ক্ৰিকেটাৰগৰাকী। অথচ সেই আগ্ৰাসী ৰূপটোৰ বাবেই আজি তেওঁ হৈ পৰিল বিশ্বৰ অন্যতম এজন শ্ৰেষ্ঠ ক্ৰিকেটাৰ। ইয়াৰ পাছত দলৰ পৰা বাদ পৰিছিল কোহলি।
প্ৰত্যাবৰ্তনৰ বাবে সময়ৰ প্ৰয়োজন হৈছিল সম্পূৰ্ণ ১ টা বছৰ। সেয়াও আকৌ শ্ৰীলংকাৰ বিৰুদ্ধেই। তাৰ পাছত আৰু তেওঁ উভতি চাবলগীয়া নহ'ল। এটাৰ পাছত এটাকৈ নিজা অভিলেখ ভাঙি, নিজা অভিলেখ গঢ়ি আগুৱাই আহি আহি আজিৰ অৱস্থাত উপনীত হ'ল বিৰাট। সৃষ্টি হ'ল এটা নতুন যুগ।
বিৰাট কোহলিৰ বেটৰ পৰা প্ৰথমটো শতক আহিছিল শ্ৰীলংকাৰ বিৰুদ্ধে খেলা এখন মেচৰ পৰাই। ইডেন গাৰ্ডেনত খেলা এখন মেচত বিৰাটে শ্ৰীলংকাৰ বিৰুদ্ধে খেলিছিল প্ৰথমটো শতকীয় ইনিংছ।
২০০৯ ৰ সেই প্ৰথমটো শতকৰ পৰা আজিলৈকে সম্পূৰ্ণ ১৫ টা বছৰত তেওঁৰ নামত লিপিবদ্ধ হ'ল ৭৬ টা শতক। অৰ্থাৎ প্ৰতিবছৰকে গড়ে ৫টাকৈ শতকীয় ইনিংছ খেলিছে বিৰাটে। হয়তো এই সংখ্যা আৰু বৃদ্ধি পাব।
মাজতে আঢ়ৈ বছৰ ধৰি বিৰাটৰ বেটৰ পৰা অহা নাছিল এটাও শতক। ১৫ বছৰীয়া এই বিৰাট যুগত একাধিক ৰেকৰ্ড লিপিবদ্ধ হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাত। একাধিক ৰেকৰ্ড ভংগ হৈছে।
ৰেকৰ্ড ভঙা, পতাৰ এই খেলখনত বিৰাটৰ ভূমিকা অতুলনীয়। আত্মপ্ৰকাশ কৰাৰ পাছৰে পৰা এতিয়ালৈকে বিৰাটে সংগ্ৰহ কৰিছে ২৫,৫৮২ ৰাণ। তেওঁ সংগ্ৰহ কৰিছে ১৩১ টা অৰ্ধশতক। ১৫০ তকৈ অধিক ৰাণ কৰিছে ১৬ বাৰ। ২০০ ৰাণৰ ইনিংছ খেলিছে ৭ বাৰ।
এই ১৫ বছৰত তেওঁৰ বেটৰ পৰা আহিছে ২৫৩৩ টা চাৰি। ৬৩ বাৰ দখল কৰিছে মেন অৱ দ্যা মেচ আৰু ২০ বাৰ দখল কৰিছে মেন অৱ দ্যা ছিৰিজ সন্মান। আই চি চিৰ প্ৰতিযোগিতাত বিৰাট কোহলিৰ বেটৰ পৰা আহিছে ২৮২০ ৰাণ।
এই ৰাণ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত তেওঁ ২৫ টা অৰ্ধশতক সংগ্ৰহ কৰিছে। আই চি চিৰ ইভেণ্টত তেওঁ ১০ বাৰকৈ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছে। এই সকলোবোৰ একো একোটা ৰেকৰ্ড।
সেই ফালৰ পৰা যোৱা ১৫ টা বছৰত বিৰাটেই শ্ৰেষ্ঠ হিচাপে প্ৰমাণ হৈ আহিছে। শচীন যুগৰ অৱসান ঘটাৰ পাছত বিৰাট যুগৰ যেতিয়া আৰম্ভণিৰ পাছৰে পৰা খেলপথাৰত হাতত বেটলৈ বিৰাট কোহলি নামিলেই অনুৰাগীয়ে আশা কৰে শতকীয় ইনিংছ।
শচীন যুগৰ সমাপ্তিও ঘটিছিল আকৌ এই বিৰাট কোহলিৰ কান্ধতে। ২০১১ ৰ বিশ্বকাপ জয় কৰাৰ পাছত যিসকল ক্ৰিকেটাৰে শচীন তেণ্ডুলকাৰক কান্ধত তুলি লৈছিল তাৰ মাজৰ অন্যতম আছিল বিৰাট কোহলি।
কোহলিয়ে কৈছিল ২১ বছৰ ধৰি দেশৰ দায়িত্ব কান্ধত লৈ ঘূৰিছে শচীনপাজীয়ে। আমাৰ দায়িত্ব এতিয়া তেওঁক কান্ধত তুলি লোৱাৰ। বিৰাটে সেইদিনা শচীনক কান্ধত তুলি লোৱাই নহয়, শচীন তেণ্ডুলকাৰে দেশৰ বাবে যি দায়িত্ব পালন কৰিছিল সেই দায়িত্বকো যেন মূৰ পাতি লৈছিল।
সেয়ে শচীনৰ অনুপস্থিতিকো অনুভৱ কৰিবলৈ নিদি লাহে লাহে সূচনা কৰিছিল অন্য এটা যুগ। সেই যুগ আছিল বিৰাটৰ। বিৰাট হৈ পৰিছিল ভাৰতীয় ক্ৰিকেটৰ ভৰসা। বহু কঠিন মেচ জয় কৰাৰ দায়িত্ব বৰাট কোহলিয়েই লৈছিল কান্ধ পাতি। যাৰ বাবে তেওঁ হৈ পৰিছিল ছেজ মাষ্টাৰ।
ভাৰতীয় ক্ৰিকেটত বিৰাটে লৈছিল আগ্ৰাসী ৰপূ। তেওঁৰ আগ্ৰাসী ৰূপৰ বাবেই ভাৰতীয় ক্ৰিকেটে পৰিধান কৰিছিল এক নতুন ৰূপ। বিশ্বৰ সকলো প্ৰান্ততে অদমনীয় হৈ উঠিছিল ভাৰতীয় ক্ৰিকেট।
বিৰাটৰ কান্ধতেই বি চি চি আইয়ে দিছিল অধিনায়কৰ দৰে গুৰু দায়িত্ব। মহেন্দ্ৰ সিং ধোনিৰ উত্তৰাধিকাৰী হিচাপে বিৰাট কোহলিক প্ৰক্ষেপ কৰিছিল। অধিনায়ক হিচাপে বিৰাট কোহলিয়ে সংগ্ৰহ কৰিছে ১২,৮৮৩ ৰাণ।
যোৱা ১৫ বছৰত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা অধিনায়কৰ তালিকাত বিৰাটেই শীৰ্ষত। অধিনায়ক হিচাপে তেওঁ সংগ্ৰহ কৰিছে ৪১ টা শতক, ১১ টা ১৫০ আৰু ৭ টাকৈ দ্বিশতক। অধিনায়কৰ দায়িত্ব তেওঁৰ কান্ধত থকাৰ পাছতো তেওঁ ২৭ বাৰকৈ মেচৰ শ্ৰেষ্ঠ, ১২ বাৰ শৃংখলাৰ শ্ৰেষ্ঠ হিচাপে বিবেচিত হৈছে।
এনে বহু সফলতাৰ গৰাকী হোৱাৰ পাছতো অৱশ্যে বিৰাট কোহলিৰ অন্যতম ডাঙৰ ট্ৰেজেডি তেওঁৰ নেতৃত্বত ভাৰতে দখল কৰিব নোৱাৰিলে এটাও আই চি চিৰ ট্ৰফী। এই বিফলতাই হয়তো বিৰাটকো আমনি কৰে।
এনে বিফলতা আৰু ব’ৰ্ডৰ সৈতে হোৱা সংঘাতৰ মাজতেই বিৰাটে ২০২১ ৰ টি-২০ বিশ্বকাপৰ সময়তে টি-২০ সংস্কৰণৰ অধিনায়কৰ পদ ত্যাগ কৰিছিল। ইয়াৰ পাছত ব’ৰ্ডে বিৰাটক হোৱাইট বলৰ অধিনায়ক পদৰ পৰা আঁতৰাই দিছিল।
এয়া আছিল বিৰাট আৰু তেওঁৰ অনুৰাগীসকলৰ বাবে চৰম অপমানজনক। সেয়ে সাংবাদিকৰ সন্মুখত স্পষ্টকৈ মুখ খুলিছিল ব’ৰ্ডৰ বিৰুদ্ধে। ২০২২ তে তেওঁ ৰঙা বলৰ ক্ৰিকেটৰ অধিনায়কৰ পৰাও অব্যাহতি লয়।
সেয়া আছিল বিৰাট কোহলিৰ কেৰিয়াৰ আটাইতকৈ জটিল সময়। খেলপথাৰত বিৰাটে ৰাণৰ বাবে হাহাকাৰ কৰিছিল। সমালোচনাৰ সন্মুখীন হৈছিল তেওঁ। আনকি দলৰ পৰাও তেওঁক বাদ দিয়াৰ পৰামৰ্শ দিছিল বহুতেই।
সমালোচকক যোগ্য প্ৰত্যুত্তৰ দি বিৰাট কোহলি পুনৰ শক্তিশালী হৈ উঠিছিল এছিয়া কাপৰ সময়ত। আন্তৰ্জাতিক টি-২০ ক্ৰিকেটত বৰাটে খেলিলে শতকীয় ইনিংছ।
কোহলিৰ বয়স এতিয়া ৩৪ বছৰ। এতিয়াও তেওঁৰ শৰীৰ সম্পূৰ্ণ ফিট। এইবাৰ বিশ্বকাপত বিৰাটেই সম্ভৱতঃ একমাত্ৰ ক্ৰিকেটাৰ হ'ব যি ২০১১ ৰ বিশ্বজয়ী দলটোৰ সদস্য আছিল।
বিৰাটৰ লক্ষ্য এতিয়া ঘৰৰ মাটিত অনুষ্ঠিত হ'বলগীয়া এদিনীয়া বিশ্বকাপ পুনৰ দখল কৰা। অধিনায়ক হিচাপে নহলেও নিজৰ দমনীয় প্ৰদৰ্শনৰ বলতেই বিৰাটে দখল কৰিব বিচাৰিছে এই ট্ৰফী।
কেৰিয়াৰত উত্থাপন, পতন থাকেই। বিফলতাৰ মাজেৰে আহে সফলতা। বিৰাট কোহলি ইয়াৰ অন্যতম উদাহৰণ। খেলপথাৰত বিফল হোৱাৰ বাবেই মানসিক ভাৱে ভাগৰি পৰা বিৰাটে কিছুদিন নিজেই লৈছিল ক্ৰিকেটৰ পৰা অৱসৰ।
তাৰ পাছত প্ৰত্যাৱৰ্তন কৰিছিল ৰজাৰ দৰেই। আহি কৈছিল ক্ৰিকেটৰ পৰা আঁতৰি থকাৰ সময়খিনি তেওঁৰ বাবে কিমান জটিল আছিল। তেওঁ স্বীকাৰ কৰিছিল এই জটিল সময়ত একমাত্ৰ মহেন্দ্ৰ সিং ধোনীৰ বাহিৰে কোনো তেওঁৰ কাষত থিয় দিয়া নাছিল। এইগৰাকী ধোনীৰ অধিনতে বিৰাটে খেলিছিল ১১ বছৰ।
Also Read: ঘিলামৰাত অজ্ঞাত ব্যক্তিৰ নিৰ্মম অত্যাচাৰত যুৱক নিহত...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us