দেশত পুনৰ শ্ৰদ্ধা কাণ্ড, লিভ-ইন পাৰ্টনাৰে নৃশংসভাৱে হত্যা কৰিলে প্ৰেমিকাক

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি : প্ৰেমিকে নৃশংসভাৱে হত্যা কৰিলে প্ৰেমিকাক
শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি : প্ৰেমিকে নৃশংসভাৱে হত্যা কৰিলে প্ৰেমিকাক

ডিজিটেল ডেস্ক : দেশৰ চাৰিওদিশে বিয়পি পৰিছে হিংসাত্মক কাৰ্যকলাপ । এটাৰ পাছত আনটো হত্যাকাণ্ডই কপাই গৈছে সমগ্ৰ দেশ । তাৰ মাজতেই বিগত বৰ্ষত প্ৰেমিকে হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰ কৰা শ্ৰদ্ধা ৱাকাৰ (Shraddha Walker) ৰ ঘটনাই পশু আৰু মানুহৰ মাজৰ তফাৎ সন্দৰ্ভত যেন আকৌ এবাৰ ভাবিবলৈ বাধ্য কৰাইছিল সকলোকে । সেই ঘটনা পোহৰলৈ অহাৰ কিছুদিনৰ পিছতেই অনুৰূপ ঘটনা ফাদিল হৈছিল অসমতো । বন্দনা কলিতাই স্বামী আৰু শাহুক হত্য‍া কৰি মৃতদেহৰ টুকুৰা চুবুৰীয়া ৰাজ্য শ্বিলঙত পেলাই দিয়া লোমহৰ্ষক কাৰ্যই অসমবাসীৰ চকু কপালত তুলিছিল ।

একেই ঘটনাৰ এইবাৰ পুনৰাবৃত্তি ঘটিল হায়দৰাবাদত । প্ৰেমিকে চুৰীৰে খুচি প্ৰেমিকাক হত্যা কৰি পৰৱৰ্তী সময়ত টুকুৰা টুকুৰ কৰিলে মৃতদেহ ।

উল্লেখ্য যে, চলিত মাহৰ ১৭ তাৰিখে হায়দৰাবাদৰ পৌৰ কৰ্মীয়ে আফজল নগৰ কমিউনিটি হ'লৰ সন্মুখত জাৱৰৰ মাজত এটি ছিন্নমস্তা বিচাৰি পাইছিল ক'লা পিলিথিনৰ ভিতৰত । তাৰ পাছতেই আৰক্ষীৰ প্ৰায় ৮টা দলে বিভিন্ন ধৰণে অনুসন্ধান চলাই উপনীত হৈছিল এটাই সিদ্ধান্তত । লিভ-ইনত থকা প্ৰেমিক চন্দ্ৰ মোহন (৪৮)ৰ ওপৰত ঘনীভূত হৈছিল সন্দেহ । ইতিমধ্যেই মৃতদেহটো ৱাই অনুৰাধা ৰেড্ডী (৫৫)ৰ বুলি প্ৰমাণ হোৱাৰ পাছত তেখেতৰ প্ৰেমিক চন্দ্ৰ মোহনক জেৰা চলাইছিল আৰক্ষীয়ে । পৰৱৰ্তী সময়ত চন্দ্ৰ মোহনৰ বাসগৃহৰেই গ্ৰাউণ্ড ফ্লৰ'ত অনুৰাধাৰ দেহৰ আন এক অংশ উদ্ধাৰ কৰে আৰক্ষীয়ে ।

এই সন্দৰ্ভত চন্দ্ৰ মোহনে আৰক্ষীক জনোৱা অনুসৰি, ২০১৮ চনতেই অনুৰাধাৰ পৰা ঋণত ৭ লাখ টকা লৈছিল চন্দ্ৰ মোহনে । পৰৱৰ্তী সময়ত টকা উভতাই বিচাৰি অনুৰাধাই তাগিদা দিয়াত খঙৰ ভমকত অনুৰাধাক হত্যা কৰে চন্দ্ৰ মোহনে ।

কেৱল সেয়াই নহয় বৰং অনুৰাধাক হত্যা কৰাৰ পৰিকল্পনা পূৰ্বৰে পৰাই চলাই আহিছিল চন্দ্ৰ মোহনে । যাৰ বাবে দুটাকৈ শিল কটা মেছিনো যোগাৰ কৰি থৈছিল পাষানৰূপী প্ৰেমিকগৰাকীয়ে । ১২ মে'ত অনুৰাধাক চুৰীৰে খুচি হত্যা কৰাৰ পিছত মেছিন দুটাৰ সহায়েৰে মৃতদেহ কাটি টুকুৰা টুকুৰ কৰিছিল চন্দ্ৰ মোহনে ।

এই ঘটনাই পুনৰ এবাৰ সমগ্ৰ দেশবাসীক ভাবিবলৈ বাধ্য কৰালে সচাকৈয়ে মানুহ জীৱশ্ৰেষ্ঠ হয়নে ?

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি : প্ৰেমিকে নৃশংসভাৱে হত্যা কৰিলে প্ৰেমিকাক
আজি অসম চৰকাৰৰ বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in