/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/0ff4c262-a2f4-4984-a8a4-c480ce22e54d/job_distribution.jpg)
ডিজিটেল ডেস্ক : আজি অসম চৰকাৰৰ বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান । ইয়াৰ সৈতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ১ লাখ সংস্থাপনৰ প্ৰতিশ্ৰুতিৰ দিশে আৰু এখোজ আগুৱাই গ'ল । এই নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিত ৰাজ্য চৰকাৰে ৪৪ হাজাৰ ৭০৩ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰিব নিযুক্তি পত্ৰ ।
উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল । সেই ফলাফলৰ পাছতেই সকলোকে ২৫ মে'ত খানাপাৰাস্থিত পশু চিকিৎসালয় মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজহুৱাকৈ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব বুলি জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । যাব বাবেই বিগত কেইটামান দিনৰে পৰাই গুৱাহাটীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ বিজাৰ সফল পৰীক্ষাৰ্থীয়ে ভিৰ কৰা দেখা গৈছিল । আনহাতে, বিয়লি ৩ বজাত অনুষ্ঠানটিত গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হ'লেও ৰাতিপুৱাৰে পৰাই পৰীক্ষাৰ্থীসকলে খেলপথাৰ চৌহদত ভিৰ কৰা দেখা গৈছে ।
শ্বাহৰ অসম ভ্ৰমণৰ পূৰ্বে মহানগৰ প্ৰশাসনে জাৰি কৰিছে বিশেষ পথ নিৰ্দেশনা। মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি কাইলৈ পুৱা ৭ বজাৰ পৰা নিশা ১১.৩০ বজালৈ চাৰিচকীয়া মালবাহী বাণিজ্যিক বাহন মহানগৰীত প্ৰৱেশৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছে। ২৭ আৰু ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে চাৰিচকীয়া বাণিজ্যিক বাহন চলাচলত এই নিষেধজ্ঞা আৰোপ কৰা হৈছে।
আনহাতে পাঞ্জাবাৰী ৰ'ড, জি এচ ৰ'ড, বি বৰুৱা ৰ'ড, জি এন বি ৰ'ড, এটি ৰ'ড আৰু ডিজি ৰ'ডত পুৱা ৯ বজাৰ পৰা নিশা ৭ বজালৈ তিনিচকীয়া বাণিজ্যিক বাহন চলাচলত বাধা মহানগৰ যান-বাহন আৰক্ষীৰ। উল্লেখ্য যে, ইয়াৰ সমান্তৰালভাবে মহানগৰীত ন' ড্ৰোণ ফ্লাই জ'ন হিচাপেও ঘোষণা কৰা হৈছে।
Also Read: নিযুক্তি পত্ৰ বিতৰণৰ লগে লগেই অভাৰলেপিঙৰ ৱেটিং লিষ্ট প্ৰকাশৰ দাবী এজেপিৰ