/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/c60f4e2a-5299-4ed7-aaa1-2abf7332d6d9/aftab_14.jpg)
শ্ৰদ্ধা হত্যাকাণ্ডত জড়িত আছিল আফতাবৰ পৰিয়াল ! ফাঁচীৰ দাবী দুৰ্ভগীয়া পিতৃৰ...
ডিজিটেল ডেস্কঃ বহু চৰ্চিত শ্ৰদ্ধা হত্যাকাণ্ডত আফতাবৰ উপৰিও জড়িত হৈ আছে আফতাবৰ পৰিয়াল ! দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ড পোহৰলৈ অহাৰ পিছতে সমগ্ৰ দেশত চাঞ্চল্য সৃষ্টি হৈছে। ইয়াৰ পিছতে নিতৌ এই হত্যাকাণ্ডৰ সন্দৰ্ভত পোহৰলৈ আহিছে ন ন তথ্য।
শ্ৰদ্ধা ৱাকাৰৰ পিতৃয়ে অভিযোগ কৰা অনুসৰি শ্ৰদ্ধা হত্যাকাণ্ডৰ সৈতে আফতাবৰ পৰিয়ালৰ আন আন সদস্যসকলো জড়িত হৈ আছে। শ্ৰদ্ধাৰ পিতৃয়ে এই হত্যাকাণ্ড সংঘটিত কৰা আফতাবৰ ফাঁচীৰ দাবী কৰিছে।
সংবাদ মাধ্যমৰ আগত শ্ৰদ্ধাৰ পিতৃ বিকাশ ৱাকাৰে কয়, আফতাবক ফাঁচী দিয়া উচিত। এই হত্যাকাণ্ডৰ সৈতে কেৱল আফতাবেই নহয়, আফতাবৰ পৰিয়ালো জড়িত হৈ আছে বুলিও বিকাশ ৱাকাৰে দৃঢ় বিশ্বাস কৰে বুলি মন্তব্য কৰিছে।
বিকাশ ৱাকাৰৰ মন্তব্য অনুসৰি শ্ৰদ্ধাৰ ওপৰত হোৱা আক্ৰমণৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে তেওঁ আফতাবৰ ঘৰলৈ গৈছিল। কিন্তু আফতাবৰ ভাতৃয়ে তেওঁলোকক দুৱাৰ মুখৰ পৰাই উভতাই পঠিয়াই, পুনৰ যাতে তেওঁ আফতাবৰ ঘৰলৈ নাযায় সেই বিষয়েও সকিয়াই দিয়ে।
শ্ৰদ্ধাৰ দেউতাক ৰ মতে আফতাবৰ সৈতে চিনাকী হোৱাৰ পিছৰে পৰা শ্ৰদ্ধাৰ জীৱনশৈলী সলনি হৈছিল। তেওঁৰ আচৰণত পৰিৱৰ্তন আহিছিল।
ইফালে শ্ৰদ্ধা হত্যাকাণ্ড লাভ জিহাদৰ সৈতে সম্পৰ্কিত নেকি বুলি কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, লাভ জিহাদৰ বিষয়ে বেছি ক'ব নোৱাৰি, শ্ৰদ্ধাই কেতিয়াও অভিযোগ কৰা নাছিল যে ধৰ্মান্তৰকৰণৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছে।
বিকাশ ৱাকাৰে সন্দেহ কৰিছে এই হত্যাকাণ্ডৰ সৈতে আফতাবৰ গোটেই পৰিয়ালটো জড়িত আছে।
ক্লিক কৰি পঢ়কঃ ভাৰতৰে এইখন গাঁৱত নিষিদ্ধ মোবাইল ফোন! ব্যৱহাৰ কৰিলে ভৰিব লাগিব জৰিমনা...