সংসদত আনাস্থা প্ৰস্তাৱৰ ওপৰত বিতৰ্কঃ প্ৰধানমন্ত্ৰী মোডীক তীক্ষ্ণ সমালোচনা গৌৰৱ গগৈৰ...

সংসদত আনাস্থা প্ৰস্তাৱৰ ওপৰত বিতৰ্কঃ প্ৰধানমন্ত্ৰী মোডীক তীক্ষ্ণ সমালোচনা গৌৰৱ গগৈৰ...

author-image
Asomiya Pratidin
New Update
সংসদত আনাস্থা প্ৰস্তাৱৰ ওপৰত বিতৰ্কঃ প্ৰধানমন্ত্ৰী মোডীক তীক্ষ্ণ সমালোচনা গৌৰৱ গগৈৰ...

সংসদত আনাস্থা প্ৰস্তাৱৰ ওপৰত বিতৰ্কঃ প্ৰধানমন্ত্ৰী মোডীক তীক্ষ্ণ সমালোচনা গৌৰৱ গগৈৰ...

ডিজিটেল ডেস্কঃ মণিপুৰ প্ৰসংগত উত্তাল হৈ থকা লোকসভাত বিৰোধীৰৈ সাংসদ গৌৰৱ গগৈয়ে ২৬ জুলাইত উত্থাপন কৰিছিল আনাস্থা প্ৰস্তাৱ। মঙ্গলবাৰে লোকসভাত সেই আনাস্থা প্ৰস্তাৱক লৈ আলোচনা আৰম্ভ হৈছে।

Advertisment

আনাস্থা বিতৰ্কৰ আৰম্ভণিতে বক্তব্য ৰাখে আনাস্থা প্ৰস্তাৱক তথা কলিয়াবৰৰ কংগ্ৰেছ বিধায়ক গৌৰৱ গগৈয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰি গৌৰৱ গগৈয়ে তেওঁৰ বক্তব্যত কয়, ভুল স্বীকাৰ কৰিব লাগিব বুলি ভাবিয়েই মৌন হৈ আছে প্ৰধানমন্ত্ৰী।

তেওঁ কয়, মণিপুৰলৈ ৰাহুল গান্ধী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহসহ আন বহু গৈছিল।কিন্তু কিয় নগ’ল প্ৰধানমন্ত্ৰী? মণিপুৰৰ বাবে মুখ খুলিবলৈ ৩০ ছেকেণ্ডৰ বাবে কিয় ৮০ দিনৰ সময়ৰ প্ৰয়োজন হ’ল? প্ৰধানমন্ত্ৰী এন বীৰেন সিঙক কিয় অপসাৰণ কৰা নহল? প্ৰধানমন্ত্ৰীয়ে গুজৰাট, উত্তৰাখণ্ড, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক অপসাৰণ কৰিছিল।

ইয়াৰোপৰি গৌৰৱ গগৈয়ে কয়, মণিপুৰ জ্বলিছে মানে ভাৰত জ্বলিছে। বিচাৰ বিচাৰিছে মণিপুৰে। মণিপুৰৰ ডাবল ইঞ্জিন চৰকাৰ ব্যৰ্থ হৈছে। মোডীজী নীৰৱ, কাৰণ তেওঁ মুখ খুলিলেই মণিপুৰৰ ডবল ইঞ্জিন চৰকাৰ ব্যৰ্থ হোৱাটো স্বীকাৰ কৰা হ'ব। ভুল স্বীকাৰ কৰিব নিবিচাৰে বাবেই তেওঁ মৌন।

লগতে তেওঁ কয়, ২০২১ চনত দেশ যেতিয়া কোভিড পৰিস্থিতিত আছিল সেই সময়ত পশ্চিমবংগৰ নিৰ্বাচনত ভোট বিচাৰিছিল প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, বিৰোধী গোটৰ অৱস্থান স্পষ্ট। বিৰোধীয়ে বিচাৰিছে মণিপুৰক লৈ বিবৃতি দিয়ক প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ বাবেই আনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছো আমি। মণিপুৰক বিচাৰ লাগে।

গৌৰৱ গগৈৰ পাছতে আনাস্থা প্ৰস্তাৱ সন্দৰ্ভত বক্তব্য ৰাখে বিজেপিৰ নিশিকান্ত ডুবেয়ে। তেওঁ কয়, আমি ধৈৰ্য ধৰি সকলো শুনিলো। এতিয়া আমাৰ কথা শুনক। ইয়াৰ পাছত ৰাহুল গান্ধীয়ে এটা কথাও ক’ব নোৱাৰিব। মণিপুৰক লৈ বহুত কথা কৈছে। আমি এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছো।

বিজেপিৰ সাংসদগৰাকীৰ এই বক্তব্যৰ পাছতে বিৰোধী সাংসদসকলে বিভিন্ন শ্লগান আওৰাই সংসদ উত্তাল কৰি তোলে। বিজেপি সাংসদ নিশিকান্তে INDIA গোটক কটাক্ষ কৰি কয়, INDIA ৰ যিমান সাংসদ আছে তেওঁলোকে ভাবক, তেওঁলোকৰ মাজৰ কিমানজনে ইয়াৰ সম্পূৰ্ণ নাম ক'ব পাৰে।

এয়া কোনো আনাস্থা ভটো নহয়। এয়া বিৰোধীৰ আস্থা পৰীক্ষাৰ ভোট। বিৰোধীয়ে আচলতে চাব বিচাৰিছে কোনে কোনে তেওঁলোকক সমৰ্থন কৰিছে। বিৰোধীয়ে নিজৰ মাজতে যুঁদ্ধ কৰিছে।

ইফালে ন্যায়ালয়ৰ সোউজ সংকটৰ পাছতে সাংসদ পদ ঘূৰাই পোৱা ৰাহুল গান্ধীৰ সোমবাৰে সাংসদলৈ পুনৰ আগমণ ঘটিছে। সংসদৰ ৰাহুল গান্ধীক আজি পুনৰ আক্ৰমণ লক্ষ্য কৰি লয় বিজেপিয়ে।

বিজেপি সাংসদ নিশিকান্তই ৰাহুলক আক্ৰমণ কৰি কয়, উচ্চতম ন্যায়ালয়ে কোনো ৰায় দিয়া নাই। স্থগিতাদেশহে দিছে। তেওঁ (ৰাহুলে) কৈছে ক্ষমা নিবিচাৰে। তেওঁ (ৰাহুলে) কৈছে মই ছাভাৰকাৰ নহয়।

নিশিকান্তই পুনৰ কয় ৰাহুল গান্ধী কেতিয়াও ছাভাৰকাৰ হ'ব নোৱাৰে। কেৱল সিমানেই নহয়, ছোনিয়া গান্ধীকো সমালোচনা কৰে তেওঁ। নিশিকান্তৰ পাছতে ডি এম কেৰ সাংসদ টি আৰ বালুৱে বক্তব্য ৰাখে আৰু বিজেপি তথা প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ কৰে।

Also Read: ঢেকিয়াজুলিৰ পেট্ৰ'ল পাম্পত অগ্নিকাণ্ড...

তেওঁ কয়, মণিপুৰ সংঘৰ্ষত ১৬৩ জনৰ মৃত্যুৰ পাছতো নীৰৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আনাস্থা প্ৰস্তাৱত অংশগ্ৰহণ কৰি তেওঁ কয়, দেশক যিসকলে ভাল পায় সেইসকলেই মোডীক পচন্দ নকৰে। পশ্চিমবংগত ৮০ খন আসনো লাভ কৰা নাই। সেয়ে ১০০ দিনৰ কাম ধন বন্ধ কৰি দিছে। তেওঁলোকে বংগলৈ প্ৰতিনিধি দল পঠিয়াই। কিন্তু মণিপুৰলৈ নপঠিয়াই।

আনহাতে মণিপুৰ প্ৰসংগত সাংসদ সৌগত ৰয়ে কয়, মণিপুৰক লৈ নিশিকান্তই এটা শব্দও উচ্চাৰণ নকৰিলে। মণিপুৰ ভিডিঅ’ কাণ্ডৰ প্ৰসংগত সৌগত ৰয়ে কয়, কোন সভ্য দেশত এনে ঘটনা ঘটিব পাৰে?

তেওঁ প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি কয়, মণিপুৰ জ্বলিছে অথচ প্ৰধানমন্ত্ৰী বিদেশত ঘূৰি আছে। আনাস্থা প্ৰস্তাৱত তেওঁ কয়, বিলাহীৰ দাম বৃদ্ধি হৈছে। কৰ্ম সংস্থাপন বৃদ্ধিত ব্যৰ্থ চৰকাৰ। সংসদত কোনো প্ৰশ্নৰ উত্তৰ দিয়া নাই তেওঁ। সংসদীয় গণতন্ত্ৰত বিশ্বাসী নহয় প্ৰধানমন্ত্ৰী। প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ।

Also Read: মূল্যবৃদ্ধি ৰোধৰ দাবীৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অনশন কাৰ্য্যসূচী...

কেৱল সেয়াই নহয়, ই ডি, চি বি আইক লৈয়ো সৰৱ হ’ল সাংসদগৰাকী। তেওঁ কয়, বিৰোধীক টাৰ্গেট কৰি ইডি, চিবিআই ব্যৱহাৰ কৰিছে বিজেপিয়ে। বিৰোধীৰ আনাস্থা প্ৰস্তাৱত বক্তব্য ৰাখে এন চি পিৰ সাংসদ সুপ্ৰিয়া সুলেয়ে।

তেওঁ কয়, বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কথা ভাবিলেই প্ৰথমেই মনলৈ আহে অহংকাৰ শব্দটি। কেন্দ্ৰীয় চৰকাৰক কৃষক বিৰোধী আখ্যা দি তেওঁ কয়, এই চৰকাৰ কৃষক বিৰোধী। সেই কাৰণেই এই চৰকাৰৰ প্ৰতি আমাৰ আস্থা নাই।

মণিপুৰ বিষয়ত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰো পদত্যাগ দাবী কৰিলে তেওঁ। আনাস্থা প্ৰস্তাৱক লৈ এনে বিতৰ্ক অব্যাহত থকাৰ মাজতে আকৌ সংসদত শিৱসেনাৰ সিন্দে গোটৰ সাংসদ শ্ৰীকান্ত সিন্দেয়ে হনুমাল চালিছা পাঠ কৰে। অৱশ্যে বিজেপিৰ সমৰ্থনত তেওঁ এনেদৰে হনুমান চালিছা পাঠ কৰিলেও বিৰোধীয়ে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰিবলৈ নেৰিলে।

পৰ্যায়ক্ৰমে সমাজবাদী পাৰ্টী আৰু আন আন দলৰ সংসদে প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কটাক্ষ অব্যাহত ৰাখিছে। ইফালে সংসদলৈ প্ৰত্যাৱৰ্তন কৰা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে আনাস্থা প্ৰস্তাৱত বক্তব্য ৰাখিব বুলি জানিব পৰা গৈছে।

সেই দিনাই লোকসভাত প্ৰধানমন্ত্ৰী মোডীয়ে বক্তৃতা ৰখাৰ কথা। ইফালে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে আনাস্থা প্ৰস্তাৱৰ মাজতে মণিপুৰৰ আজিৰ পৰিস্থিতিৰ বাবে ইউ পি এ চৰকাৰকহে জগৰীয়া কৰিলে। আনাস্থা প্ৰস্তাৱৰ বিতৰ্কত তেওঁ কলে, মণিপুৰৰ হিংসাৰ বাবে দায়ী ইউ পি এ।

Also Read: দুৰ্বত্তই নিশা জ্বলাই দিলে মঙলদৈৰ এখন ফাৰ্মাচীঃ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল কেমেৰাত...

ৰাহুল গান্ধী গৌৰৱ গগৈ নৰেন্দ্ৰ মোডী লোকসভা