দুৰ্বত্তই নিশা জ্বলাই দিলে মঙলদৈৰ এখন ফাৰ্মাচীঃ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল কেমেৰাত...

দুৰ্বত্তই নিশা জ্বলাই দিলে মঙলদৈৰ এখন ফাৰ্মাচীঃ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল কেমেৰাত...

author-image
Asomiya Pratidin
New Update
দুৰ্বত্তই নিশা জ্বলাই দিলে মঙলদৈৰ এখন ফাৰ্মাচীঃ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল কেমেৰাত...

দুৰ্বত্তই নিশা জ্বলাই দিলে মঙলদৈৰ এখন ফাৰ্মাচীঃ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল কেমেৰাত...

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈত সংঘটিত হৈছে এক চাাঞ্চল্যকৰ ঘটনা। সোমবাৰে পুৱতি নিশা প্ৰায় ১/২ বজাৰ ভিতৰত দুস্কৃৰ্তীকাৰীয়ে পেট্ৰল ঢালি জ্বলাই দিলে এখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷

Advertisment

মঙলদৈ চহৰৰ ২নং ৱাৰ্ডৰ বিদুল আলী নামৰ ব্যক্তিগৰাকীৰ ফাৰ্মাচী তথা চিকিৎসা ক্লিনিক প্ৰতিষ্ঠানখন এইদৰে পেট্ৰ’ল ঢালি জুই লগাই দিয়া কাৰ্যই সমগ্ৰ মঙলদৈতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ব্যৱসায়ীক প্ৰতিষ্ঠানখনত দুৰ্বৃত্তই অগ্নিসংযোগ কৰি দিয়াৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল প্ৰতিষ্ঠানখনৰ চি চি টিভি কেমেৰাত। ইফালে নিশা সংঘটিত হোৱা এই ঘটনাৰ পাছতে স্থানীয় লোকৰ তৎপৰতাত প্ৰতিষ্ঠানখন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ পৰা কথমপি ৰক্ষা৷

ঘটনা সন্দৰ্ভত মঙলদৈ সদৰ আৰক্ষী থানাত ফাৰ্মাচীখনৰ গৰাকী বিদুল আলীয়ে এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে সেই অনুসৰি তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত দুৰ্বৃত্তক কৰায়ত্ত কৰিব পৰা নাই।

Also Read: ঢেকিয়াজুলিৰ পেট্ৰ'ল পাম্পত অগ্নিকাণ্ড...

মঙলদৈ