গ্ৰাহকৰ একাউণ্টৰ ৫কোটি লুটিলে সুন্দৰী বেংক মেনেজাৰে

পুনৰ চৰ্চাত ৰাজস্থানৰ কোটা চহৰ। পিছে, এইবাৰ ক’চিং ইনষ্টিটিউটৰ বাবে নহয়। কোটা এইবাৰ চৰ্চাত বেংকৰ বাবেহে। হয়, কোটাৰ এগৰাকী সুন্দৰী বেংক মেনেজাৰে গ্ৰাহকক বাৰুকৈয়ে জ্বলা-কলা খুবাইছে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
সুন্দৰী

ডিজিটেল ডেস্ক: পুনৰ চৰ্চাত ৰাজস্থানৰ কোটা চহৰ। পিছে, এইবাৰ ক’চিং ইনষ্টিটিউটৰ বাবে নহয়। কোটা এইবাৰ চৰ্চাত বেংকৰ বাবেহে। হয়, কোটাৰ এগৰাকী সুন্দৰী বেংক মেনেজাৰে গ্ৰাহকক বাৰুকৈয়ে জ্বলা-কলা খুবাইছে। যাৰ বাবে আকৌ এবাৰ বাতৰিৰ শিৰোনামলৈ আহিছে এইখন চহৰ। 

Advertisment

এইগৰাকী বেংক মেনেজাৰে গ্ৰাহকৰ একাউণ্টৰ পৰা মুঠ ৪.৫৮ কোটি টকা শৰাধ কৰি শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছে। আইচিআইচিআই বেংকৰ এইগৰাকী মেনেজাৰৰ নাম সাক্ষী গুপ্তা। সাক্ষীয়ে দুটা বছৰ ধৰি গ্ৰাহকৰ ধন আত্মসাৎ কৰি আহিছিল।

সলনি কৰা হৈছিল গ্ৰাহকৰ ম’বাইল নম্বৰ

কোটাৰ উদ্যোগ নগৰ আৰক্ষী থানাই ৪ কোটিতকৈ অধিক ধন প্ৰতাৰণা কৰাৰ গোচৰত বেংক মেনেজাৰ সাক্ষীক গ্ৰেপ্তাৰ কৰাত এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। সাক্ষীয়ে প্ৰৱঞ্চনাৰে গ্ৰাহকৰ একাউণ্টৰ পৰা ৪.৫৮ কোটি টকা লুটিছিল। এই লেনদেনৰ কথা যাতে গ্ৰাহকে গম নাপায়, তাৰ বাবে সাক্ষীয়ে অতি চতুৰতাৰে গ্ৰাহকৰ ম’বাইল নম্বৰ সলনি কৰে। বিষয়টো পোহৰলৈ অহাৰ পাছতে শাখা বেংকৰ পৰিচালক তৰুণ দধিচে উদ্যোগ নগৰ থানাত বেংক মেনেজাৰগৰাকীৰ বিৰুদ্ধে এহাজাৰ দাখিল কৰিছিল।

তদন্তত পোহৰলৈ অহা মতে, সাক্ষী গুপ্তাই প্ৰায় ডেৰ-দুবছৰত ৪৩ জন গ্ৰাহকৰ ১১০ টাতকৈও অধিক একাউণ্ট খালী কৰিছিল। এজন গ্ৰাহকে তেওঁৰ এফ ডিৰ তথ্য ল’বলৈ বেংকলৈ আহোতেহে এই ঘটনা পোহৰলৈ আহে। এই সন্দৰ্ভত বেংকটোৱে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত উদ্যোগ নগৰ থানাত এজাহাৰ দাখিল কৰিছিল আৰু তদন্তৰ অন্তত আৰক্ষীয়ে অভিযুক্ত মহিলা বেংক মেনেজাৰ গৰাকীক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত সাক্ষী গুপ্তাই ২০২৩ চনত বেংকৰে সহকৰ্মী  শৰদ গুপ্তাৰ সৈতে প্ৰেম বিবাহত আবদ্ধ হৈছিল। অৱশ্যে, এই প্ৰৱঞ্চনাৰ সৈতে তেওঁৰ স্বামী জড়িত আছিল নে নাই, সেয়া এতিয়াও পোহৰলৈ অহা নাই।

২০২০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত সাক্ষী গুপ্তাই এই ঘটনা সংঘটিত কৰিছিল। তেওঁ শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰিছিল যদিও সকলো টকা শেষ গৈছিল। তেওঁ প্ৰায় ৪৩ জন গ্ৰাহকৰ ১১০ টাতকৈও অধিক একাউণ্টৰ পৰা ধন শৰাধ কৰিছিল। জেৰাত অভিযুক্ত সাক্ষীয়ে স্বীকাৰ কৰে যে, বেংকৰ গ্ৰাহকসকলৰ ম’বাইল নম্বৰৰ সলনি তেওঁ তেওঁৰ পৰিয়ালৰ সদস্যৰ নম্বৰ ব্যৱহাৰ কৰিছিল। যাতে ধনৰ লেনদেনৰ মেছেজ গ্ৰহকৰ ম’বাইললৈ নাযায়। 

সুন্দৰী সাক্ষীৰ এই কুকৰ্ম পোহৰলৈ অহাৰ পাছতে এই চৌদিশে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। কিমান চতুৰ হ'লে নিজৰ বেংকৰে গ্ৰাহকৰ টকা মেনেজাৰে এইদৰে শৰাধ কৰিব পাৰে, তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে।