অনুসূচিত জাতিক অপমাণঃ এজাহাৰ দাখিলৰ পাছতে ক্ষমা বিচাৰিলে মন্ত্ৰী ৰঞ্জিৎ দাসে

অনুসূচিত জাতিক অপমাণ কৰি মন্তব্য কৰাৰ পাছতে মন্ত্ৰী ৰঞ্জিত দাসৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। অনুসূচিত সংগ্ৰামী যুৱ পৰিষদে ৰুজু কৰা গোচৰৰ পিছতে ক্ষমা বিচাৰিছে মন্ত্ৰী দাসে।

author-image
Asomiya Pratidin
New Update
অনুসূচিত জাতিক অপমাণঃ এজাহাৰ দাখিলৰ পাছতে ক্ষমা বিচাৰিলে মন্ত্ৰী ৰঞ্জিৎ দাসে

ডিজিটেল ডেস্কঃ ৰাজনৈতিক আক্ৰোশপূৰণৰ স্বাৰ্থত বিজেপি নেতৃত্বাধীন অসম চৰকাৰে কংগ্ৰেছ নেতা তথা সাংবাদিকৰ বিৰুদ্ধে অনুসূচিত জাতি-জনজাতি অত্যাচাৰ নিবাৰণ আইন, ১৯৮৯ৰ ধাৰাত গোচৰ ৰুজু কৰাৰ অভিযোগৰ মাজতে বিজেপি নেতা তথা অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ দাসৰ এটা মন্তব্যই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ ভোট বিচাৰবলৈ গৈ মন্ত্ৰী ৰণজিৎ দাসে অসমৰ অনুসূচিত জাতিৰ লোকসকলক ভয়ংকৰভাৱে অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

Advertisment

ইতিমধ্যে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে ৰণজিৎ দাসৰ বিৰুদ্ধে মহানগৰীৰ দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে অনুসূচিত জাতি-জনজাতি অত্যাচাৰ নিবাৰণ আইন, ১৯৮৯ৰ ধাৰাত গোচৰ ৰুজু কৰিছে নে নাই সেয়া আৰক্ষীয়ে এই পৰ্যন্ত ৰাজহুৱা কৰা নাই৷

জানিব পৰা মতে ১৮ মাৰ্চত মন্ত্ৰী ৰণজিৎ দাসে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ৩০ নং বামুণীগাঁও সমষ্টিত প্ৰচাৰ চলাবলৈ গৈছিল৷ এখন নিৰ্বাচনী সভাত অংশ লৈ সাংবাদিকৰে মুখামুখি হোৱাৰ সময়ত মন্ত্ৰীগৰাকীয়ে ভাৰতবৰ্ষত জাতি কেইটা সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক মন্তব্যৰ প্ৰসংগ উল্লেখ কৰি কৈছিল যে ভাৰতবৰ্ষত চাৰিটা জাতি আছে৷

তেওঁ কৈছিল যে আমি যেনেকৈ বহুতে অসমীয়া, বঙালী, বড়ো, গোৰ্খা, কোঁচ, কলিতা, হীৰা, ‘দোম’, বামুণ, অমুক এনেকুৱাকৈ বিভিন্ন ধৰণৰ যি জাতি প্ৰথাৰ কথাও কওঁ৷ কিন্তু প্ৰধানমন্ত্ৰীৰ দৃষ্টিত জাতি চাৰিটা৷ এটা জাতি হৈছে দুখীয়া, দ্বিতীয়তে মহিলা, কৃষক আৰু যুৱক৷

ৰণজিৎ দাসে প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ প্ৰসংগত সুন্দৰকৈ বৰ্ণনা কৰি গৈছিল যদিও ইয়াৰ মাজতে তেওঁৰ মুখেৰে উচ্চাৰণ হৈছিল ‘দোম’ শব্দ৷ মন্ত্ৰীগৰাকীৰ মুখেৰে ‘দোম’ শব্দ ওলাই আৰু সেই মন্তব্য প্ৰচাৰৰ পিছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

কিয়নো ‘দোম’ শব্দ ব্যৱহাৰ কৰি অসমৰ অনুসূচিত জাতিৰ লোকক তুচ্ছ-তাচ্ছিল্য কৰা হয়৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ দাসে এনে শব্দ এজন মন্ত্ৰীৰ মুখত প্ৰকাশ পোৱাত তীব্ৰ নিন্দা কৰাৰ লগতে ২৮ মাৰ্চৰ নিশাই দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷

এজাহাৰ দাখিল কৰি শীঘ্ৰে মন্ত্ৰী দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে৷ সঞ্জীৱ দাসে কয় ৰণজিৎ দাসে অসমত বসবাস কৰা অনুসূচিত জাতিৰ লোকক ঘোৰ অপমান কৰিছে৷ দেখদেখকৈ ৰাজহুৱা স্থানত অনুসূচিত জাতিৰ লোকক অসন্মানীয় আৰু অসাংবিধানিক শব্দ ব্যৱহাৰ কৰি অপমান কৰিছে৷

‘দােম’ শব্দ অসাংবিধানিক আৰু অনুসূচিত জাতিৰ লোকক ‘নীচ’ ‘অধম’ বুলি গণ্য কৰি ব্যৱহাৰ কৰে একাংশ লোকে৷ আজিও একাংশ লোকে ‘দোম’ শব্দ ব্যৱহাৰ কৰি অনুসূচিত জাতিৰ লোকক ‘দোম’ বুলি কৈ তুচ্ছ-তাচ্ছিল্য কৰি আহিছে৷ কিন্তু মন্ত্ৰী ৰণজিৎ দাসে সংবিধানৰ শপত লৈ মন্ত্ৰী হোৱাৰ পিছতো অসাংবিধানিক শব্দ মুখেৰে কৈছে৷

এই কথা সহ্য কৰিব নোৱাৰি৷ ইপিনে মন্ত্ৰীগৰাকীয়ে আজি পুৱাই সাংবাদমাধ্যমৰ মুখামুখি হৈ এনে শব্দ মুখেৰে অজানিতে ওলাই যোৱা বুলি স্বীকাৰ কৰি ক্ষমা খোজে৷ মন্ত্ৰীগৰাকীয়ে কয় যে ''মোৰ মুখেৰে এটা অসাংবিধানিক শব্দ ওলাই গৈছে৷ মোৰ যেতিয়া বোধগম্য হ’ল তেতিয়া বুজিছিলো যে সেই অসাংবিধানিক শব্দটো মোৰ মুখেৰে ওলাব নালাগিছিল৷ কিবা কাৰণত হয়তো ওলাই গ’ল৷ তাৰ বাবে মই অনুতপ্ত৷

মোৰ মুখৰ পৰা যাতে শব্দটো দুনাই নোলায় তাৰ বাবে সংযত হম৷ বহুতে দুখ প্ৰকাশ কৰিছে৷ বহুতে এজাহাৰ ৰুজু কৰিছে৷ এই শব্দটোৰ বাবে মই সকলো অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছো।''

কিন্তু মন্ত্ৰীগৰাকীয়ে কিবা কাৰণত হয়তো এনে শব্দ ওলাই গ’ল বুলি কোৱাত উভতি ধৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ দাসে৷ সঞ্জীৱ দাসে কয় যে, তেনে শব্দ মগজুত থাকিব লাগিব তেতিয়াহে মুখেৰে ওলাই৷

লগতে সঞ্জীৱ দাসে কয় যে, এগৰাকী মন্ত্ৰীয়ে এনে শব্দ কোৱাটো দুৰ্ভাগ্যজনক৷ অনুসূচিত জাতিৰ বাবে থকা সকলো আঁচনি মন্ত্ৰী পীয়ুষ হাজৰীকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ্তন কৰিছে৷ তাৰ দ্বাৰা আমি বুজিব পাৰিছো যে এইখন চৰকাৰ অনুসূচিত জাতি বিৰোধী চৰকাৰ৷ অনুসূচিত জাতিৰ কাম নকৰে৷ অনুসূচিত জাতিৰ লোকসকলক হেয় প্ৰতিপন্ন কৰিবলৈ কাম কৰে৷ এই বিষয়ত আমি দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগক এই বিষয়ত স্মাৰক যোগে অৱগত কৰিম বুলিও কয় সঞ্জীৱ দাসে৷

ৰঞ্জিত দাস অনুসূচিত জাতি