Advertisment

৫লক্ষাধিক বাইক বিক্ৰী! Royal Enfield Hunter 350লৈ গ্ৰাহকৰ আদৰ...

ভাৰতীয় বজাৰত ৰয়েল এনফিল্ড কোম্পানীৰ বাইকৰ আছে বিশেষ আদৰ।  এই প্ৰতিষ্ঠানটোৱে মুকলি কৰা প্ৰতিখন বাইকেই লাভ কৰে গ্ৰাহকৰ আদৰ। শেহতীয়াকৈ ৰয়েল এনফিল্ডে মুকলি কৰা হান্টাৰ-৩৫০ বাইকখনেও গ্ৰাহকৰ পৰা অভূৰ্তপূৰ্ব সহাঁৰি লাভ কৰিছে। 

author-image
Asomiya Pratidin
New Update
Royal Enfield Hunter 350

Royal Enfield Hunter 350

ডিজিটেল ডেস্কঃ ভাৰতীয় বজাৰত ৰয়েল এনফিল্ড কোম্পানীৰ বাইকৰ আছে বিশেষ আদৰ।  এই প্ৰতিষ্ঠানটোৱে মুকলি কৰা প্ৰতিখন বাইকেই লাভ কৰে গ্ৰাহকৰ আদৰ। শেহতীয়াকৈ ৰয়েল এনফিল্ডে মুকলি কৰা হান্টাৰ-৩৫০ বাইকখনেও গ্ৰাহকৰ পৰা অভূৰ্তপূৰ্ব সহাঁৰি লাভ কৰিছে। 

Advertisment

২০২২ চনৰ আগষ্ট মাহত এই বাহনখনৰ মূল্য ১.৪৯ লাখ টকাত  মুকলি কৰা হৈছিল এই বাইকখন। প্ৰথম বছৰত ১ লাখ বাইক বিক্ৰী হৈছিল। তাৰ পিছৰ ৫মাহতে ১লাখ হান্টাৰ-৩৫০ বাইক বিক্ৰী হৈছিল। ২০২৫চনৰ লৈকে ৫লাখ ৰয়েল এনফিল্ড হান্টাৰ ৩৫০ বাইক বিক্ৰী হৈছে ভাৰতত। আঢ়ৈ বছৰতে প্ৰায় ৫লাখ বাইক বিক্ৰী হৈছে ভাৰতত। 

এই বাইকখনৰ প্ৰাৰম্ভিক মূল্য এতিয়া ১.৫০ লাখ টকা।  আনহাতে বাইকখনৰ শীৰ্ষ মডেলৰ মূল্য ১.৭৫ লাখ টকা। ভাৰতীয় বজাৰত ৰয়েল এনফিল্ড হাণ্টাৰ ৩৫০ অহাৰ পিছৰে পৰা গ্ৰাহকৰ পৰা অতিপাত আদৰ লাভ কৰিছে।  এতিয়া দেশত ৫ লাখ ইউনিট বিক্ৰীৰ সীমা অতিক্ৰম কৰি নতুন মাইলৰ খুঁটি মুকলি কৰিছে বাহনখনে।

ভাৰত