/asomiyapratidin/media/media_files/2025/06/12/OuStqUHbCS78X2HpD1hs.jpg)
ডিজিটেল ডেস্ক: শিৰোনামটো দেখি হয়তো ভাবিছে, কথাটো কি ? আচলতে এই গোটেই বিষয়টো ৰীল কেন্দ্ৰিক। ইনষ্টাগ্ৰাম ৰীলৰ বাবেই এতিয়া এখন সংসাৰ ভঙাৰ উপক্ৰম কৈছে। স্বামীৰ বিৰুদ্ধে খোদ পত্নীয়েই থানাত গোচৰ ৰুজু কৰিছে।
প্ৰকৃততে, স্বামী বিজেন্দ্ৰৰে পত্নী নিশাক দিনৰ দিনটো ৰীল চাই আৰু ৰীল বনোৱাত ব্যস্ত থকাৰ পৰিৱৰ্তে ঘৰৰ কাম-কাজত অধিক মনোনিৱেশ কৰিবলৈ কৈছিল। তাতে ক্ষুদ্ধ হৈ নিশা স্বামীগৃহ এৰি মাতৃগৃহ পায়গৈ।
নিশাই মাতৃগৃহৰ সমীপৰ হাপুৰ মহিলা আৰক্ষী থানাত দিয়া ভাষ্য মতে, তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত ২টা ফ'ল'ৱাৰ হ্ৰাস পালে। যাৰ কাৰণ হ’ল তেওঁৰ স্বামী। কিয়নো স্বামীয়ে ঘৰুৱা কামত মনোনিৱেশ কৰিবলৈ তেওঁক জোৰ দি থাকে। ঘৰৰ কাম কৰি থাকিলে দৈনিক তেওঁ ৰীল বনাব নোৱাৰে আৰু ইয়ে হৈছে তেওঁৰ একাউণ্টৰ পৰা অনুগামীৰ সংখ্যা হ্ৰাস হোৱাৰ মূল কাৰণ। নিশাই দৈনিক দুটাকৈ ৰীল বনাই ইনষ্টাগ্ৰামত আপল’ড কৰে। কিন্তু স্বামীয়ে সকলো সময়তে ঘৰৰ কাম কৰি থাকিবলৈ বাধ্য কৰোৱাত এতিয়া তেওঁৰ ৰীল বনাব নোৱাৰা হৈছে। সীমিত সময়-সীমাৰ ভিতৰত ইনষ্টাগ্ৰাম একাউণ্টত সক্ৰিয় হোৱাৰ বাবে ফ'ল'ৱাৰৰ সংখ্যা কমি গৈছে। আনহাতে, নয়দাত তেওঁলোক পৰিয়ালৰ পৰা দূৰত আছে। সেয়ে, ৰীলত ব্যস্ত হৈ থাকিলে পৰিয়াললৈ কমকৈ মনত পৰে বুলিও নিশাই আৰক্ষীক জানিবলৈ দিয়ে।
আৰক্ষীৰ ভূমিকা
উত্তৰ প্ৰদেশৰ হাপুৰ মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰুণা ৰায়ে প্ৰায় চাৰি ঘণ্টা ধৰি নিশা আৰু বিজেন্দ্ৰৰৰ এই কথাখিনি শুনে। পাছত বৈবাহিক সম্প্ৰীতি আৰু পাৰিবাৰিক জীৱনৰ গুৰুত্ব সন্দৰ্ভত পৰামৰ্শ দিয়ে। আৰক্ষীৰ সন্মুখত স্বামী-স্ত্ৰী দুয়োজনে অৱশ্যে পৰৱৰ্তী সময়ত এনেধৰণৰ সংঘাতত লিপ্ত নহয় বুলি কথা দিয়ে।