অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰীলৈ ইংলেণ্ডৰ Warwick বিশ্ববিদ্যালয়ত গৱেষণাৰ বাবে জলপানি...

অসম কৃষি বিশ্ববিদ্যালয়ৰ  উদ্ভিদ ৰোগ  বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ ছাত্ৰী  প্রজ্ঞা পাৰমিতা আচাৰ্যই বিদেশত ডক্টৰেট ডিগ্রীৰ গৱেষণাৰ বাবে জলপানি লাভ কৰি  বিশ্ববিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিছে।

author-image
Asomiya Pratidin
New Update
্ো্্্্্্

ডিজিটেল সংবাদ,যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ  উদ্ভিদ ৰোগ  বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ ছাত্ৰী  প্রজ্ঞা পাৰমিতা আচাৰ্যই বিদেশত ডক্টৰেট ডিগ্রীৰ গৱেষণাৰ বাবে জলপানি লাভ কৰি  বিশ্ববিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিছে।

Advertisment

বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা প্ৰতিযোগিতামূলক BBSRC Doctoral Landscape Awardৰ অৰ্থকৰী সহযোগিতাত তেওঁ Midlands Integrative Bioscience Training  Partnership (MIBTP)ৰ উচ্চস্তৰীয় তথা সন্মানীয় জলপানি লাভ কৰিছে।

এই জলপানিৰ যোগেদি  বিশ্বৰ ৬৯নং স্থানত থকা  ইংলেণ্ডৰ Warwick বিশ্ববিদ্যালয়ত  ডক্টৰেট ডিগ্রীৰ গৱেষণা কৰাৰ সুযোগ পাইছে। ছাত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগৰ বিজ্ঞানী  Dr. Mojgan Rabieyৰ অধীনত Microbial Bioprospecting and  Functional Genomics for Sustainable Crop Health Management বিষয়ত গৱেষণা কৰিব।

উল্লেখযোগ্য যে তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ ৰোগ  বিজ্ঞান বিভাগৰ  সহকাৰী অধ্যাপক ডঃ অনুৰাগ কাশ্যপৰ অধীনত স্নাতকোত্তৰ পৰ্যায়ত কৰা Bacterial Nanocellulose and its application in food packaging বিষয়ক গৱেষণাক MIBTPৰ সংশ্লিষ্ট বাচনি কমিটিয়ে ভূয়সী প্ৰশংসা কৰে।  ইতিমধ্যেই এই গৱেষণাৰ বিষয়ে উচ্চস্তৰীয় আন্তৰাষ্ট্ৰীয় গবেষণা পত্ৰিকাত প্ৰকাশ হৈছে।

যোৰহাট