/asomiyapratidin/media/media_files/2025/07/25/web-ap-1-2025-07-25-16-43-12.jpg)
ডিজিটেল ডেস্ক: বহু অভিভাৱকে তেওঁলোকৰ পছন্দ-অপছন্দ সন্তানৰ ওপৰত জাপি দিয়ে। সন্তানক কাপোৰ পিন্ধোৱা, পঢ়া-শুনা বা কেৰিয়াৰ বাছনিত পিতৃ-মাতৃৰ সিন্ধান্তই চুড়ান্ত সিদ্ধান্ত হয়। নিজৰ স্বাৰ্থত পিতৃ-মাতৃয়ে শিশুৰ ওপৰত ইমান আধিপত্য বিস্তাৰ কৰে যে তেওঁলোকে তেওঁলোকৰ সন্তানে কি বিচাৰে তাৰ প্ৰতি মনোযোগ দিবলৈ পাহৰি যায়।
প্ৰকৃততে কি বিচাৰে শিশুয়ে ?
কিছুমান শিশু ইয়াৰ দ্বাৰা প্ৰভাৱিত নহয় যদিও কিছুমান অধিক সংবেদনশীল শিশুৰ মনত এনে কথাবোৰে গভীৰভাৱে প্ৰভাৱ পেলায়। তেওঁলোকৰ আকাংক্ষাৰ বিপৰীতে কাম কৰাটোৱে তেওঁলোকৰ মনত ভুল প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। যাৰ ফলত তেওঁলোক খিংখিঙীয়া স্বভাৱৰ হয়। কেতিয়াবা আনকি তেওঁলোকৰ মনবোৰ বিদ্ৰোহী আৰু হিংসাত্মক হৈ পৰে। সেয়েহে, সন্তানৰ সুস্থিৰ বিকাশৰ স্বাৰ্থত পিতৃ-মাতৃয়ে তেওঁৰ পছন্দ-অপছন্দবোৰ সন্তানৰ ওপৰত কেতিয়াও জাপি দিব নালাগে।
অভিভাৱকসকলে অনুভৱ কৰে যে তেওঁলোকে তেওঁলোকৰ সন্তানৰ কেৰিয়াৰৰ বাবে যি চিন্তা কৰি আছে, সেয়াই সৰ্বশ্ৰেষ্ঠ। সন্তানে কি বিচাৰে সেয়া নজনাকৈয়ে অভিভাৱকসকলে সকলো দিশতে তেওঁলোকক হেঁচা দিয়া আৰম্ভ কৰে, যিটো একেবাৰেই ভুল। যদি আপুনি আপোনাৰ সন্তানে জীৱনত সফল হোৱাটো বিচাৰে, সন্তানক নিজৰ আগ্ৰহ অনুসৰি কেৰিয়াৰ বাছনি কৰিবলৈ দিয়ক। অভিভাৱকে সৰুৰে পৰাই সন্তানক শুদ্ধ-ভুল বিচাৰ কৰিবৰলৈ শিকায়। একেদৰেই, কেৰিয়াৰ আৰু জীৱনত পিতৃ-মাতৃয়ে শিশুসকলক শুদ্ধ কামবোৰ কৰিবলৈ নিৰ্দেশনা দিব লাগে।
আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক সময় দিব নোৱাৰে। কিন্তু পৰিয়ালক অগ্ৰাধিকাৰ দিয়াটো প্ৰতিজন ব্যক্তিৰেই কৰ্তব্য। সেয়েহে, সন্তানৰ লগত বহি তেওঁলোকৰ দৈনন্দিন জীৱনৰ কথাবোৰ পাতিব।কিবা সমস্যাৰ সন্মুখীন হ’লে তাক সহজভাৱে সমাধান কিদৰে কৰিব পাৰি, সেই বিষয়ে কথা পাতিব।
আনহাতে, সন্তান যিমানেই বয়সৰ নহওঁক কিয়, অভিভাৱকে তেওঁলোকক সৰু বা একো নাজানে বুলি বুলি গণ্য কৰে। তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকে তেওঁলোকৰ নিজা সিদ্ধান্ত ল'ব নোৱাৰে। কিন্তু এই চিন্তাধাৰাৰ সলনি কৰি আপুনি সৰুৰে পৰাই তেওঁলোকক সিদ্ধান্ত ল’বলৈ শিকাব।