শিশুক খাদ্যৰ প্ৰতি আকৰ্ষিত কৰিবলৈ অভিভাৱকসকলে এইসমূহ উপায় অৱলম্বন কৰক

অধিকাংশ শিশুয়েই খোৱা-বোৱাত খুব বেয়া।যাৰ বাবে তেওঁলোকৰ অভিভাৱকসকল চিন্তাত পৰে। কিয়নো স্বাস্থ্যকৰ খাদ্যৰ অবিহনে শিশুৰ শৰীৰে পৰ্যাপ্ত পুষ্টি লাভ নকৰে।ইপিনে, শিশুসকল খুব সোনকালে জাংক ফুডৰ প্ৰতি আকৰ্ষিত হয়।কিন্তু আপুনি আপোনাৰ সন্তানক যিমানেই জাংক ফুডৰ পৰা আঁতৰাই ৰাখিব, সিমানেই তেওঁলোকে ঘৰত ৰন্ধা খাদ্য খাব।যদি আপোনাৰ সন্তানেও স্বাস্থ্যকৰ খাদ্য খাবলৈ অনিচ্ছুক হয়, তেন্তে আপুনি কিছু ক্ষেত্ৰত তেওঁলোকৰ বিশেষ যত্ন লোৱাটো দৰকাৰ।

author-image
Asomiya Pratidin
New Update
শিশুক খাদ্যৰ প্ৰতি আকৰ্ষিত কৰিবলৈ অভিভাৱকসকলে এইসমূহ উপায় অৱলম্বন কৰক

ডিজিটেল ডেস্ক: অধিকাংশ শিশুয়েই খোৱা-বোৱাত খুব বেয়া।যাৰ বাবে তেওঁলোকৰ অভিভাৱকসকল চিন্তাত পৰে। কিয়নো স্বাস্থ্যকৰ খাদ্যৰ অবিহনে শিশুৰ শৰীৰে পৰ্যাপ্ত পুষ্টি লাভ নকৰে।ইপিনে, শিশুসকল খুব সোনকালে জাংক ফুডৰ প্ৰতি আকৰ্ষিত হয়।কিন্তু আপুনি আপোনাৰ সন্তানক যিমানেই জাংক ফুডৰ পৰা আঁতৰাই ৰাখিব, সিমানেই তেওঁলোকে ঘৰত ৰন্ধা খাদ্য খাব।যদি আপোনাৰ সন্তানেও স্বাস্থ্যকৰ খাদ্য খাবলৈ অনিচ্ছুক হয়, তেন্তে আপুনি কিছু ক্ষেত্ৰত তেওঁলোকৰ বিশেষ যত্ন লোৱাটো দৰকাৰ।

Advertisment

নতুন নতুন ধৰণৰে খাদ্য তৈয়াৰ কৰিব

যদি আপোনাৰ শিশুৱে কোনো সেউজীয়া পাচলি বা ফল নাখায়, তেন্তে আপুনি এই ফল-পাচলিৰে  তেওঁলোকক বিভিন্ন ধৰণৰ খাদ্য তৈয়াৰ কৰি দিব পাৰে। যেতিয়া তেওঁলোকে একেটা বস্তুকে নতুন ধৰণে সোৱাদ লাভ কৰে, সেই খাদ্যৰ প্ৰতি আকৰ্ষিত হৈ পৰে।সেয়েহে, একেধৰণৰ খাদ্য তেওঁলোকক সদায় দি নাথাকিব।

প্লেটখন সজাই দিব

শিশুক খাদ্য দিয়া প্লেটখন ৰঙীন পাচলি আৰু ফলৰে সজাই দিব।ইয়াৰ পাছত আপুনি আকৰ্ষণীয় ৰূপত সেইখনি পৰিৱেশন কৰি শিশুক খাবলৈ দিব।এনেদৰে আপুনি তেওঁলোকক খাদ্যৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিব পাৰে। 

এখন ৰুটিন তৈয়াৰ কৰিব 

শিশুসকলক সদায়েই একেটা সময়তে খুৱাবলৈ অভ্যাস কৰিব।তেওঁলোকক সদায়েই ঘৰত তৈয়াৰ কৰা খাদ্য খাবলৈ দিব।ই তেওঁলোকৰ পেট ভৰ্তি ৰাখিব আৰু জাংক ফুডৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ কমিব।

শিশুক লগত লৈ খাদ্য ৰান্ধিব

ৰন্ধাৰ সময়ত শিশুসকলক আপোনাৰ লগত ৰাখিব। যেতিয়া তেওঁলোকে আপোনাৰ সৈতে একেলগে খাদ্য ৰান্ধে, তেওঁলোকে খাদ্যৰ প্ৰতি আকৰ্ষণ বৃদ্ধি হ’ব।

আপোনাৰ সন্তানক স্বাস্থ্যকৰ আহাৰ খোৱাৰ লাভালাভৰ বিষয়ে জনাব 

অভিভাৱক হিচাপে আপুনি শিশুসকলক তেওঁলোকে কি খাব লাগে সেয়া জনাব। স্বাস্থ্যৱান কৰি ৰাখিবলৈ তেওঁলোকে কি কি খাদ্য উচিত তাৰ এখন তালিকাও প্ৰস্তুত কৰিব।

Also Read: আপোনাৰ সন্তানেও পঢ়িবলৈ মন নকৰে নেকি ?