মিছন ইন্দ্ৰধনুষ : ভাৰতৰ এক সফল অভিযান...

মিছন ইন্দ্ৰধনুষ- এই আঁচনিখন ভাৰত চৰকাৰে আৰম্ভ কৰিছিল ২০১৪ চনত। ইতিমধ্যে এই আঁচনিৰ জৰিয়তে এতিয়ালৈকে দেশৰ ৫.৪৬ কোটি শিশুক প্ৰতিষেধক প্ৰদান কৰিছে। 

author-image
Asomiya Pratidin
New Update
hghk

ডিজিটেল ডেস্ক : মিছন ইন্দ্ৰধনুষ- এই আঁচনিখন ভাৰত চৰকাৰে আৰম্ভ কৰিছিল ২০১৪ চনত। ইতিমধ্যে এই আঁচনিৰ জৰিয়তে এতিয়ালৈকে দেশৰ ৫.৪৬ কোটি শিশুক প্ৰতিষেধক প্ৰদান কৰিছে। 

Advertisment

একেদৰে দেশৰ ১.৩২ কোটি গৰ্ভৱতী মহিলাক প্ৰতিষেধক প্ৰদান কৰিছে মিছন ইন্দ্ৰধনুষ আঁচনিয়ে। শেহতীয়াকৈ চলোৱা সমীক্ষা এই তথ্য প্ৰকাশ পাইছে। 

উল্লেখযোগ্য যে, এই নিৰ্দিষ্ট আঁচনিখনে দেশৰ বিভিন্ন প্ৰান্তৰ চুকে- কোণে থকা লোকসকলক সামৰি ল’বলৈ সক্ষম হৈছে। কেৱল ইমানেই নহয়, এই আঁচনি দ্বাৰা বহু শিশু আৰু গৰ্ভৱতী মহিলা যথেষ্ট উপকৃত হৈছে। 

বিভিন্ন ৰোগৰ পৰাও তেওঁলোকৰ হাত সাৰিবলৈ সক্ষম হৈছে। আনকি এই আঁচনিৰ দ্বাৰা লাভ কৰা সহায়ৰ বাবে শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস পাবলৈ সক্ষম হৈছে। 

প্ৰতিবেদনত মিছন ইন্দ্ৰধনুষ আঁচনিক ভাৰতৰ এক সফল অভিযান বুলি উল্লেখ কৰাৰ লগতে বিশ্বই এই আঁচনিৰ প্ৰতি কৃতজ্ঞতা জনোৱা বুলি উল্লেখ কৰে।

মিছন ইন্দ্ৰধনুষ ৫.০