প্ৰতিখন ঘৰতে পাকঘৰৰ বাগিচা থকাটো কিয় দৰকাৰী, জানি লওঁক

দিনবোৰ সলনি হ’ল। সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যোৱাৰ স্বাৰ্থত জ্ঞাতে-অজ্ঞাতে সলনি হৈ গ’ল আমাৰ জীৱনশৈলী, বিশেষকৈ আমাৰ খাদ্য প্ৰণালী। কিন্তু অধিকাংশ লোকৰ পছন্দ হৈ পৰা আজিৰ এই জীৱনশৈলী বহু গুৰুতৰ ৰোগৰ কাৰণ।

author-image
সংগীতা দাস
New Update
পাকঘৰৰ বাগিচা seo (1)

ডিজিটেল ডেস্ক: দিনবোৰ সলনি হ’ল। সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যোৱাৰ স্বাৰ্থত জ্ঞাতে-অজ্ঞাতে সলনি হৈ গ’ল আমাৰ জীৱনশৈলী, বিশেষকৈ আমাৰ খাদ্য প্ৰণালী। কিন্তু অধিকাংশ লোকৰ পছন্দ হৈ পৰা আজিৰ এই জীৱনশৈলী বহু গুৰুতৰ ৰোগৰ কাৰণ। হয়, সতেজ, জৈৱিক ফল-মূল, শাক-পাচলি আজিকালি খুব কম সংখ্যক লোকহে খাবলৈ পায়। গাওঁ অঞ্চলৰ বাদে চহৰৰ সৰহ সংখ্যক লোকেই আজি-কালি সময়ৰ অভাৱত পেকেটযুক্ত খাদ্য তথা বজাৰত উপলব্ধ ভেজাল খাদ্যবোৰেই খাই জীয়াই থাকে। 

Advertisment

কিন্তু, চহৰত থাকিলে বুলিয়েই স্বাস্থ্যৰ লগত আপোচ কৰাটো জানো উচিত বুলি বিবেচনা কৰিব পাৰি ? কোনোপধ্যেই নোৱাৰি। সেয়েহে চহৰত বা নিজৰ ঘৰত ঠাই কম থাকিলেও ফল-মূল, শাক পাচলি, বনষৌধি, ফুলৰ খেতি কৰাৰ চেষ্টা কৰিব লাগে। বিগত কেইবছৰমানত চহৰৰ বহু লোকে কম ঠাইতে শাক-পাচলি, ফল-মূলৰ গছ ৰুবলৈ লৈছে। এই ধাৰণাটোক 'কিটচেন গাৰ্ডেন' বা পাকঘৰৰ বাগিচা বুলি কোৱা হয়। পাকঘৰৰ বাগিচা মানে হৈছে, পাকঘৰৰ ওচৰত বা ভিতৰত থকা সৰু বাগিচা। ইয়াত শাক-পাচলি, ফল-মূল বা ফুলৰ খেতি কৰা হয়। পাকঘৰৰ বাগিচাখনে ঘৰখনক সেউজীয়া কৰি ৰখাটো সহায় কৰে। এই বাগিচাখন আপোনাৰ বেলকনিত থকা কেইটামান পাত্ৰ বা আপোনাৰ পিছফালৰ চোতালত থকা নিৰ্দিষ্ট সৰু ঠাইটুকুৰাটো হ’ব পাৰে। যাৰ উদ্দেশ্য হ’ল এনে কিছুমান উদ্ভিদৰ খেতি কৰা, যিসমূহ আপুনি আপোনাৰ পাকঘৰত পোনপটীয়াকৈ ব্যৱহাৰ কৰিব পাৰে।

পাকঘৰৰ বাগিচাৰ গুৰুত্ব

সতেজ উৎপাদিত সামগ্ৰী

'কিটচেন গাৰ্ডেন' বা পাকঘৰৰ বাগিচাখন সতেজ আৰু পুষ্টিকৰ খাদ্যৰ উৎস। ঘৰতে বাগিচাখন থাকিলে সতেজ শাক-পাচলি, বনৌষধি আনিবলৈ দোকানলৈ দৌৰাৰ প্ৰয়োজন নাই, ঘৰত দুখোজমান দিলেই আপুনি আপোনাৰ বাগিচাত এইসমূহ লাভ কৰিব।

ধন ৰাহি

ঘৰতে শাক-পাচলি, ফল-মূলৰ খেতি কৰিলে আপোনাৰ ধনো ৰাহি হ’ব। কিয়নো, এইসমূহৰ বীজৰ দাম খুব কম। ইয়াৰ বিপৰীতে ঘৰৰ বাগিচাখনে আপোনাক আটাইতকৈ মূল্যৱান সামগ্ৰী দিব।

পৰিবেশৰ প্ৰতি অৱদান

এই বাগিচাখন আপোনাৰ পৰা প্ৰকৃতিয়ে লাভ কৰা এক অৱদান। আনহাতে, ঘৰতে উৎপাদিত শাক-পাচলি খালে কৃষকে উৎপাদন বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা কীটনাশক আৰু ৰাসায়নিক পদাৰ্থ গ্ৰহণৰ পৰাও আপুনি বাচি থাকিব।

স্বাস্থ্য ৰক্ষাৰ উপায়

বাগিচাৰ কাম এটা চিকিৎসামূলক কাম আৰু চখ, যিয়ে আপোনাক মানসিক চাপৰ পৰা দূৰত ৰাখিব পাৰে। ই আপোনাক দৈনন্দিন একঘেয়ামী জীৱনৰ পৰাও সকাহ দিব। য’ত আপুনি প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে।

আপুনিও আজিয়েই আৰম্ভ কৰিব পাৰে পাকঘৰৰ বাগিচা

বাচনি কৰক সঠিক স্থান

সঠিক স্থানেই উৎপাদনশীল বাগিচাৰ মূল চাবিকাঠি। গছ-গছনিবোৰে দিনটোত কমেও ৬-৮ ঘণ্টা ধৰি পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰ পাব পৰা সঠিক স্থান বাছি ল'ব। 

গছ-গছনিৰ বাচনি

গছ-গছনিৰ বাচনি উপযুক্ত হ’ব লাগিব, নহ’লে আপোনাৰ বাৰীখন উৎপাদনশীল নহ’ব, যিয়ে আপোনাক নিৰুৎসাহিত কৰিব। 

মাটি প্ৰস্তুতি

জৈৱিক পদাৰ্থ মিহলাই বাগিচাৰ মাটি প্ৰস্তুত কৰিব, যাতে ইয়াত পুষ্টিকৰ উপাদান থাকে। ই আপোনাৰ পাকঘৰৰ বাগিচাখনক উন্নত উৎপাদনশী কৰি তুলিব।

ৰক্ষণাবেক্ষণ

প্ৰতিজোপা গছৰ ৰোপণ বা প্ৰতিপালনৰ নিৰ্দেশনা পালন কৰাটো খুবেই জৰুৰী। কীট-পতংগ আৰু ৰোগৰ পৰা ৰক্ষা কৰাৰ লগতে নিৰ্দিষ্ট উদ্ভিদৰ স্থান, গভীৰতা আৰু পানীৰ প্ৰয়োজনীয়তাৰ বিষয়েও জানি ল'ব। 

সঠিক সময়

বাগিচাখনক ভালদৰে বুজি ল'ব। সঠিক সময়ত খাবলৈ চিঙিব, তেতিয়াহে আপুনি উত্তম সোৱাদ আৰু পুষ্টিকৰ মূল্য উপভোগ কৰিব পাৰে। হয়, পাকঘৰৰ বাগিচাখন কেৱল চখেই নহয়, ই জীৱনশৈলীৰ এক অন্যতম পছন্দ, যিয়ে আপোনাক স্বাস্থ্যৱান কৰি ৰখাত গুৰুতৰ ভূমিকা গ্ৰহণ কৰে।

পাকঘৰৰ বাগিচাত কি গছ ৰুব ?

পাকঘৰৰ বাগিচাত আপুনি বিলাহী, মৰিচা, জলকীয়া, বেঙেনা, মূলা, কচু, গাজৰ, মূলা, ধনিয়া, পুদিনা, মান ধনিয়া, তুলসী, ষ্ট্ৰ’বেৰী, তিঁয়হ, মচন্দৰী, লেচেৰা, আদা, মানকচু, নিমগছ, লাইশাক, নৰসিংহ, ভেদাইলতা, ওলকচু, মছন্দৰী, মানিমুনি, জিকাকে ধৰি বহু শাক-পাচলি, ফল-মূলৰ গছ ৰোপন কৰিব পাৰে।