/asomiyapratidin/media/media_files/2025/05/09/MOXFnM76NyiesOko6QdE.jpg)
ডিজিটেল ডেস্ক: আপুনি কেতিয়াবা ভাবিছেনে যে তেজৰ গ্ৰুপেও আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে ? শেহতীয়া কেইটামান গৱেষণাৰ কেতবোৰ আচৰিত তথ্য পোহৰলৈ আহিছে। হয়, এই গৱেষণাত দেখা গৈছে যে, যিসকলৰ তেজৰ গ্ৰুপ A, B বা AB, তেওঁলোকৰ হাৰ্ট এটেক আৰু তেজ জমা হোৱাৰ সম্ভাৱনা বেছি। বয়স, মেদবহুলতা বা খাদ্যভ্যাস বেয়াৰ বাবেহে হৃদৰোগ হোৱা বুলি ভবা ধাৰণাটো ভুল প্ৰতিপন্ন কৰিছে এই গৱেষণায়ে। গৱেষণাৰ মতে, তেজৰ গ্ৰুপও হাৰ্ট এটেকৰ এক অন্যতম কাৰণ হ’ব পাৰে।
আমেৰিকান হাৰ্ট এছ’চিয়েচনৰ আলোচনী Arteriosclerosis, Thrombosis and Vascular Biology ত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে A আৰু B ব্লাড গ্ৰুপৰ লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা ৮% বেছি। এই তথ্য এটা বৃহৎ অধ্যয়নৰ পৰা লাভ কৰা হৈছিল, য’ত প্ৰায় ৪ লাখ লোকৰ স্বাস্থ্যৰ তথ্য পৰীক্ষা কৰা হৈছিল।
বৃহৎ সংখ্যক লোকৰ কৰা হৈছিল স্বাস্থ্য পৰীক্ষা
ইউৰোপীয় ছ’চাইটি অৱ কাৰ্ডিঅ’লজীয়ে কৰা আন এক অধ্যয়নত ১৩.৬ লাখৰো অধিক লোকক অন্তৰ্ভুক্ত কৰা হৈছিল। এই অধ্যয়নত O ৰ বাহিৰে অন্য তেজৰ গ্ৰুপ থকা লোকৰ হাৰ্ট এটেক আৰু হৃদৰোগৰ সম্ভাৱনা ৯% বেছি বুলি প্ৰমাণিত হৈছে। এই অধ্যয়নত বিশেষভাৱে দেখা গৈছে যে B ব্লাড গ্ৰুপৰ লোকসকলৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা ১৫% বেছি আৰু A ব্লাড গ্ৰুপৰ লোকসকলৰ হৃদযন্ত্ৰ বিকল হোৱাৰ সম্ভাৱনা ১১% বেছি।
তেজ জমা হোৱাৰ আশংকা অধিক
এই গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে যিসকল লোকৰ তেজৰ গ্ৰুপ O নহয় (অৰ্থাৎ A, B বা AB) তেওঁলোকৰ তেজ জমা হোৱাৰ সম্ভাৱনা বেছি। ইয়াৰ এটা কাৰণ হ’ল তেওঁলোকৰ তেজত 'Von Willebrand factor (VWF)' নামৰ এটা নিৰ্দিষ্ট প্ৰ’টিন অধিক পৰিমাণে থাকে। এই প্ৰ'টিনে তেজ জমা হোৱাত সহায় কৰে। এই প্ৰটিন বৃদ্ধি হ’লে তেজৰ গোট গঠন হ’বলৈ আৰম্ভ কৰে। ইয়াক থ্ৰম্ব’ছিছ বোলা হয়। A আৰু B তেজৰ গ্ৰু থকা লোকৰ শৰীৰত তেজ জমা হোৱাৰ সম্ভাৱনা ৪৪% বেছি। যদি আপোনাৰ তেজৰ গ্ৰুপ A, B বা AB হয় তেন্তে আপুনি আপোনাৰ স্বাস্থ্যৰ অধিক যত্ন লোৱা উচিত।
বিশেষজ্ঞসকলে কয় যে ভৱিষ্যতে হৃদৰোগৰ আশংকা পৰীক্ষা কৰাৰ সময়ত ব্লাড গ্ৰুপৰ কথাও বিবেচনা কৰিব লাগে। এতিয়ালৈকে চিকিৎসকে বয়স, কলেষ্টেৰল, ৰক্তচাপ আৰু লিংগৰ ভিত্তিত হৃদৰোগৰ সম্ভাৱনা নিৰ্ণয় কৰে। কিন্তু এতিয়া বিজ্ঞানীসকলৰ মতে, তেজৰ গ্ৰুপটোও এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ব পাৰে। বিশেষকৈ A তেজ গ্ৰুপৰ লোকসকল কলেষ্টেৰল আৰু প্ৰদাহৰ সৈতে জড়িত 'গেলেক্টিন-৩' নামৰ প্ৰ’টিনৰ মাত্ৰা অধিক থাকে। যি হৃদযন্ত্ৰ বিকল হোৱাৰ এক অন্যতম কাৰণ হ'ব পাৰে।
Also Read: এইসমূহ দিশত চকু দি এতিয়াৰ পৰাই নিজক সুৰক্ষিত কৰক