ভাল খবৰ! পিলিভিত বাঘ সংৰক্ষিত বনাঞ্চলত বৃদ্ধি পাইছে বাঘৰ সংখ্যা...

বাঘৰ বৰ্ধিত সংখ্যা কেৱল সংৰক্ষিত বনাঞ্চলখনৰ মূল অংশৰ, বনাঞ্চলখনৰ আশ-পাশৰ অঞ্চলত বাস কৰা ৩০ৰ পৰা ৩৫% বাঘৰ সংখ্যা সমীক্ষাত অন্তৰ্ভুক্ত কৰা নাই। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-08-03 at 11.29.24 AM (1)

ডিজিটেল ডেস্কঃপিটিআৰ আৰু ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰে যৌথভাৱে কৰা এক আভ্যন্তৰীণ সমীক্ষা অনুসৰি বিগত তিনি বছৰত পিলিভিত টাইগাৰ ৰিজাৰ্ভত বাঘৰ সংখ্যা ৭১টা পৰ্যন্ত বৃদ্ধি পাই প্ৰায় ৮০টা হৈছে।

Advertisment

পিটিআৰৰ বিভাগীয় বন বিষয়া মনীষ সিঙে শনিবাৰে কয় যে, বাঘৰ বৰ্ধিত সংখ্যা কেৱল সংৰক্ষিত বনাঞ্চলখনৰ মূল অংশৰ, বনাঞ্চলখনৰ আশ-পাশৰ অঞ্চলত বাস কৰা ৩০ৰ পৰা ৩৫% বাঘৰ সংখ্যা সমীক্ষাত অন্তৰ্ভুক্ত কৰা নাই। 

ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষৰ ২০২২ চনৰ ৰাষ্ট্ৰীয় লোকপিয়ল অনুসৰি পিটিআৰত এবছৰৰ তলৰ পোৱালি গণনা নকৰাকৈ ৭১টাতকৈও অধিক বাঘ আছিল। ২০২৪ চনৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা এই আভ্যন্তৰীণ অনুমানটো সংৰক্ষিত বনাঞ্চলৰ ৬২০ বৰ্গ কিলোমিটাৰ মূল অঞ্চলটোক ২x২ বৰ্গ কিলোমিটাৰকৈ ৩১৬টা গ্ৰীডত ভাগ কৰা হৈছিল।

প্ৰতিটো গ্ৰীডত ইটোৱে সিটোৰ সন্মুখত দুটা কেমেৰা ফান্দ লগোৱা হৈছিল। সীমিত সঁজুলিৰ বাবে এই জৰীপটো দুটা পৰ্যায়ত কৰা হৈছিল। ২০২৫ চনৰ মাৰ্চ মাহত সমাপ্ত হৈছিল। সিঙে কয়, প্ৰথম পৰ্যায়ত নৱেম্বৰ মাহত মালা, মাহোফ, আৰু দেউৰিয়া বনাঞ্চলত কেমেৰা স্থাপন কৰি জানুৱাৰীৰ শেষ সপ্তাহত আঁতৰাই পেলোৱা হৈছিল।

লক্ষ্যণীয় যে, ফেব্ৰুৱাৰী মাহৰ মাজভাগত বাহাৰহী আৰু হৰিপুৰ ৰেঞ্জত কেমেৰা স্থাপন কৰা হৈছিল আৰু মাৰ্চৰ শেষ সপ্তাহত তথ্য আহৰণৰ বাবে আঁতৰোৱা হৈছিল। ইয়াৰ পাছতে বাঘৰ উক্ত তথ্য পোহৰলৈ আহিছে।

বাঘ