ফুলেও জিলিকাব পাৰে অসমক !

ফুল ! ফুল প্ৰকৃতিৰ আটাইতকৈ ৰঙীন আৰু সুন্দৰ সৃষ্টি। যাৰ আছে সকলোৰে মনটোক ক্ষন্তেকতে ভৰাই তুলিব পৰা শক্তি। ফুলৰ সুগন্ধি আৰু সৌন্দৰ্যৰ প্ৰতি দুৰ্বল সমগ্ৰ পৃথিৱী। ফুল সকলোৰে প্ৰিয়।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
ফুল

ডিজিটেল ডেস্ক: ফুল ! ফুল প্ৰকৃতিৰ আটাইতকৈ ৰঙীন আৰু সুন্দৰ সৃষ্টি। যাৰ আছে সকলোৰে মনটোক ক্ষন্তেকতে ভৰাই তুলিব পৰা শক্তি। ফুলৰ সুগন্ধি আৰু সৌন্দৰ্যৰ প্ৰতি দুৰ্বল সমগ্ৰ পৃথিৱী। ফুল সকলোৰে প্ৰিয়। বিশ্বত হয়তো অগণন ফুল  আছে, কিন্তু সকলো কামত সকলো ফুল ব্যৱহাৰ নহয়। কিছুমান ঘৰ তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সজ্জা, কিছুমান পূজা-পাতল, মাংগলিক কাম-কাজ, আন কিছুমান ফুল আকৌ মৃতকৰ কামত ব্যৱহাৰ হয়। অৱশ্যে খুব সহজতে উপলব্ধ আৰু সকলো ক্ষেত্ৰতে ব্যৱহাৰ হয় নাৰ্জী ফুল।  

Advertisment

সকলো ফুলেই ধুনীয়া যদিও কিছুমানহে সুগন্ধিদায়ক। হিন্দু ধৰ্মৰ শুভ কামবোৰত ফুলৰ গুৰুত্ব অপৰিসীম। কিন্তু ধুনীয়া আৰু সুগন্ধিযুক্ত হ’লেও সকলো ফুল পূজা বা শুভ কামত ব্যৱহাৰ কৰা নহয়। ধৰ্মীয় বিশ্বাস অনুসৰি, প্ৰতিজন দেৱ-দেৱতাৰে পছন্দৰ ফুল আছে। সেই অনুসৰি ভগৱান শিৱৰ জৱা, ধতুৰা, বিষ্ণুৰ বগা ফুল, বিশেষকৈ পাৰিজাত, দেৱী লক্ষ্মীৰ পদুম, সৰস্বতীৰ পলাশ, বজৰংবলীৰ নাৰ্জী। আন আন পূজাত অপৰাজিতা, নাৰ্জিকে ধৰি বিভিন্ন ফুল ব্যৱহাৰ হয়। 

সকলো ফুল পূজাত কিয় ব্যৱহাৰ নহয় ? 

পূজাত ব্যৱহাৰ নহয় সৌন্দৰ্য, সুগন্ধিৰে ভৰপুৰ তগৰ, হাস্নাহানা, মদাৰ, তগৰকে ধৰি আন বহু কেইবিধ ফুল। কিয় জানেনে ? উগ্ৰ গোন্ধৰ বাবেই আচলতে পৃজা-পাতলত এইবোৰ ফুল ব্যৱহাৰ কৰা নহয়। ভক্তিত উগ্ৰতাৰ স্থান শূণ্য। ভক্তিয়ে কেতিয়াও উগ্ৰতাক সমৰ্থন নকৰে। 

পলাশ-নাহৰ-শিমলু-মদাৰ-কঠনা-বকুল আদি ফুলে প্ৰকৃতিক ন ৰূপ দিয়ে। এই ফুলবোৰে সকলোৰে মনক প্ৰফুল্লিত কৰে। এই ফুলবোৰ পূজা-পাতলত ব্যৱহাৰ নহয় ঠিকেই, কিন্তু প্ৰতিটো ফুলৰে নিজা গুণ, বৈশিষ্ট আছে। পলাশ ফাগুণৰ প্ৰতীক। বহু ঔষধি গুণৰে ভৰপুৰ এই পলাশ। পলাশ ফুল কৃমি, চৰ্মৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ তথা হজমৰ সমস্যাত খুব সহায়ক।

নাহৰ ফুলে বহাগৰ বতৰা দিয়ে। গৃহসজ্জাত এইবিধ ফুলে বিশেষ গুৰুত্ব পায়। বহু ঔষধি গুণ সমৃদ্ধ শিমলু অতীজৰে পৰা আয়ুৰ্বেদিক চিকিৎসাত ব্যৱহৃত হৈ আহিছে। ৰক্তক্ষৰণ, মুখৰ ফোঁহা, দাগ, আঘাত নিৰাময়, ছালৰ সমস্যা সমাধানত যথেষ্ট উপকাৰী। শিমলুৰ গুটি তুলাৰ উৎস। মদাৰ ফুলো একেই। ড॰ ভূপেন হাজিকাই গীতৰ জৰিয়তে কোৱাৰ দৰে,

‘মদাৰৰে ফুল হেনো

পূজাতো নেলাগে,

মদাৰৰে ফুল হেনো

সবাহত নেলাগে,

লাগে পিছে ব’হাগতে

ৰং সানিবলে,

লাগে পিছে আকাশতে

জুই জ্বলাবলে।’

হয়, ক’তো নালগিলেও মদাৰৰ আছে অতি বিশেষ গুণ। কাণৰ-দাঁতৰ বিষ, কফ, জণ্ডিছ, খৰ-খজুৱতি, ছালৰ সমস্যাত সমাধানত ঔষধৰ ভূমিকা পালন কৰে মদাৰ ফুলে। বকুলৰ আমোলমোল গোন্ধ সকলোৰে প্ৰিয়। কেৱল গোন্ধইনে ? একো পূজা-পাৰ্বনত ব্যৱহাৰ নহ’লেও কিছুমান সম্প্ৰদায়ৰ বিয়াত দৰাই বকুল ফুলৰ মালা পিন্ধাৰ পৰম্পৰা আছে। মৃতকৰ ফটোত বকুল ফুলৰ মালা পিন্ধোৱাটোও নিয়মৰ দৰেই। বকুল ফুল, ইয়াৰ ফল, পাত, গছৰ ছাল, কাণ্ড, কাঠ সকলো কামত লাগে। আয়ুবেৰ্দিক ঔষধত এইসমূহ বহুলভাৱে ব্যৱহৃত হয়। কঠনা ফুল, এইবিধ ফুল ছাগলী ফুল হিচাপেহে বেছি পৰিচিত। কঠনা ফুলৰো বহু ঔষধি গুণ আছে। গীত কবিতাত ভালপোৱাৰ পৰিভাষা বুজাবলৈ অতিকৈ ব্যৱহৃত হোৱা ফুলবিধেই হৈছে কৃষ্ণচূড়া। ব'হাগত এই ফুলপাহে বিশেষ মান্যতা পায়।

আনহাতে, ফুলৰ লগতে পূজাত বহুল ভাৱে ব্যৱহৃত হয় দুৱৰী, তুলসী, আমপাত, চন্দন, আঁহত পাত, যজ্ঞ ডিমৰু । এই সমূহ পূজাত ব্যৱহাৰ হোৱাৰ আঁৰতো কিছুমান কাৰণ আছে। দুৱৰী এনে এবিধ তৃণ, যি সকলো ঠাইতে খুব সহজে গজি উঠে। দুৱৰী উৰ্জাৰ প্ৰতীক, প্ৰেৰণাৰ উৎস। আমি খুব যতনৰে ৰোৱা গছপুলিটোও কেতিয়াবা সৰুতে মৰি যায়। কিন্তু চৰাইৰ বাঁহৰ পৰা পৰি দুৱৰিডাল একো যতন নোহোৱাকৈয়ে লহপহকৈ ডাঙৰ হয়। যিকোনো পৰিস্থিতিত নিজকে মূৰ ডাঙি থিয় হ’বলৈ দুৱৰীয়ে আমাক প্ৰেৰণা দিয়ে দুৱৰী। আনহাতে, ঘৰত এজোপা তুলসী গছ থকাটোও খুব দৰকাৰী বুলি গণ্য কৰা হয়। তুলসীৰ পাত পূজাত বহুলভাৱে ব্যৱহৃত হয়। কিন্তু সকলোৰে ঘৰত তুলসীৰ গছ নহয়। বিশ্বাস অনুসৰি, পৱিত্ৰ ঠাই বা খুব ভক্তি-যতনৰে ৰখা ঘৰতহে তুলসী গছে প্ৰাণ পায়।

উল্লেখ্য যে, সম্প্ৰতি অসমত অভাৱনীয় হাৰত বৃদ্ধি পাইছে ফুলৰ চাহিদা। বিশেষকৈ বিয়া-সবাহ, উৎসৱ পাৰ্বনক আকৰ্ষণীয়কৈ সজাবলৈ আজিকালি সজীৱ ফুল বহুলভাৱে ব্যৱহাৰ হয়। যাৰ বাবে প্ৰায় কোটিটকাৰ ফুল দৈনিক অসমলৈ আমদানি হয়। অৱশ্যে, অসমৰ কিছুমান ঠাইত ব্যৱসায়িক লক্ষ্যৰে ফুল খেতি কৰাৰ কাম সম্প্ৰতি আৰম্ভ হৈছে, যিয়ে নিশ্চিতভাৱে নিৱনুৱালৈ আশাৰ বতৰা আনিছে।

আনহাতে, ফুল উৎপাদনত চৰকাৰ কিছু গুৰুত্ব দিলে অসমে দক্ষিণ পূব এছিয়াৰ বজাৰ দখল কৰটো এক প্ৰকাৰ নিশ্চিত। কিয়নো, অসমৰ মাটি খুব উৰ্বৰ। সকলো ফুলেই অসমৰ মাটিত লহপহকৈ বাঢ়িব। তদুপৰি, অসমৰ পৰ্যটন ক্ষেত্ৰখনেও লাভ কৰিব এক অনন্য মাত্ৰা।