৮০ বছৰ বয়সত বিয়া পাতি চৰ্চাত এই দম্পতি

চৰ্চাত এহাল বিশেষ দম্পতি। এই দম্পতিহাল গুজৰাটৰ। ৮০ বছৰ বয়সত বিবাহ আৰু তেওঁলোকৰ অনন্য প্ৰেম কাহিনীৰ কথা এতিয়া সকলোৰে মুখে-মুখে। সকলোৰে মতে, প্ৰকৃত প্ৰেমৰ আদৰ্শ হেনো এই দম্পতহাল।

author-image
সংগীতা দাস
New Update
22

ডিজিটেল ডেস্কঃ চৰ্চাত এহাল বিশেষ দম্পতি। ৮০ বছৰ বয়সত বিবাহ আৰু তেওঁলোকৰ অনন্য প্ৰেম কাহিনীৰ কথা এতিয়া সকলোৰে মুখে-মুখে। সকলোৰে মতে, প্ৰকৃত প্ৰেমৰ আদৰ্শ হেনো এই দম্পতহাল। হয়, ৮০ বছৰ বয়সত এই দম্পতিয়ে সম্পূৰ্ণ ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হৈ ৬৪ বছৰীয়া বিবাহ বাষিকী উদযাপন কৰে। এই দম্পতিহাল গুজৰাটৰ। শেহতীয়াকৈ গুজৰাটতে অনুষ্ঠিত এই বিবাহৰ কাৰ্যসূচীৰ অংশ তেওঁলোকৰ নাতি-নাতিনীও আছিল। এই দম্পতিৰ প্ৰেম কাহিনী শুনিলে আপুনিও ক’ব যে হয়, এয়াই সঁচা প্ৰেম।

Advertisment

আচলতে, ৬৪ বছৰ আগতে এই দম্পতি ঘৰৰ পৰা পলাই গৈ বিবাহ পাশত আবদ্ধ হৈছিল। তেতিয়াৰে পৰা তেওঁলোকৰ পৰিয়াল ডাঙৰ হ'ল ঠিকেই, কিন্তু আনুষ্ঠানিকভাৱে বিয়াখন সম্পন্ন নহ’ল। সেয়েহে এতিয়া তেওঁলোকৰ পুত্ৰ-বোৱাৰী, নাতি-নাতিনী তথা আত্মীয়-স্বজনে মিলি এই বিয়াখন পাতি দিয়ে।

এই দম্পতিৰ নাম হৰ্ষ আৰু মৃদু। হৰ্ষ আৰু মৃদুৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল ১৯৬০ চনৰ পৰা। সেই সময়ত ভাৰতৰ সমাজখনে আন্তঃজাতীয় বিবাহক একেবাৰেই মানি লোৱা নাছিল। হৰ্ষ জৈন পৰিয়ালৰ আৰু মৃদু ব্ৰাহ্মণ পৰিয়ালৰ। দুয়োজন স্কুলত লগ হৈছিল আৰু চিঠিৰ জৰিয়তে তেওঁলোকৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল।

কিন্তু যেতিয়া মৃদুৰ পৰিয়ালে এই কথা গম পাইছিল, তেতিয়া তেওঁলোকে তীব্ৰ বিৰোধিতা কৰিছিল। এনে পৰিস্থিতিত দুয়োজনে পৰিয়াল এৰি যোৱাৰ এক কঠিন সিদ্ধান্ত লৈছিল। পৰিয়ালৰ বিৰুদ্ধে বিদ্ৰোহ কৰি হৰ্ষ আৰু মৃদু ঘৰৰ পৰা পলাই যায়। দুয়োজনে কোনো সহায় নোহোৱাকৈয়ে জীৱনটো আৰম্ভ কৰিছিল যদিও ইজনে সিজনৰ সাহস আছিল আৰু সেই সাহসেই হৈ পৰিছিল তেওঁলোকৰ প্ৰেমৰ আদৰ্শ। সময়ৰ লগে লগে হৰ্ষ আৰু মৃদুৰ এখন সুখৰ ঘৰ গঢ় লৈ উঠিছিল আৰু তেওঁলোকৰ প্ৰেম কাহিনী শুনি তেওঁলোকৰ সন্তান আৰু নাতি-নাতিনী ডাঙৰ হৈছিল। 

উল্লেখ্য যে, ৮০ বছৰ বয়সত পুনৰ বিয়া পাতিবলৈ কইনা মৃদুয়ে গুজৰাটৰ বিখ্যাত ঘৰচোলা শাৰী, চুলিত গজৰা আৰু হাতত মেহেন্দি লগাইছিল। আনহাতে, দৰা ৰাজা হৰ্ছে খাদী কুৰ্তা-পজামাৰ সৈতে মেচিং পাগুৰি পিন্ধিছিল।

Also Read: বিনামূলীয়া স্বাস্থ্য শিৱিৰত ঘটিল অঘটন