এইবিধ ফল খাই মুখলৈ হাঁহি ঘূৰাই আনক

শাৰীৰিকভাৱে সক্ৰিয় নোহোৱা, কম আঁহযুক্ত খাদ্য, ভজা, বেছি নিমখীয়া আৰু মচলাযুক্ত খাদ্য গ্ৰহণ কৰাৰ ফলত আজিকালি আমি বহুতেই কোষ্ঠকাঠিন্যৰ সমস্যাত ভোগো।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
web seo  3 (1)

ডিজিটেল ডেস্ক: শাৰীৰিকভাৱে সক্ৰিয় নোহোৱা, কম আঁহযুক্ত খাদ্য, ভজা, বেছি নিমখীয়া আৰু মচলাযুক্ত খাদ্য গ্ৰহণ কৰাৰ ফলত আজিকালি আমি বহুতেই কোষ্ঠকাঠিন্যৰ সমস্যাত ভোগো। ফলত নিয়মিত শৌচ নহৈ শৰীৰত যথেষ্ট অসুবিধাই দেখা দিয়ে। এই শাৰিৰীক অসুবিধাসমূহৰ ভিতৰত পেটত গেছ, ফুলা, বমি, ডায়েৰিয়া আদি অন্যতম।স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, আমাৰ সকলোৰে ঘৰত সহজে উপলব্ধ আমলখি খাই আমি কোষ্ঠকাঠিন্যৰ পৰা এশ শতাংশই সকাহ পাব পাৰো। এই জটিল স্বাস্থ্য সমস্যা সমাধানত আমলখিয়ে কি দৰে প্ৰভাৱ পেলায়, আজি জানো আহক-

Advertisment

কোষ্ঠকাঠিন্যৰ বাবে আমলখি কেনেকৈ উপকাৰী 

আমলখিত যথেষ্ট পৰিমাণে আঁহ থাকে যি অন্ত্ৰ পৰিষ্কাৰ কৰাত সহায় কৰে। এক গৱেষণা অনুসৰি, আমলখিয়ে কোষ্ঠকাঠিন্য এশ শতাংশই নোহোৱা কৰিব পাৰে। এইবিধ ফলে ডায়েৰিয়াৰ সমস্যাও সমাধান কৰে। তদুপৰি, আন বহু পেটৰ সমস্যা যেনে এচিডিটি, পেট ফুলা, ওকালি অহা, বমি, বদহজম, বুকু জ্বলা-পোৰা, কলেষ্টেৰল আদিৰ বাবেও আমলখিক অতি উপকাৰী ফল বুলি গণ্য কৰা হয়। 

আপুনি আমলখি কেনেকৈ খাব ? 

সিজাই খাব

কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি প্ৰতিদিনে ৰাতিপুৱা খালী পেটত সিজোৱা আমলখি অথবা সিজোৱা আমলখিৰ পানী খিনি খাবলৈ চেষ্টা কৰিব। তদুপৰি আপুনি সৰহকৈ আমলখিৰ ৰস বনাব থৈ সময়ে সময়ে পানীৰ দৰে ইয়াক খাব পাৰে। 

গৰম পানীত মিহলাব

ৰাতিপুৱা খালী পেটত গৰম পানীত আমলখি গুৰি মিহলি কৰি খাব। আনহাতে, আমলখিৰ গুৰি গৰম পানীত উতলাইও খাব পাৰে।

মৌৰ সৈতে খাব

আপুনি দিনত দুই-তিনিবাৰ এক চামুচ আমলখি পাউডাৰত মৌ মিহলি কৰি খাব পাৰে। ই আপোনাৰ পাচন তন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখিব আৰু আপুনি কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা পৰিত্ৰাণ পাব। 

এই সমস্যা থাকিলে আমলখি নাখাব

 . যদি আপোনাৰ উশাহ বা হাঁওফাঁও সম্পৰ্কীয় সমস্যা আছে তেনেহ'লে আমলখি খোৱাটো বন্ধ কৰিব।

 . আমলখি খাই বাৰে বাৰে যদি শৌচাগাৰলৈ যাব লগীয়া হয়, তেতিয়াও আমলখি নাখাব। 

 . যদি আপোনাৰ আমলখি খোৱাৰ প্ৰতি কোনো ধৰণৰ এলাৰ্জি আছে, চিকিৎসকক সোধাৰ পিছতহে ইয়াক গ্ৰহণ কৰিব। 

Also Read: ব্যায়াম কৰাৰ আগতে ভুলতো নাখাব এই খাদ্য