এই ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি পইতাচোৰাৰ উৎপাতৰ পৰা ৰক্ষা পাওঁক

এই ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি পইতাচোৰাৰ উৎপাতৰ পৰা ৰক্ষা পাওঁক

ডিজিটেল ডেস্ক: সঠিকভাৱে পৰিস্কাৰ নকৰিলে আমাৰ পাকঘৰবোৰত পইতাচোৰাই  সন্ত্ৰাস চলাবলৈ আৰম্ভ কৰে।পইতাচোৰাৰ পৰা সমগ্ৰ ঘৰটোতে বিভিন্ন ধৰণৰ ৰোগ আৰু বীজাণুও বিয়পে।গৃহিনীসকলে এই সমস্যাৰ পৰা সকাহ পাবলৈ বজাৰত উপলব্ধ বহু প্ৰকাৰৰ ঔষধ ব্যৱহাৰ কৰে।কিন্তু এই ঔষধসমূহ ঘৰখনত বাস কৰা শিশু আৰু পোহনীয়া জন্তুৰ বাবে অত্যন্ত ক্ষতিকাৰক।সেয়েহে এইক্ষেত্ৰত আপুনি কেতবোৰ ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি ঘৰৰ পৰা পইতাচোৰাক বিদায় দিব পাৰে।আজি সেই বিষয়ে জানো আহক-

কফি

কফিৰ সহায়ত পাকঘৰত দৈনিক উপদ্ৰৱ চলোৱা পইতাচোৰাৰ পৰা সকাহ পাব পাৰি। কেফেইনে পইতাচোৰা হ্ৰাস কৰিব পাৰে।আপুনি অলপ কফি লৈ কাপোৰত মেৰিয়াই কেইটামান সৰু সৰু টোপোলা কৰি পাকঘৰৰ চুকে কোণে থৈ দিব।দেখিব পইতাচোৰাবোৰ নাইকিয়া হ’ব। 

নিম

পাকঘৰত থকা পইতাচোৰাৰ পৰা সকাহ পাবলৈ আপুনি নিম তেল ব্যৱহাৰ কৰিব পাৰে।কেইটুকুৰামান কপাহ লৈ নিম তেলত তিয়াই কপাহখিনি পইতাচোৰা ওলোৱা ঠাইত ৰাখক। তদুপৰি আপুনি এক চামুচ নিম পাউডাৰ গৰম পানীত মিহলি কৰি পাকঘৰত স্প্ৰে কৰিব পাৰে। 

মাউথৱাছ 

পইতাচোৰাৰ পৰা সকাহ পাবলৈ বেছিকৈ গোন্ধ থকা তথা ‘মিণ্ট ফ্লেভাৰ’ৰ মাউথৱাছও ব্যৱহাৰ কৰিব পাৰি। আপুনি অলপ পানী লৈ তাত সম পৰিমাণৰ মাউথৱাছ মিহলি কৰি এটা স্প্ৰে প্ৰস্তুত কৰি ল’ব। এই স্প্ৰেটো পাকঘৰত ব্যৱহাৰ কৰিলে আপুনি সহজেই পইতাচোৰা খেদিব পাৰিব।

ফেব্ৰিক 

ফেব্ৰিকৰ সহায়তো আপুনি পইতাচোৰা পাকঘৰৰ পৰা আঁতৰাই ৰাখিব পাৰে।ফেব্ৰিক পানীৰ সৈতে মিহলি কৰি এটা  স্প্ৰে তৈয়াৰ কৰক আৰু এই স্প্ৰেটো ৰাতি পাকঘৰত মাৰি থ’ব। ই অতি সহজে পাকঘৰৰ পৰা পইতাচোৰা আঁতৰ কৰিব। 

বৰিক পাউডাৰ আৰু চেনী 

পইতাচোৰাৰ আতংকৰ পৰা ৰক্ষা পাবলৈ আপুনি বৰিক পাউডাৰো ব্যৱহাৰ কৰিব পাৰে।এই পাইডাৰ চেনীৰ সৈতে মিহলাই সৰু সৰু টোপোলা কৰি পাকঘৰৰ কেইটামান ঠাইত থৈ দিব।মিঠায়ে পইতাচোৰাক আকৰ্ষিত কৰিব আৰু সিহঁতে এই টোপোলাটো খাবলৈ আহিব।একে সময়তে বৰিক পাউডাৰ খোৱাৰ ফলত পইতাচোৰাৰ শৰীৰত পানী হ্ৰাস হৈ সিহঁত মৰি যাব।এই দুয়োটা সামগ্ৰীৰ মিশ্ৰণটো পাকঘৰত ৰাখক আৰু পইতাচোৰাৰ সমস্যাৰ পৰা সকাহ পাওঁক। 

এই ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি পইতাচোৰাৰ উৎপাতৰ পৰা ৰক্ষা পাওঁক
নাকত তিল থকাসকলৰ ভাগ্যৰ বিষয়ে জানি লওক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in