কথাই প্ৰতি খং উঠে যদি সাৱধান হওঁক

কথাতেই কয়, খং নামেই চণ্ডাল। অৰ্থাৎ খং উঠি থকা এজন ব্যক্তি চণ্ডাললৈ পৰিৱৰ্তিত হয়। খঙৰ ওপৰত নিয়ন্ত্ৰণ নথকাৰ বাবে বহুতৰ লগত বহু সময়ত অঘটন ঘটে। খঙে আমাৰ স্বাস্থতো খুব বেয়াকৈ প্ৰভাৱ পেলায়।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
WhatsApp Image 2026-02-20 at 3.57.54 PM

ডিজিটেল ডেস্ক: কথাতেই কয়, খং নামেই চণ্ডাল। অৰ্থাৎ খং উঠি থকা এজন ব্যক্তি চণ্ডাললৈ পৰিৱৰ্তিত হয়। খঙৰ ওপৰত নিয়ন্ত্ৰণ নথকাৰ বাবে বহুতৰ লগত বহু সময়ত অঘটন ঘটে। খঙে আমাৰ স্বাস্থতো খুব বেয়াকৈ প্ৰভাৱ পেলায়। অত্যধিক খঙে আমাক ৰোগীয়া পৰ্যন্ত কৰিব পাৰে। হয়,খঙৰ বাবে আমি গম নোপোৱাকৈয়ে আমাৰ শৰাীৰত বহু ৰোগে আশ্ৰয় লবলৈ সুবিধা পায়। অত্যাধিক খঙৰ পৰা হোৱা ৰোগ তথা ইয়াক নিয়ন্ত্ৰণ কৰাৰ সহজ উপায়বোৰৰ বিষয়ে জানো আহক- 

খঙৰ ফলত হোৱা ৰোগ

হৃদৰোগ

অত্যাধিক খঙে হৃদস্পন্দনৰ হাৰ বৃদ্ধি কৰে, যিয়ে ৰক্তচাপ আৰু হৃদৰোগৰ আশংকা বৃদ্ধি কৰে। বহু গৱেষণাত ইতিমধ্যে প্ৰমাণ হৈছে যে যিসকল লোকৰ সোনকালে খং উঠে, তেওঁলোকৰ হৃদ আক্ৰমণ আৰু ষ্ট্ৰ’কৰ আশংকা অধিক।

উচ্চ ৰক্তচাপ 

সঘনাই খং উঠি থাকিলে উচ্চ ৰক্তচাপৰ সমস্যা  হ'ব পাৰে। উচ্চ ৰক্তচাপৰ ফলত আন কেইবাটাও গুৰুতৰ ৰোগৰো আশংকা বৃদ্ধি হয়। ইয়াৰ ভিতৰত বৃক্ক বিকল হোৱা আৰু ষ্ট্ৰ’ক হৈছে অন্যতম।

হতাশা আৰু উদ্বেগ 

অত্যাধিক খঙে মানসিক স্বাস্থ্যক গুৰুতৰভাৱে প্ৰভাৱিত কৰে। প্ৰচুৰ খঙে চাপ বৃদ্ধি কৰে আৰু লাহে লাহে ই হতাশা আৰু উদ্বেগৰ ৰূপ ল'ব পাৰে।

হজমৰ সমস্যা 

যেতিয়া এজন ব্যক্তিৰ অত্যাধিক খং উঠে, শৰীৰত চাপ হৰমন মুকলি হয়। ইয়াৰ ফলত পাচন তন্ত্ৰ প্ৰভাৱিত হৈ পেটৰ জ্বলা-পোৰা, বদহজম, আৰু আলচাৰৰ দৰে সমস্যা হয়। খঙে শৰীৰত চাপ বৃদ্ধি কৰে, যিয়ে ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল কৰিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ ফলত চৰ্দি, সংক্ৰমণ হৈ ব্যক্তি এজন সঘনাই অসুস্থ হ'ব পাৰে।

মূৰৰ বিষ, মাইগ্ৰেইন

খঙৰ ফলত মূৰৰ পেশীবোৰ টান হৈ যায়, যাৰ ফলত মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি হ'ব পাৰে। এই বিষয়টো সঘনাই খং কৰা লোকসকলৰ ক্ষেত্ৰত অধিক দেখা যায়।

খং নিয়ন্ত্ৰণ কৰাৰ উপায়

গভীৰ উশাহ

যেতিয়াই আপুনি খং অনুভৱ কৰে, লগে লগে আপোনাৰ উশাহ-নিশাহত গুৰুত্ব দিব। গভীৰ উশাহ ললে মন শান্ত আৰু চাপ হ্ৰাস হয়।

যোগ আৰু ধ্যান

যোগ আৰু ধ্যানে মানসিক শান্তি প্ৰদান কৰে আৰু খং নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

ব্যায়াম

নিয়মীয়া ব্যায়ামে চাপ হ্ৰাস কৰে আৰু খং নিয়ন্ত্ৰণত ৰাখে। খোজ কঢ়া, দৌৰা, সাঁতোৰ, আৰু চাইকেল চলোৱা আদি কাৰ্যকলাপো খং নিয়ন্ত্ৰণত সহায়ক।

সঠিক টোপনি

পৰ্যাপ্ত টোপনিৰ অভাৱৰ ফলত খং বৃদ্ধি হয়। সেয়েহে, দৈনিক কমেও ৭-৮ ঘণ্টা টোপনি যাবলৈ চেষ্টা কৰিব।

অনুভূতি প্ৰকাশ কৰিব

খং উঠিলে মনে মনে বা অকলে নাথাকিব। আপোনাৰ ওচৰে-পাজৰে থকা লোকৰ সৈতে কথা পাতি মনৰ ভাৱ প্ৰকাশ কৰিব।

লাফটাৰ থেৰাপী

মানসিক চাপ হ্ৰাস কৰাৰ বাবে হাঁহি হৈছে এক উৎকৃষ্ট উপায়। ইয়াৰ বাবে আপুনি কমেডি শ্ব' চাব, ধেমেলীয়া কিতাপ পঢ়িব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে সময় কটাব।

ইতিবাচক চিন্তা 

প্ৰতিটো পৰিস্থিতিত নেতিবাচক চিন্তা কৰাৰ সলনি সমস্যাটোৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব। ই খং হ্ৰাস কৰিব আৰু মানসিক শান্তি প্ৰদান কৰিব।

অত্যাধিক খঙে শৰীৰৰ লগতে আমাৰ মানসিক স্বাস্থ্যকো প্ৰভাৱিত কৰে। সেয়েহে, খং নিয়ন্ত্ৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। যোগ, ব্যায়াম, ধ্যান আৰু ইতিবাচক চিন্তাৰ সহায় লৈ খং নিয়ন্ত্ৰণ কৰি এক স্বাস্থ্যৱান জীৱন যাপন কৰিব পাৰে।

Also Read: ৰাতি গাখীৰ খাই যদি এই বিষয়ে জানি লওঁক