কোনেও কেতিয়াও ভাঙিব নোৱাৰিব সম্পৰ্কৰ এই বান্ধোন

কোনেও কেতিয়াও ভাঙিব নোৱাৰিব সম্পৰ্কৰ এই বান্ধোন

ডিজিটেল ডেস্ক : বিবাহৰ পিছত এগৰাকী ছোৱালীৰ জীৱনলৈ বহুখিনি পৰিৱৰ্তন আহে।বিশেষকৈ নতুন ঘৰখনৰ সদস্যসকলৰ সৈতে নতুন সম্পৰ্কৰ বান্ধোন শক্তিশালী কৰাৰ বাবে ছোৱালীজনীয়ে বহু যত্ন ল'বলগীয়া হয়। বিশেষকৈ শাহুৱেকৰ সৈতে। যদি ঘৰ এখনত বোৱাৰী আৰু শাহুৰ সম্পৰ্কৰ ভাল নহয়, তেন্তে ঘৰখনত শান্তি নাথাকে। শাহু-বোৱাৰীৰ সম্পৰ্ক কিদৰে শক্তিশালী কৰিব পাৰি, আজি জানো আহক-

পৰস্পৰৰ বুজা-বুজি

যেতিয়া এগৰাকী ছোৱালী বিয়া হৈ আন এখন ঘৰলৈ যায়, তেতিয়া সেই নতুন পৰিৱেশৰ সৈতে  খাপ খাবলৈ তেওঁক সময় লাগে।এই ক্ষেত্ৰত বোৱাৰীগৰাকীক ঘৰখনৰ সৈতে মিলাত সহায় কৰিবলৈ শাহুৱেক এগৰাকীৰ কৰণীয় বহু থাকে।বিয়া হৈ অহাৰ পাছতে বোৱাৰীগৰাকীৰ সৈতে সময় অতিবাহিত কৰিলেহে এগৰাকীয়ে আনগৰাকীক বুজি পোৱাত সহায় হয়। কিন্তু এই ক্ষেত্ৰত বহু শাহু- বোৱাৰীয়ে পৰস্পৰে আপোচ কৰিবলৈ অনিচ্ছুক।যাৰ ফলত তেওঁলোকৰ মাজত দূৰত্ব বাঢ়িবলৈ আৰম্ভ কৰে আৰু সম্পৰ্কত ফাঁট মেলে। সেয়েহে শাহুৱেকেও বোৱাৰীক নিজৰ কন্যা আৰু বোৱাৰীয়েও শাহুৱেকক নিজৰ মাতৃৰ দৰে মানি তেওঁলোকৰ সম্পৰ্ক ইৰ্ষণীয় কৰি ৰাখিব পাৰে।

চাপ প্ৰয়োগ নকৰিব

সকলো মানুহৰে পছন্দ বেলেগ বেলেগ। সেয়েহে, এগৰাকী বোৱাৰীক কি পিন্ধিব লাগে, কি খাব লাগে আদি কথাবোৰ শাহুৱেকে কৈ থকাটো উচিত নহয়।নতুন পৰিয়ালটোৰ সৈতে সু-সম্পৰ্ক তথা পৰিয়ালৰ দায়িত্ব পালন কৰি যদি বোৱাৰীগৰাকীয়ে নিজৰ পছন্দৰ কিবা কৰিবলৈ বিচাৰে, তেন্তে স্বামীগৃহৰ লোকে তেওঁক বাধা দিব নালাগে।কথাই প্ৰতি বাধা দিয়াৰ ফলত বোৱাৰীগৰাকীৰ মন ভাঙি যাব পাৰে।ফলত সম্পৰ্কবোৰ ভাল হৈ থকাৰ আশা কম থাকে। তদুপৰি, নতুন ঘৰ এখনলৈ অহাৰ পাছত বোৱাৰীগৰাকীক কোনো ধৰণৰ চাপ প্ৰয়োগ কৰাটো গ্ৰহণযোগ্যও নহয়।

তৰ্ক নকৰিব 

যিকোনো সম্পৰ্ক শক্তিশালী কৰাৰ আটাইতকৈ সহজ কৌশলটো হ'ল তৰ্ক কৰাৰ পৰা দূৰত থকা। যদি শাহু বা বোৱাৰীৰ সৈতে আপোনাৰ তৰ্ক হয়, সেই পৰিস্থিতিটো উপেক্ষা কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি কিবা কথাৰ উত্তৰো নাপায়, তেন্তে খং, বিৰক্ত হোৱাৰ সলনি বিষয়টোত কথা পাতিব নালাগে বুলি ভাবি আঁতৰি যাব।পিছত ধৈৰ্য্যৰে বিষয়টো সমাধান কৰিব।

একেলগে কাম কৰিব

শাহুসকলে অনুভৱ কৰে যে ঘৰলৈ বোৱাৰী আহিলে তেওঁৰ ঘৰখন বোৱাৰীয়ে দখল কৰিব। কিন্তু এই সকলোবোৰ কথা চিন্তা কৰাৰ সলনি এগৰাকী শাহুৱেকে ঘৰখনৰ দায়িত্ব বোৱাৰী এগৰাকীক আনন্দ মনৰেহে দিয়া উচিত।অথবা ঘৰৰ কাম-কাজ বোৰ দুয়ো মিলি একেলগে কৰা উচিত। কিয়নো, শাহু-বোৱাৰী দুয়ো একেটা পৰিয়ালৰে অংশ আৰু দুয়োৰে পৰিয়ালটোক সুখ-শান্তিত ৰখাৰো দায়িত্ব আছে ।

সিদ্ধান্তক সন্মান কৰিব

প্ৰতিটো বিষয়তে সকলোৰে নিজা মতামত আছে।সেয়েহে পাকঘৰত কি বনোৱাৰ পৰা ধৰি ঘৰখনৰ সকলো কামতে শাহু অথবা বোৱাৰীয়ে লোৱা সিন্ধান্ত দুয়োয়ে সন্মান কৰা উচিত।বয়সত ডাঙৰ তথা অভিজ্ঞতা সম্পন্ন হ’লেও শাহু এগৰাকীৰ সকলো সিন্ধান্ত সঠিক নহ’বও পাৰে।সেয়েহে, দুয়োগৰাকীয়ে আলোচনা কৰি পৰিয়ালৰ আন সদস্যৰো মতামত লৈ সিদ্ধান্ত সমূহ গ্ৰহণ কৰিব লাগে।

কোনেও কেতিয়াও ভাঙিব নোৱাৰিব সম্পৰ্কৰ এই বান্ধোন
সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক সুস্থ নে ? যদি নহয়, এই উপায়সমূহ অৱলম্বন কৰক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in