/asomiyapratidin/media/media_files/2025/06/27/1-2025-06-27-12-59-49.png)
ডিজিটেল ডেস্ক: আমাৰ সকলোৰে ঘৰতে চাবোনৰ টুকুৰা থাকে। শেষ হোৱাৰ আগে আগে ব্যৱহাৰ কৰাৰ সময়তে চাবোনটো ভাঙি যায়। ইয়াৰ পাছত আমি পাৰিলে সেই ভঙা চাবোনেই গা ধোওঁ অথবা পেলাই দিওঁ। কিন্তু, অলাগতীয়াল বুলি গণ্য কৰা চাবোনৰ টুকুৰাবোৰ ব্যৱহাৰ কৰি আপুনি আপোনাৰ ঘৰখন সুগন্ধিময়, সতেজতাৰে ভৰাই তুলিব পাৰে। হয়, চাবোনৰ টুকুৰাবোৰ কিদৰে, কি কি কামত ব্যৱহাৰ কৰিব পাৰি, জানো আহক-
সুগন্ধিময় হ'ব আলমাৰী, ড্ৰয়াৰ
চাবোনৰ টুকুৰাবোৰ পাতল কাপোৰ এখনৰে বান্ধি আলমাৰী, ড্ৰয়াৰ বা কাপোৰৰ মাজত থ'ব। ইয়াৰ ফলত আৰ্দ্ৰতা বা অত্যধিক গৰমৰ বাবে কাপোৰৰ পৰা ওলোৱা গোন্ধ ৰোধ কৰিব পাৰি। সেয়েহে, এতিয়াৰ পৰা চাবোনৰ টুকুৰা একেবাৰে পেলাই নিদিব।
দূৰ হ'ব জোতাৰ গোন্ধ
গ্ৰীষ্মকালত জোতাৰ ভিতৰৰ পৰা প্ৰচণ্ড গোন্ধ ওলায়। কেতিয়াবা এনেকুৱাও হয় যে এদিন আগতে ধুই চাফা কৰা জোতাযোৰৰো মাহৰ পিছত মাহ ধৰি চাফা নকৰাৰ দৰে গোন্ধ ওলায়। যদি আপোনাৰ জোতাৰো এনে গোন্ধ ওলায়, তেন্তে জোতাৰ ভিতৰত চাবোনৰ সৰু টুকুৰা এটা ৰাতিটো ৰাখিব। এই চাবোনৰ টুকুৰাটোয়ে আৰ্দ্ৰতা আৰু দুৰ্গন্ধ দুয়োটা শোষণ কৰিব, যাৰ বাবে জোতাযোৰ ৰাতিপুৱা সতেজ আৰু সুগন্ধিময় হৈ থাকিব।
সতেজ হৈ ৰ'ব বাথৰুম
যদি গোটেই দিনটো চাফা কৰাৰ পিছতো আপোনাৰ বাথৰুমৰ গোন্ধ ওলায়, তেন্তে আপোনাৰ এই সমস্যাৰ সমাধান দিব পাৰে চাবোনৰ টুকুৰাই।। ইয়াৰ বাবে চাবোনৰ টুকুৰাখিনি সৰু বাতি বা জালৰ বেগ এটাত থৈ বাথৰুমৰ এটা চুকত ৰাখিব। ক’ম’ডৰ পিছফালে বা চিঙ্কৰ ওচৰতো ৰাখিব পাৰে। পানীৰ সংস্পৰ্শলৈ অহাৰ লগে লগে চাবোনৰ সুগন্ধিয়ে গোন্ধ আঁতৰোৱাত সহায় কৰিব।
কেনেকৈ তৈয়াৰ কৰিব সুগন্ধি স্প্ৰে
প্ৰথমে চাবোনৰ টুকুৰাবোৰ সৰু সৰুকৈ কুটি ল'ব। এটা পাত্ৰত ২ কাপ গৰম পানী লৈ তাত কুটি লোৱা চাবোনখিনি দি কম জুইত অবিৰতভাৱে লৰাই থাকিব যেতিয়ালৈকে এইখিনি সম্পূৰ্ণৰূপে দ্ৰৱীভূত হৈ মসৃণ দ্ৰৱ গঠন নহয়। জুইৰ শিখা বন্ধ কৰি মিশ্ৰণটো সম্পূৰ্ণৰূপে ঠাণ্ডা হ’বলৈ দিব। ঠাণ্ডা হ’লে দ্ৰৱটো ফিল্টাৰ কৰি স্প্ৰে’ বটলত ভৰাই তাত কেইটোপালমান আৱশ্যকীয় তেল দিব। আপোনাৰ সুগন্ধি স্প্ৰে’ সাজু।
চক হিচাপে ব্যৱহাৰ
চিলাইৰ সময়ত যেতিয়া কাপোৰ কাটিবলগীয়া হয়, তেতিয়া চিন দিবলৈ চক লাগে। এই কামতো আপুনি চাবোনৰ টুকুৰা ব্যৱহাৰ কৰিব পাৰে।